ETV Bharat / state

আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা: আত্মৰক্ষাৰ বাবে ডকাইত কেনাৰমক গুলীয়ালে আৰক্ষীয়ে - Dacoit injured in Police firing

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 9:51 PM IST

Boko Police firing: আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ হ’ল কুখ্যাত ডকাইত ৷ কেইবছৰমান পূৰ্বে ওদালগুৰিত আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰা কেনাৰাম বসুমতাৰীক এইবাৰ বকোত গুলীয়ালে আৰক্ষীয়ে ৷

Dacoit injured in Police firing
Boko Police firing (ETV Bharat Assam)

বকো, 23 জুন: দেওবাৰে পুৱা বকো আৰক্ষীৰ গুলীত আহত হয় এটা দুৰ্ধৰ্ষ ডকাইত । বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথে এই সন্দৰ্ভত এক সংবাদমেলযোগে জনাইছে যে বকোৰ লামপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী ওৰফে মোটোই বকো আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় । যাৰ ফলত কেনাৰাম বসুমতাৰী গুৰুতৰভাৱে আহত হয় ।

ডকাইত কেনাৰমক গুলীয়ালে আৰক্ষীয়ে (ETV Bharat Assam)

অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন আৰক্ষী থানাত কেনাৰাম বসুমতাৰীৰ বিৰুদ্ধে ডকাইতি তথা আন বহুতো অপৰাধজনিত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু হৈ থকাৰ কথা প্ৰকাশ কৰে বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথে ।

লগতে পঢ়ক: প্ৰেম, পলায়ন আৰু এনকাউন্টাৰ; যুৱতীক পলুৱাই নিয়া মান্নানক গুলীয়ালে আৰক্ষীয়ে - Police firing

উল্লেখযোগ্য যে, বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথে সংবাদমেলত প্ৰকাশ কৰে যে, এছ টি এফ আৰু কামৰূপ আৰক্ষীয়ে বকোৰ শিংৰাৰ পৰা যোৱা ২১ জুন শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰিছিল চাৰিটা দুধৰ্ষ ডকাইতক । শিংৰাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ লুকী শাখাৰ এটিএমত ডকাইতি কৰিবলৈ অহা ডকাইতৰ দলটোক কৰায়ত্ত কৰে আৰক্ষীয়ে ।

এছ টি এফৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে লাভ কৰা গোপন খবৰৰ ভিত্তিত তথা তেওঁৰ নেতৃত্বত এই অভিযান চলাইছিল আৰক্ষীয়ে । আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰিছিল কেনাৰাম বসুমতাৰী ওৰফে মোটু(ওদালগুৰি), মন্টু দাস (বকো), নিৰ্মল দাস আৰু ফজল হকক (হাজো)। চাৰিওজন পৰা আৰক্ষীয়ে জব্দ কৰিছিল এটা .৩২ পিষ্টল, ২ টা সজীৱ গুলী, গেছ কাটাৰ, গেছ ভৰ্তি চিলিণ্ডাৰ এটা, বিভিন্ন লোৰ সামগ্ৰী ।

লগতে পঢ়ক: প্ৰসংগ: লাওখোৱা অভয়াৰণ্যত গুলীচালনা; তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - CM ON laokhowa INCIDENT

ডকাইত কেইটাই ব্যৱহাৰ কৰা এখন বাহনো (এ এচ ০১ ঈ ডব্লিউ ৯০৯৬) জব্দ কৰিছিল আৰক্ষীয়ে । এই ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে । ধাৰা ৩৯৯ লগতে আৰ/ডব্লিউ, ধাৰা ২৫ (১-এ) অস্ত্ৰ আইনৰ অধীনত ২৭৯/২০২৪ নম্বৰত ৰুজু কৰা হৈছে গোচৰটো ।

আনহাতে, শনিবাৰে নিশা কেনাৰামৰ স্বীকাৰোক্তিৰ ভিত্তিত বকো আৰক্ষীয়ে অভিযান চলাইছিল গুৱাহাটী চহৰত । পুৱতি নিশা গুৱাহাটীৰ পৰা বকো অভিমুখে ঘূৰি আহি থকা অৱস্থাত বকোৰ লামপাৰাত পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় ডকাইতটোক । কেনাৰামৰ ভৰিত দুটা গুলী লাগিছে আৰু বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কেনাৰাম চিকিৎসাধীন হৈ থকা বুলি বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: সামাজিক মাধ্যমত যুৱকৰ ভাবুকি; বগৰীবাৰী থানাত উত্তপ্ত পৰিস্থিতি - Anti Muslim remarks

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.