ETV Bharat / state

সুৰাৰ প্ৰসংগত চৰকাৰলৈ কি আহ্বান জনালে সাংসদ বদৰুদ্দিন আজমলে - MP Badruddin Ajmal on LIQUOR SALE - MP BADRUDDIN AJMAL ON LIQUOR SALE

MP Badruddin Ajmal:সুৰা বিক্ৰী বৃদ্ধি কৰিবলৈ চৰকাৰৰ নিৰ্দেশত হতবাক সাংসদ বদৰুদ্দিন আজমল । চৰকাৰে এই সিদ্ধান্ত প্ৰত্য়াহাৰ নকৰিলে সমাজত কেনে প্ৰভাৱ পৰিব পাৰে সেই বিষয়ে ব্য়াখ্য়া কৰিলে আজমলে ।

MP Badruddin Ajmal
সাংসদ বদৰুদ্দিন আজমল (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:54 PM IST

সাংসদ বদৰুদ্দিন আজমল (ETV BHARAT ASSAM)

গুৱাহাটী,১৯ মে' : সুৰামুক্ত সমাজ গঢ়াৰ বাবে সচেতন ৰাইজে বিভিন্ন সময়ত চৰকাৰক আহ্বান জনাই আহিলেও চৰকাৰে ৰাজহ সংগ্ৰহ বৃদ্ধিৰ বাবে এই বিষয়কলৈ গুৰুত্ব প্ৰদান কৰা নাই । শেহতীয়াভাৱে ৰাজ্য় চৰকাৰে চহৰে-নগৰে, গাঁৱে-ভূঞে সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি কৰি, সুৰাৰ দাম বঢ়াই ৰাজহ বৃদ্ধিৰ চেষ্টা চলোৱাতেই ক্ষান্ত নাথাকি সুৰা বিপনীক ইয়াৰ বিক্ৰী বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়াৰ পিচতেই ৰাজ্য়জুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । এইবাৰ চৰকাৰৰ এই সুৰা বৃদ্ধিৰ কৌশলৰ বিৰোধিতা কৰিলে এআইইউডিএফৰ মুৰব্বী তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে । ৰাজহৰ বাবে সুৰাৰ বিক্ৰী বৃদ্ধি কৰাৰ বিপৰীতে বিকল্প ব্যৱস্থা কৰাৰ বাবে চৰকাৰৰ প্ৰতি দাবী জনাই ধুবুৰী সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে কয়," সুৰাৰ প্ৰচলন বৃদ্ধি হ'লে গৃহ হিংসা বৃদ্ধি পাব। "

সুৰাই নৱপ্ৰজন্মক ধ্বংস কৰিব বুলি উল্লেখ কৰি সাংসদ বদৰুদ্দিন আজমলে চৰকাৰক ৰাজ্যৰ গ্ৰামাঞ্চলত সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ নিদিবলৈ আহ্বান জনায় । তেওঁ কয়, "মন্দিৰ, মছজিদ, বিদ্যালয় আদি থকা অঞ্চলত সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ দিলে সমাজৰ ক্ষতি হোৱাৰ লগতে বহু পৰিয়ালৰ তথা যুৱপ্ৰজন্মৰ ক্ষতিসাধন হ'ব । "

আনহাতে, তেওঁৰ সমষ্টি ধুবুৰীৰ কৈমাৰী অঞ্চলত ৰাইজে সুৰাৰ বিৰুদ্ধে কৰা প্ৰতিবাদক সমৰ্থন জনাই তেওঁ এইক্ষেত্রত ৰাইজক সকলো ধৰণৰ সহায় সহযোগ কৰাৰ কথা সদৰী কৰে । সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ দিয়াটো বন্ধ কৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ সাজু আছে বুলি কয় । চৰকাৰে অসমত সুৰাৰ বিক্ৰী বন্ধ কৰিব লাগে বুলি দাবী জনাই তেওঁ চৰকাৰক ৰাজহ সংগ্ৰহৰ অন্য ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় । সুৰাৰ প্ৰচলন বৃদ্ধি হ'লে ঘৰুৱা হিংসা বৃদ্ধি পাব বুলি উল্লেখ কৰি তেওঁ কয় যে সমাজ ব্যৱস্থাত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব । সাংসদ বদৰুদ্দিন আজমলে চৰকাৰক গ্ৰাম্য অঞ্চলত সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ প্ৰদান নকৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:আজৱ কাণ্ড ! অসমত সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ ব্যৱসায়ীক দিছপুৰৰ নিৰ্দেশ - Liquor Sale In Assam

সুৰা বিক্ৰী কৰি অসমীয়া মানুহৰ ঘৰবোৰ পংগু কৰিব বিচাৰিছে ! প্ৰশ্ন ৰাইজৰ... - LIQUOR SALE IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.