ETV Bharat / state

বিশ্বভাৰতী বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ বুজাবুজি চুক্তি স্বাক্ষৰ - Srimanta Sankardev Chair

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 9:51 PM IST

MoU with Visva Bharati University : অসম চৰকাৰ আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি ৷ শ্ৰীমন্ত শংকৰদেৱৰ নামত বিশ্বভাৰতী বিশ্ববিদ্যালয়ত আসন প্ৰতিষ্ঠাৰ বাবে এই চুক্তি কৰা হয় ৷ গুৰুজনাৰ আদর্শ আৰু কর্মৰাজিক প্ৰসাৰ-প্ৰচাৰৰ লক্ষ্য ৰাজ্য চৰকাৰৰ ৷

MoU with Visva Bharati University
বিশ্বভাৰতী বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ বুজাবুজি চুক্তি স্বাক্ষৰ (X/@himantabiswa)

গুৱাহাটী, ২৯ আগষ্ট : অসমবাসীৰ বাবে সুখবৰ আৰু গৌৰৱৰ বতৰা যে আজি পশ্চিমবংগৰ বিখ্যাত বিশ্বভাৰতী বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত অসম চৰকাৰ আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ মাজত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ অৰবিন্দ মণ্ডলৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয় । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত বিশ্বভাৰতী বিশ্ববিদ্যালয়ত এখন আসন প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰ আৰু বিশ্ববিদ্যালয়ৰ মাজত আজি আনুষ্ঠানিক চুক্তি এখন সম্পাদিত হৈছে । বিশ্বভাৰতীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰে । বিশ্বভাৰতীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ যোগেদি মহাপুৰুষজনাৰ অৱদান আৰু সৃষ্টি বিশ্বজনিন হ’ব ।’’

ড৹ শৰ্মাই কয়, ‘‘ইতিমধ্যে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠা কৰা হৈছে । শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে আসন প্ৰতিষ্ঠা কৰা হৈছে । বিশ্বভাৰতী বিশ্ববিদ্যালয়ত আসন প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ সহযোগিতা অসম চৰকাৰে আগবঢ়াব । গুৰুজনাৰ আদর্শ আৰু কর্মৰাজিক প্ৰসাৰ আৰু প্ৰচাৰেৰে দেশ-বিদেশলৈ কঢ়িয়াই নিয়াটো আমাৰ চৰকাৰখনৰ দায়িত্ব । শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি-আদর্শৰ প্ৰসাৰৰ হেতু পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো । এই বুজাবুজিৰ চুক্তিখনৰ লক্ষ্য হৈছে বিশ্ববিদ্যালয়খনত সমকালীন ভাৰতীয় পৰিস্থিতিত মহাপুৰুষ শংকৰদেৱৰ ভক্তি আন্দোলনৰ বিশদ অধ্যয়ন আৰু গুৰুজনাৰ অতুলনীয় অৱদানক অসমৰ বাহিৰতো প্ৰচাৰ কৰাৰ বাবে গুৰুত্ব দিয়া ।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘দেশৰ পাঁচখন আগশাৰীৰ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছিল । আজিৰ এই চুক্তিৰ যোগেদি তিনিখন বিশ্ববিদ্যালয়ত মহাপুৰুষজনাৰ নামত আসন প্ৰতিষ্ঠা কৰা হ'ল । আগন্তুক সময়ত আৰু দুখন প্ৰসিদ্ধ বিশ্ববিদ্যালয়ত আসন প্ৰতিষ্ঠা কৰা হ’ব । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষা আৰু আদৰ্শক দেশৰ আন ৰাজ্যৰ মাজলৈ লৈ যোৱাৰ ই এক আমাৰ বিনম্ৰ প্ৰয়াস । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সমগ্ৰ মানৱজাতিৰ সম্পত্তি ।’’

অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ননীগোপাল মহন্ত, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ধনপতি ডেকা, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক : কাজিৰঙাত টাটাৰ পঞ্চতাৰকা হোটেল : প্ৰতিবাদৰ মাজতে দিছপুৰত বুজাবুজিৰ চুক্তি

তেজপুৰ বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত বাৰ্ণ ইউনিট স্থাপনৰ বাবে অ'এন জি চিৰে বুজাবুজি চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.