ETV Bharat / state

কাছাৰত লাভ জেহাদৰ অভিযোগত যুৱকক প্ৰহাৰ কৰি বান্ধিলে খুটাত - Moral Policing Incident

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 3:00 PM IST

Moral policing in Cachar : আৰক্ষীয়ে মৰেল পুলিচৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও ৰাজ্য়ত এনেধৰণৰ ঘটনা সংঘটিত হৈয়ে আছে । তেনে এক ঘটনাই জোঁকাৰিছে কাছাৰক ।

Moral Policing in Cachar :
কাছাৰত মৰেল পুলিচিঙৰ ঘটনা (ETV Bharat Assam)

শিলচৰ, ১৬ আগষ্ট : স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যত সংঘটিত হয় মৰেল পুলিচিঙৰ এক ভয়ংকৰ ঘটনা । এইবাৰ স্থান কাছাৰ । কাছাৰ জিলাৰ সোনাই নৰসিংপুৰত লাভ জেহাদৰ অভিযোগ উত্থাপন কৰি খুটাত বান্ধি এজন যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে মৰেল পুলিচে । কেৱল যুৱককেই নহয়, এগৰাকী যুৱতীকো মৰেল পুলিচে ৰাজপথত চলালে আক্ৰমণ । এই ঘটনাটো সামাজিক মাধ্য়মত ভাইৰেল হোৱাৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

ঘটনাটো কেনেকৈ সংঘটিত হ'ল ?

জিলাখনৰ সোনাই কাজিডহৰ আলী আহমেদ চৌধুৰী নামৰ যুৱকজনৰ সোনাই শিলডুবি অঞ্চলৰ এগৰাকী আন ধৰ্মৰ যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল । বৃহস্পতিবাৰে অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনা যুৱকজনে প্ৰেমিকাক নৰসিংপুৰত থকা যুবতীগৰাকীৰ কলেজৰ সম্মুখত লগ ধৰিবলৈ গৈছিল । কলেজৰ সম্মুখত দুই প্ৰেমিক-প্ৰেমিকাই কথাপাতি থকাৰ সময়তে হঠাতে এটা যুৱকৰ দল উপস্থিত হৈ যুৱকজনক আটক কৰে ।

সোণাই থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে আহত যুৱকক :

এই দলটোৱে লাভ জেহাদৰ অভিযোগ উত্থাপিত কৰি যুৱকজনক ৰাজপথত দলবদ্ধ প্ৰহাৰ কৰি ৰচিৰে খুটাত বান্ধে । কেৱল প্ৰেমিক যুৱকজনকেই নহয়, মৰেল পুলিচৰ হাতৰ পৰা ৰক্ষা নপৰিল যুৱতীগৰাকীও । ৰাজপথতেই মৰেল পুলিচে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে যুৱতীগৰাকীক । এই ভয়ংকৰ মৰেল পুলিচিঙৰ দৃশ্যটো মোবাইল ফোনত বন্দী কৰিলে নীৰৱ দৰ্শক হিচাপে উপস্থিত একাংশ লোকে । ইপিনে, এই ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলীত সোণাই থানাৰ আৰক্ষী উপস্থিত হৈ মৰেল পুলিচৰ কবলৰ পৰা যুৱকজনক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:লাভ জিহাদৰ ঘটনা ! দল-সংগঠনৰ অভিযোগক নস্যাৎ যুৱতীৰ

শিলচৰত লাভ জেহাদ; ভুৱা পৰিচয়ৰে দি যুৱতীক পলুৱাই নিলে মুমিনে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.