ETV Bharat / state

অতুল বৰাই নহয় মুখ্যমন্ত্ৰী শৰ্মাইহে অগপৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে: অজিত কুমাৰ ভূঞা - Lok Sabha Elections - LOK SABHA ELECTIONS

ভুৱা প্ৰলোভন আৰু প্ৰচাৰত ভোল গৈ ক্ষমতালোভী আৰু অযোগ্য তপন কুমাৰ গগৈক ভোট নিদিবলৈ যোৰহাটবাসী ৰাইজক আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ । ইফালে দুখন ৰাজ্যৰ দুজনকৈ তদানীন্তন মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি সম্প্ৰতি ন্যায়পালিকা আৰু গণতন্ত্ৰৰ প্ৰতি তীব্ৰ ভাবুকি নামি আহিছে বুলি মন্তব্য সাংসদ ভূঞাৰ ৷

MP Ajit Kumar Bhuyan
সাংসদ অজিত কুমাৰ ভূঞা
author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 5:25 PM IST

সাংসদ অজিত কুমাৰ ভূঞা

যোৰহাট, ২৩ মাৰ্চ: শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি আৰু গৱেষণা কেন্দ্ৰত সোমবাৰে দেশৰ পটভূমিত হৈ থকা সমস্যাৰাজি আৰু নিৰ্বাচন সম্পৰ্কীয় বিষয়ে অসম নাগৰিক সমাজ আৰু বৃহত্তৰ যোৰহাট নাগৰিক সমাজৰ যৌথ উদ্যোগত এখন নাগৰিকৰ সভা অনুষ্ঠিত হৈ যায় । উক্ত নাগৰিক সভাত অংশগ্ৰহণ কৰি ৰাজ্যসভা সাংসদ অজিত কুমাৰ ভূঞাই কয় যে, সন্ত্ৰাসৰ প্ৰলোভনৰ মাজত পৰি দেশত এক অৰাজকতা পৰিবেশ সৃষ্টি হৈছে । ED, CBI আদি ভয়ত প্ৰতিবাদ কৰিবলৈ থমকি ৰৈছে যদিও নীৰৱে প্ৰতিবাদ হৈছে ।

তেওঁ কয়, নিৰ্বাচনী বণ্ড দেশৰ সৰ্বৃবহৎ কেলেংকাৰী হিচাপে পৰিচিত হৈ পৰাৰ লগতে শাসন থকা সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ লগতে আন এজন তদানীন্তন মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাটোৱে কি সূচাই সেয়া সকলোৰে জ্ঞাত ৷ ইয়াৰ লগতে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিয়ে যি কেলেংকাৰী কৰিছে তাৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ গ্ৰেপ্তাৰ হ'ব লাগিছিল কিন্তু আজিৰ তাৰিখত ন্যায়পালিকা আৰু গণতন্ত্ৰৰ প্ৰতি তীব্ৰ ভাবুকি নামি আহিছে ।

ভূঞাই লগতে কয়, দেশত এতিয়া এহাতে লাঠি আৰু এহাতে থালত পইচা লৈ বিশেষ মেচিনত সংশোধন হৈ বিজেপিত দলত একাংশ দুনীতিগ্ৰস্ত চামিল হৈছে ৷ ইয়াৰ ব্যতিক্ৰম নহয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও । তেওঁ সচেতন যোৰহাটবাসীক ভুৱা প্ৰলোভন আৰু প্ৰচাৰত ভোল নগৈ, সংসদত দেখুওৱা পাৰদৰ্শিতাৰ বাবে দেশত এজন দক্ষ সাংসদ হিচাপে চিৰপৰিচিত হৈ পৰা গৌৰৱ গগৈক বিপুল হাৰত ভোট দি জয়যুক্ত কৰিবলৈ যোৰহাট সমষ্টিবাসী ৰাইজক আহ্বান জনায় ৷

আনহাতে আজিৰ তাৰিখত অগপ জাতীয়তাবাদী দল হৈ থকা নাই বুলি উল্লেখ কৰি সাংসদ ভূঞাই হিমন্ত বিশ্ব শৰ্মাইহে অগপৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে বুলি মন্তব্য কৰে । তেওঁ লগতে অসম গণ পৰিষদ আৰু এআইইউডিএফ দল বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই পৰিচালনা কৰে আৰু দুয়োটা দল হিমন্ত বিশ্ব শৰ্মা পকেটত বুলি উল্লেখ কৰে ৷ নাগৰিক সভাত অসম নাগৰিক সমাজৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ লগতে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, বিশিষ্ট লেখক দ্বিপেন কাকতিসহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: অৰবিন্দ কেজৰিৱালক ৭ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ; কেন্দ্ৰক সমালোচনা বিৰোধীৰ - Kejriwal to 7 days ED custody

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.