ETV Bharat / state

কংগ্ৰেছৰ ভৱিষ্যৎ এতিয়া খিলঞ্জীয়াৰ হাতত নাই : দিলীপ শইকীয়া - MP Dilip Saikia

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 10:51 PM IST

বাসুগাঁওত বিজেপিৰ সদস্য ভৰ্তি অভিযানত কংগ্ৰেছক সমালোচনা সাংসদ দিলীপ শইকীয়াৰ । বি টি চি পৰিষদীয় নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভতো কৰিলে মন্তব্য় ।

MP Dilip Saikia in Chirang
সাংসদ দিলীপ শইকীয়া (ETV Bharat Assam)

চিৰাং, ১৪ ছেপ্টেম্বৰ: "কংগ্ৰেছ দলে এতিয়া কেৱল সাম্প্ৰদায়িক আৰু মেৰু-বিভাজন আৰু ধৰ্মীয় আৱেগ সৃষ্টি কৰি এক ৰাজনৈতিক লাভ আদায় কৰাৰ চেষ্টা কৰিছে । ইয়াত কেৱল ধৰ্মীয় সংখ্যালঘু বিধায়ক বা সাংসদসকলেই নহয়, কংগ্ৰেছ কৰি থকা সকলোৰে সমৰ্থন আছে ।" এই মন্তব্য় সাংসদ দিলীপ শইকীয়াৰ । শনিবাৰে চিৰাং জিলাৰ বাসুগাঁৱত বিজেপিৰ সদস্যভৰ্তি অভিযানত অংশগ্ৰহণ কৰি এইদৰে তেওঁ মন্তব্য় আগবঢ়ায় ।

সাংসদ দিলীপ শইকীয়া (ETV Bharat Assam)
  • কংগ্ৰেছে সদায় ভোট বেংকৰ ৰাজনীতি কৰে

সাংসদগৰাকীয়ে পুনৰ কয়," কংগ্ৰেছে সদায় ভোট বেংকৰ ৰাজনীতি কৰে । ধুবুৰীত ৰকিবুলৰ বিজয়ে ইয়াকে সূচাইছে ।" অসমত খিলঞ্জীয়াৰ ওপৰত কোনো আগ্ৰাসন বা অত্যাচাৰ হ'লে তাৰ বাবে কংগ্ৰেছ দলেই জগৰীয়া হ'ব বুলি মন্তব্য় কৰি সাংসদগৰাকীয়ে কয়," কংগ্ৰেছৰ ভৱিষ্যৎ এতিয়া খিলঞ্জীয়াৰ হাতত নাই । ইয়াৰ পৰা গৌৰৱ গগৈ বা দেৱব্ৰত শইকীয়াও বাহিৰত নহয় । এই দুয়োগৰাকী কংগ্ৰেছ নেতা যিহেতু আহোম সম্প্ৰদায়ৰ, তেনেক্ষেত্ৰত তেওঁলোকে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ হকে কাম কৰা বিজেপি দলক সমৰ্থন কৰিব লাগিছিল । কিন্তু তেওঁলোকে এইটো নকৰে আৰু তেওঁলোকৰ পৰা এইটো আশা কৰাটোও ভুল । কাৰণ তেওঁলোকে নিৰ্দিষ্ট এটা সম্প্ৰদায়ক সন্তুষ্ট কৰাৰ কাৰণে তুষ্টিকৰণৰ ৰাজনীতি স্বাধীনতাৰ পিছৰে পৰাই আজিও অব্যাহতি ৰাখিছে । " সোণাপুৰ উচ্ছেদক লৈ কংগ্ৰেছৰ স্থিতিকো সমালোচনা কৰে সাংসদগৰাকীয়ে ।

  • চিৰাঙত এক লাখ সদস্যভৰ্তিৰ লক্ষ্য়

আজি চিৰাঙৰ বাসুগাঁও পৌৰসভাৰ কাৰ্যালয়ত বিজেপি দলৰ সদস্য ভৰ্তি অভিযান তথা বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে কয়," বিজেপি দলত ২৪ বৰ্ষৰ সদস্যভৰ্তি অভিযান আৰম্ভ হৈছে । আজিলৈ দুই কোটিতকৈ অধিক লোকে সদস্য পদ লৈছে । প্ৰতিদিনে সমগ্ৰ দেশত প্ৰায় ২৫ লাখ লোকে সদস্য পদ লৈ আছে । প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এইক্ষেত্ৰত আমি সফল হৈছো । অসমত ইতিমধ্যে ২০ লক্ষাধিক লোকে সদস্য পদ লৈছে । প্ৰতিদিনে দুই লক্ষাধিক লোকে সদস্য পদ লৈ আছে । " তেওঁ কয়, "চিৰাং জিলাত ইতিমধ্য ২০ হেজাৰ লোকে সদস্য পদ লৈছে । আমি চিৰাং জিলাত এক লাখ সদস্য ভৰ্তিৰ টাৰ্গেট লৈছো ।"

  • বিটিচি পৰিষদীয় নিৰ্বাচনত কোনো মিত্ৰতা নাথাকে

বি টি চিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱা সন্দৰ্ভত মন্তব্য আগবঢ়াই সাংসদ দিলীপ শইকীয়াই কয়," যোৱাবাৰৰ বি টি চি পৰিষদীয় নিৰ্বাচনত কোনো মিত্ৰতা নাছিল, এইবাৰো মিত্ৰতা নাথাকে । বি টি চি বিগত দিনত অশান্ত আছিল, সেয়া শান্তিপূৰ্ণ কৰাৰ দায়িত্ব লৈ আমি পৃথকে পৃথকে নিৰ্বাচন খেলি পিছত মিত্ৰতাৰ ৰূপ দিছিলো । সেয়া এইবাৰো হোৱাৰ সম্ভাৱনা আছে ।"

তেওঁ লগতে কয়, "এতিয়াও এবছৰ আছে । মিত্ৰতাৰ বিষয়টো আলোচনাৰ বাবে বহু সময় আছে । আমি ইউ পি পি এল-বি পি এফৰে সংঘাত কৰি আগবঢ়া নাই । শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক পদ্ধতিত সদস্যভৰ্তিৰে আগবাঢ়িছো ।" আজিৰ এই অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বি টি আৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'সহ কেবাশ বিজেপি নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:কংগ্ৰেছে জনতাৰ ওচৰত ক্ষমা খুজিব লাগে: ভৱেশ কলিতা - Bhabesh Kalita Criticizes Congress

অহা ৬-৭ মাহত কি গৰম খবৰ দিব ৰাণা গোস্বামীয়ে ! - BJP membership campaign 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.