ETV Bharat / state

টুলুঙা নাৱত উঠি বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন সাংসদ ফণীভূষণ চৌধুৰীৰ - Assam Flood 2024

Phani Bhusan Choudhury in Nalbari: ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতে উটুবাই নিয়াৰ উপক্ৰম হৈছে নলবাৰীৰ মুকালমুৱাৰ গোৰক্ষাট্টাৰী ৷ মন্ত্ৰী পীযুষ হাজৰীকাৰ পাচত এইবাৰ উক্ত অঞ্চল পৰিদৰ্শন কৰে নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 1:26 PM IST

MP Phani Bhusan Choudhury Visits flood affected areas of Nalbari
টুলুঙা নাৱত উঠি গোৰক্ষাট্টাৰীৰ বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন সাংসদ ফণীভূষণ চৌধুৰীৰ (ETV Bharat Assam)

নলবাৰী, 8 জুলাই : বন্যাৰ্তৰ কাষত সাংসদ ফণীভূষণ চৌধুৰী ৷ দেওবাৰে দিনৰ ভাগত নলবাৰীৰ মুকালমুৱাৰ গোৰক্ষাট্টাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে সাংসদ চৌধুৰীয়ে । লগতে সাংসদগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ অভাৱ-অভিযোগ আদিৰো বুজ লয় ৷

টুলুঙা নাৱত বান-গৰাখহনীয়া পৰিদৰ্শন সাংসদ ফণীভূষণ চৌধুৰীৰ (ETV Bharat Assam)

ইতিমধ্যে সকলোৰে জ্ঞাত যে, বিগত এমাহৰ পৰা নলবাৰী জিলাৰ গোৰক্ষাট্টাৰীত ব্ৰহ্মপুত্ৰ নৈৰ প্ৰবল খহনীয়াই গোৰক্ষাট্টাৰীৰ মথাউৰিটোলৈ ভাবুকি কঢ়িয়াই আনিছে । ফলত ভয়ত বিতত হৈ কেইদিনমান পূৰ্বে স্থানীয় ৰাইজে গছ বগৰাই খহনীয়া ৰোধৰ চেষ্টা চলাইছিল ৷ যি বাতৰি সংবাদ মাধ্যমতো সম্প্ৰচাৰ হৈছিল ।

লগতে পঢ়ক : অসমৰ দৰে ৰাজ্যৰ বান সমস্যা সমাধানৰ ক্ষমতা নাই: ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - ASSAM FLOOD 2024

বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে 8 জুন তাৰিখে নলবাৰীত অনুষ্ঠিত কেবিনেট মিটিঙৰ অন্তত উক্ত অঞ্চল পৰিদৰ্শন কৰিছিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই । লগতে মন্ত্ৰীগৰাকীয়ে উক্ত খহনীয়া ৰোধৰ বাবে স্থানীয় ৰাইজক অতি সোনকালে ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰিছিল ।

মন্ত্ৰী পীযুষ হাজৰীকাৰ পাচত পুনৰ দেওবাৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে উক্ত অঞ্চলৰ বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে । লগতে সাংসদগৰাকীয়ে যন্ত্ৰচালিত নাৱেৰে ভৰা ব্ৰহ্মপুত্ৰৰ মাজেৰে গৈ নদিয়া চৰত উপস্থিত হৈ বান পৰিস্থিতি সন্দৰ্ভত বুজ লয় । আনকি নদিয়া চৰৰ বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে সাংসদ চৌধুৰীয়ে ।

লগতে পঢ়ক : চৰকাৰক মথাউৰি মেৰামতি-নিৰ্মাণৰ হিচাপ বিচাৰিলে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলত গোৰাক্ষাট্টাৰীত মথাউৰিত কিছু পৰিমাণে খহনীয়াৰ সৃষ্টি হৈছিল । ফলত গৰাখহনীয়াৰ ফলত উক্ত অঞ্চলৰ লোকসকলৰ যথেষ্ট ক্ষতি হোৱাৰ লগতে বহু সমস্যাৰো সন্মুখীন হ’ব লগাত পৰিছে । সেয়ে সাংসদ হিচাপে গৰাখহনীয়া ৰোধ কৰিবলৈ যিখিনি সম্ভৱ সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি আশ্বাস দিয়ে সাংসদ চৌধুৰীয়ে ।

লগতে পঢ়ক : লাহৰীঘাটৰ চৰত আৱদ্ধ বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ ল’লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.