ETV Bharat / state

লোকসভাৰ বিৰোধী উপ-দলপতিৰ দায়িত্ব সাংসদ গৌৰৱ গগৈক - MP Gaurav Gogoi

author img

By PTI

Published : Jul 14, 2024, 4:56 PM IST

Congress deputy leader in Lok Sabha : লোকসভাৰ বিৰোধী উপ-দলপতিৰ দায়িত্ব অৰ্পণ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক ৷ কংগ্রেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে গগৈক দলৰ উপ-দলপতি হিচাপে নিযুক্তি দিয়ে । 2014 চনৰ মাৰ্চ মাহৰ পৰাই কলিয়াবৰ সমষ্টিৰ সাংসদ নিৰ্বাচিত হৈ আহিছে গৌৰৱ গগৈ ৷

MP Gaurav Gogoi
লোকসভাৰ বিৰোধী উপ-দলপতিৰ দায়িত্ব সাংসদ গৌৰৱ গগৈক (ETV Bharat)

গুৱাহাটী, 14 জুলাই: যোৰহাটৰ সাংসদ গৌৰৱ গগৈক পুনৰবাৰ লোকসভাৰ বিৰোধী উপ-দলপতিৰ দায়িত্ব দিয়া হৈছে । কংগ্রেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে সাংসদ গৌৰৱ গগৈক দলৰ উপ-দলপতি হিচাপে নিযুক্তি দিয়ে । সামাজিক মাধ্যমযোগে আজি এই কথা সদৰী কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ।

ইফালে, গৌৰৱ গগৈক উপ দলপতি হিচাপে নিযুক্তি দিয়াৰ কথা পত্রযোগে লোকসভাৰ অধ্যক্ষক জনালে ছোনিয়া গান্ধীয়ে । উল্লেখ্য যে, 2020 বৰ্ষৰ আগষ্ট মাহত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰাক মুহূৰ্তত সেইসময়ৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক লোকসভাত কংগ্ৰেছ দলৰ উপ দলপতি হিচাপে নিযুক্তি দিয়া হৈছিল । এইবাৰ পুনৰ যোৰহাটৰ পৰা জয়ী হৈ অহা সাংসদ গৌৰৱ গগৈক বিৰোধী উপ দলপতি হিচাপে নিযুক্তি দিয়া হয় ।

লক্ষণীয় বিষয় যে, সাংসদ গৌৰৱ গগৈৰ লোকসভাৰ ভিতৰত প্ৰদৰ্শন তথা ভূমিকা যথেষ্ট শক্তিশালী । 2014 ৰ লোকসভা নিৰ্বাচনত কলিয়াবৰৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ যোৱাৰ পাছতে লোকসভাত গৌৰৱ গগৈ হৈ পৰিছিল কংগ্ৰেছৰ অন্যতম সক্ৰিয় আৰু বাকপটু সাংসদ । ইংৰাজী আৰু হিন্দী ভাষাত সাৱলীল ভাষণ দিয়া গৌৰৱ যথেষ্ট অধ্যয়নশীল । বিষয় এটাক তুলি ধৰাৰ আগত তেওঁ বিষয়টোৰ সন্দৰ্ভত যথেষ্ট অধ্যয়ন কৰে । গৌৰৱ গগৈৰ এনে বাকপটুতা আৰু দায়বদ্ধতাৰ বাবেই 2019 চনত দ্বিতীয়বাৰৰ বাবে কলিয়াবৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পিছত তেওঁক লোকসভাত বহু জ্যেষ্ঠ নেতাৰ উপস্থিতিৰ পাছতো কংগ্ৰেছৰ উপ দলপতি হিচাপে দায়িত্ব দিয়া হৈছিল ।

দলে দিয়া দায়িত্ব গৌৰৱে গগৈয়ে নিষ্ঠাৰে পালন কৰা পৰিলক্ষিত হৈছিল । সংসদত গৌৰৱ গগৈৰ ভূমিকাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । উল্লেখ্য যে, বিগত সময়ত জ্যেষ্ঠ নেতা তথা সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সংসদীয় নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ উপস্থিতিৰ পাছতো মণিপুৰ প্ৰসংগত কংগ্ৰেছে লোকসভাত চৰকাৰৰ বিৰুদ্ধে আনাস্থা প্ৰস্তাৱৰ দায়িত্ব অৰ্পণ কৰিছিল গৌৰৱ গগৈক । গৌৰৱ গগৈয়ে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, আধ্যাত্মিক আদি সকলো দিশ সামৰি উত্থাপন কৰা সেই আনাস্থা প্ৰস্তাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । বিভিন্ন বিষয়ত যুক্তিসংগত বিতৰ্কৰে সংসদত বিৰোধী নেতা হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে গৌৰৱ গগৈয়ে । আনকি গৌৰৱ গগৈৰ বাবে সংসদত বহুবাৰ শলঠেকত পৰা পৰিলক্ষিত হৈছে শাসকীয় বিজেপি দল ।

উল্লেখ্য যে, গৌৰৱ গগৈয়ে 2014 চনৰ মাৰ্চত কংগ্ৰেছ দলৰ পৰা কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয় । ইয়াৰ পাছত পুনৰবাৰ 2019 চনত একে সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হয় আৰু 2024 চনলৈকে কাৰ্যনিৰ্বাহ কৰে । শেহতীয়াকৈ 2024 চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত গগৈয়ে যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিৰ তদানীন্তন সাংসদ তপন গগৈক পৰাস্ত কৰে ।

লগতে পঢ়ক: সংসদত প্ৰতিজন সাংসদে শালীনতা আৰু পাৰস্পৰিক সন্মান বজাই ৰখাটো প্ৰয়োজন: গৌৰৱ গগৈ - Politics of Parliament

ৰাইজৰ দুৰ্দশাৰ প্ৰতি চৰকাৰে অকণমানো গুৰুত্ব দিয়া দেখা নাই গৌৰৱ গগৈয়ে - Assam flood 2024

দেশৰ নিৰ্বাচনত ই ভি এমত কিমান ত্ৰুটি পোৱা গ’ল ? নিৰ্বাচন আয়োগক তথ্য বিচাৰিছে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi on EVM Errors

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.