ETV Bharat / state

প্ৰধানমন্ত্ৰীয়ে য'তেই হাত দিছে তাতেই অথন্তৰ হৈছে : গৌৰৱ গগৈ - MP Gaurav Gogoi - MP GAURAV GOGOI

Gaurav Gogoi felicitation programme : যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান । এই অনুষ্ঠানত সাংসদ গৌৰৱ গগৈয়ে চৰকাৰক কৰিলে তীব্ৰ সমালোচনা । তেওঁ যোৰহাটৰ পৰাই বাৰ্তা লৈ ৰাইজৰ ওচৰলৈ যাব বুলি কয় ।

Gaurav Gogoi felicitation programme
সাংসদ গৌৰৱ গগৈ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:21 PM IST

যোৰহাট, ২৯ জুন: বৰ্তমানৰ চৰকাৰখন হেনো ঠিকাদাৰৰ ইচ্ছা মতে চলিছে । তাকো লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ মতে চৰকাৰ চলিছে । এইদৰে মন্তব্য় কৰিছে সাংসদ গৌৰৱ গগৈয়ে । শনিবাৰে যোৰহাটত চৰকাৰক তীব্ৰ সমালোচনা কৰি সাংসদ গৌৰৱ গগৈয়ে কয়," এইখন চৰকাৰ ৰাইজৰ মতে নহয়, লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ মতে চলা চৰকাৰ ।" যোৰহাট জিলা কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত সাংসদগৰাকীয়ে এইদৰে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

সাংসদ গৌৰৱ গগৈ (ETV BHARAT ASSAM)

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক আজি জিলাখনৰ শতাধিক দল-সংগঠন তথা ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে । সম্বৰ্ধনা গ্ৰহণ কৰি তেওঁ কয়," মই ৰাইজৰ দিহা-পৰামৰ্শৰে যোৰহাট তথা অসমত আগবাঢ়ি যাম । অসম এজন মানুহৰ নহয়, এয়া সকলো ৰাইজৰ অসম ।" তেওঁ যোৰহাটৰ পৰা বাৰ্তা লৈ ৰাইজৰ লগত অসম গঢ়িব বুলি মন্তব্য় কৰে । তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰি কয়," অসমতেই নহয়, প্ৰধানমন্ত্ৰীয়ে য'তেই হাত দিছে তাতেই অথন্তৰ হৈছে । ৰামমন্দিৰৰ চাদৰ পৰা পানী পৰিছে ,নতুন সাংসদ ভৱনতো পানী পৰে । সেয়েহে দেশত তথা অসমতো বিজেপি তৰ্কবিহীন আৰু অযুক্তিকৰ কথা ক'বলৈ আৰম্ভ কৰিছে ।"

লগতে পঢ়ক:পিতৃ-মাতৃৰ পিচত গান্ধী-নেহৰু পৰিয়ালৰ তৃতীয়গৰাকী বিৰোধী দলপতিৰ আসনত ৰাহুল গান্ধী - LOK SABHA LEADER OF OPPOSITION

মহাত্মা গান্ধীৰ উক্তিৰে তেওঁ কয় সবকো সুমতি দে ভগৱান । সেয়েহে বিজেপি দললৈ ভগবান পৰা আশীৰ্বাদ বিচাৰিলে গৌৰৱ গগৈয়ে । যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলংলৈকে ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ উৰণীয়া সেঁতু নিৰ্মাণত স্বাৰ্থ জড়িত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয়," ঠিকাদাৰক উন্নতি কৰা আৰু এইখন চৰকাৰ ৰাইজৰ মতে নহয় ,লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ মতে চলা চৰকাৰ ।" ভাষণ প্ৰসংগত আগতে যোৰহাট কংগ্ৰেছৰ অনুষ্ঠানত বিসংগতি থাকে বুলি মন্তব্য় কৰি আজিৰ অনুষ্ঠানটো বাবে আয়োজক সকলক প্ৰশংসাৰে উপচাই দিয়ে ।

লগতে পঢ়ক:লোসসভা নিৰ্বাচনত 400 পাৰ নোহোৱাত কামাখ্যাত সাধু-সন্তৰ ওপৰত প্ৰতিশোধ লৈছে বিজেপিয়ে: ভূপেন বৰা - Bhupen Borah slams BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.