ETV Bharat / state

এতিয়াও পানীৰ তলত বিলাসীপাৰাৰ বহু গাঁও; বন্যাৰ্তৰ কাষত বিধায়ক ছামছুল হুদা - Assam Flood 2024

Flood in Bilasipara: শনিবাৰে বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিয়ে বিধায়ক ছামছুল হুদা । বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বিভিন্ন ক্ষয়-ক্ষতিৰ বুজ লৈ খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়ক হুদাই ।

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 12:27 PM IST

Assam Flood 2024
ৰাজ্যত জল প্ৰলয় (ETV Bharat Assam)

বিলাসীপাৰা, 7 জুলাই : ৰাজ্যত জলপ্ৰলয় ৷ এতিয়াও বানত বুৰ গৈ আছে ৰাজ্যৰ বহু জিলা ৷ ওখ ঠাই, মথাউৰি, পদপথৰ দাঁতিত গৰু-ম’হৰ সৈতে একেলগে সহাৱস্থান কৰিছে বানাক্ৰান্ত ৰাইজে ৷ ফলত বন্যাৰ্তৰ মাজত দেখা দিছে খাদ্য সংকটে ৷ আনকি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেও হাহাকাৰ কৰিব লগাত পৰিছে বানাক্ৰান্ত ৰাইজে ৷

ৰাজ্যত জল প্ৰলয় (ETV Bharat Assam)

কেৱল মানুহৰে নহয়, জীৱ-জন্তুৰ বাবেও অভাৱ হৈছে খাদ্যৰ ৷ কেতিয়াবা যদি জীৱনৰ নিৰাপত্তা বিচাৰি বন্য জীৱই আশ্ৰয় লৈছে গছৰ ডালত, আন কেতিয়াবা আকৌ অলপ ওখ ঠাইৰ সন্ধানত বন্য জীৱ-জন্তুৱে বিচৰণ কৰিছে জনাঞ্চলত ৷ মুঠৰ ওপৰত সকলোতে হাহাকাৰ ৷ অৱশ্যে কোনো কোনো ঠাইত বানাক্ৰান্তৰ খবৰ ল’বলৈ বন্যাৰ্তৰ কাষত থিয় হোৱা দেখা গৈছে মন্ত্ৰী, বিধায়কক ৷

লগতে পঢ়ক : জলসম্পদ মন্ত্ৰীৰ পুত্তলিকা নৈত উটুৱাই আছুৰ প্ৰতিবাদ - Assam Flood 2024

ইফালে আজিও অপৰিৱৰ্তিত হৈ আছে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতি । বানপানীৰ কবলত পৰিছে মহকুমাটোৰ প্ৰায় ডেৰ শতাধিক গাঁও । এনে পৰিস্থিতিত শনিবাৰে বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক ছামছুল হুদাই ভূট-ভূটি নাৱেৰে বান্যাৰ্তৰ কাষত উপস্থিত হয় । লগতে বিধায়কগৰাকীয়ে নিজাববীয়াকৈ বানাক্ৰান্ত ৰাইজৰ মাজত মুড়ী, চিৰা, গুৰ, বিস্কুট, খোৱাপানী আদি বিতৰণ কৰে ।

তেওঁ বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰে ৷ উক্ত অঞ্চলত হাজাৰ হাজাৰ বিঘা মৰাপাট খেতি বানত নষ্ট হোৱাত মূৰে কপালে হাত দিছে কৃষকসকলে ৷ সেয়ে এই কৃষকসকলক উপযুক্ত ক্ষতি পূৰণ দিবলৈ চৰকাৰক দাবী জনায় বিধায়ক ছামছুল হুদাই ।

লগতে পঢ়ক : পানী শুকালেই আৰম্ভ কৰা হ'ব খহনীয়া ৰোধৰ কাম: পীযুষ হাজৰীকা - Assam Flood 2024

লগতে বিধায়ক ছামছুল হুদাই জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি কয় যে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰ, গৌৰাং, চম্পাৱতী আৰু টিপকাই নদীৰ বানপানীৰ শেষত ভয়াৱহ ৰূপত গৰাখহনীয়াৰ সৃষ্টি হয় । গৰাখহনীয়াক লৈ একাধিক বাৰ অসম বিধানসভাত মাত মাতি আহিছিল বিধায়কজনে ৷ কিন্তু ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বিধায়ক ছামছুল হুদাৰ ।

লগতে পঢ়ক : যোৰহাটত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী বিমল বড়াই - Assam Flood 2024

উল্লেখ্য যে, বিলাসীপাৰা মহকুমা প্ৰশাসনে বিলাসীপাৰা ৰাজহ চক্ৰ অন্তৰ্গত মুঠ 34 খন গাঁৱত দুদিনৰ কাৰণে বান সাহায্য দিয়াকলৈ বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল সংগঠনৰ লগতে বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক ছামছুল হুদাই বন্যাৰ্তসকলক কমেও 15 দিনৰ খাদ্য সামগ্ৰী যোগান ধৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু ধুবুৰী জিলা আয়ুক্তক অনুৰোধ জনায় ৷

লগতে পঢ়ক : আল্লাই শেষ ভৰসা ! পানীৰ মাজতেই দোৱা বানপীড়িতৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.