ETV Bharat / state

হত্যা নে আত্মহত্যা ? কলেজীয়া ছাত্ৰীৰ মৃত্যুৱে সৃষ্টি কৰিছে ৰহস্যৰ - Mysterious death of college student - MYSTERIOUS DEATH OF COLLEGE STUDENT

Mysterious death of college student : ফিল’বাৰীৰ তৰাণীৰ এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ এগৰাকী আৰক্ষী জোৱানৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰ দাখিল ৷ প্ৰেমৰ সম্পৰ্কত ফাঁট মেলাৰ বাবেই যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ ।

Mysterious death of college student at Kakopathar in Tinsukia
কলেজীয়া ছাত্ৰীৰ ৰহস্যজনক মৃত্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 7:32 AM IST

তিনিচুকীয়া, ৯ জুন: তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ফিল’বাৰীৰ তৰাণীৰ এগৰাকী কলেজীয়া মেধাবী ছাত্ৰী মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, ৫ জুনত পুৱাই মেধাবী ছাত্ৰীগৰাকী গৈছিল ৰূপাইত থকা নিজৰ ভাৰাঘৰলৈ । ভাৰাঘৰলৈ যোৱা ছাত্ৰীগৰাকী চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি আছে বুলি পৰিয়ালক লোকক খবৰ দিয়ে এজন যুৱকে ।

কলেজীয়া ছাত্ৰীৰ ৰহস্যজনক মৃত্যু (ETV Bharat Assam)

খবৰ লাভ কৰাৰ লগে লগে পৰিয়ালৰ লোকে ততাতৈয়াকৈ ৰূপাইত থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় উপস্থিত হৈ দেখে ছাত্ৰীগৰাকীৰ সংকটজনক । ছাত্ৰীগৰাকীক কাকপথাৰ গন্ধৈগুৰী সংৰক্ষিত বনাঞ্চলৰ কাষতে অচেতন অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে ৷ এই বুলি খবৰ দিয়া যুৱকজনৰ পৰা পৰিয়ালৰ লোক জানিব পাৰে ।

ইফালে ছাত্ৰীগৰাকীয়ে কীটনাশক দ্ৰব্য সেৱন কৰাৰ ফলতে তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে বুলিলে চিকিৎসকে অৱগত কৰে । জানিব পৰা মতে, বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হৈছিল এই ঘটনা আৰু নিশা ৰূপাইৰ পৰা উন্নত চিকিৎসাৰ বাবে পৰিয়ালে ডিব্ৰুগড় অভিমুখে নি থকাৰ সময়তে ছাত্ৰীগৰাকীৰ মৃত্যু হয় ।

এতিয়া প্ৰশ্ন হয় ৰূপাইৰ ভাৰাঘৰলৈ বুলি যোৱা ছাত্ৰীগৰাকী কি কাৰণত পালেগৈ কাকপথাৰৰ গন্ধৈগুৰি ? ছাত্ৰীগৰাকীয়ে আত্মহত্যা নে কৰিলে কোনো লোকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিলে ? - বহু প্ৰশ্নৰে উদয় হৈছে পৰিয়ালৰ লোকৰ মনত ৷

যিহেতু বিগত দুটা বছৰ ধৰি কাকপথাৰ বৰালিৰ অসম আৰক্ষী কনিষ্টবল লক্ষী মহন্ত নামৰ যুৱকজনৰ লগত আছিল প্ৰেমৰ সম্পৰ্ক । প্ৰেমৰ সম্পৰ্কৰ ফাঁট মেলাৰ বাবেই প্ৰাণ হেৰুৱালে নেকি মেধাৱী ছাত্ৰীগৰাকীয়ে ? কাৰোবাৰ প্ৰৰোচনা নতুবা প্ৰতাৰণাৰ চিকাৰ হ'ল নেকি ছাত্ৰীগৰাকী ? নে কোনোৱে কৌশলেৰে কৰি ছাত্ৰীগৰাকীক উক্ত স্থানলৈ মাতি নি ৰচনা কৰিছিল হত্যাৰ পৰিকল্পনা ?

প্ৰশ্ন হয় যুৱতীগৰাকীৰ আবেগ আৰু স্বাভিমানৰ লগতে কোনোৱে খেলিলে নেকি হেতালি ? নে কোনো ব্লেকমেইলাৰৰ ফান্দত পৰিল গাঁৱৰ সহজ-সৰল ছোৱালীজনী ? পৰিয়ালৰ লোকে ইতিমধ্যেই কাকপথাৰ আৰক্ষী থানাত আৰক্ষী কনিষ্টবল লক্ষী মহন্তৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ।

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত লক্ষী মহন্ত পলাতক অৱস্থাত আছে আৰু মেধাৱী ছাত্ৰীগৰাকীয়ে ব্যৱহাৰ কৰো স্কুটিখনো ক’ত আছে বৰ্তমানলৈকে পৰিয়ালৰ লোকে জানিব পৰা নাই । সমগ্ৰ ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি আৰক্ষীক দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: পত্নীক হত্যা কৰি পুতি থ’লে গাঁতত : মৃতদেহ উদ্ধাৰ ১৩ দিনৰ পিচত

লাহোৱালৰ চেঁচা নৈত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Deadbody Recovered

মহিলাৰ মৃতদেহ উদ্ধাৰ; বাঘজানত ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ - Mysterious Death Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.