ETV Bharat / state

গোলাঘাটত বিধায়ক মৃণাল শইকীয়াৰ অভিনৱ প্ৰতিবাদ - Protest Against Heat Wave - PROTEST AGAINST HEAT WAVE

MLA Mrinal Saikia:এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক মৃণাল শইকীয়াই ৷ জনসাধাৰণেও প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনালে বিধায়কগৰাকীয়ে ৷ কিন্তু কাৰ বিৰুদ্ধে ?

Mrinal Saikia Protest
গৰমৰ বিৰুদ্ধে বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 5:04 PM IST

Updated : May 26, 2024, 5:36 PM IST

গোলাঘাট, 16 মে’: ভিন্ন সময়ত ভিন্ন কথা-বতৰাৰে চৰ্চাত থকা বিধায়ক মৃণাল শইকীয়াই এইবাৰ সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ কিন্তু কাৰ বিৰুদ্ধে এই প্ৰতিবাদ খুমটাই সমষ্টিৰ বিধায়কগৰাকীৰ ?

গৰমৰ বিৰুদ্ধে বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিবাদ (ETV Bharat Assam)

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো উৎকট গৰমৰ ফলত বিপন্ন হৈ পৰিছে স্বাভাৱিক জনজীৱন ৷ অসহ্যকৰ গৰমৰ ফলত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত ৷ জনশূণ্য হৈ পৰিছে ৰাজপথ ৷ বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ লগতে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ থকা ৰোগীসকলৰো দুঃচিন্তা বৃদ্ধি পাইছে । তদুপৰি খেতিয়কসকলো চিন্তিত হৈ পৰিছে ৷

এই গৰমৰ বিৰুদ্ধেই দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক মৃণাল শইকীয়াই ৷ কেৱল তেৱেঁই নহয়, সকলোকে গৰমৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷ গৰমৰ বিৰুদ্ধে বিধায়কগৰাকীয়ে কৰা প্ৰতিবাদৰ পন্থা প্ৰশংসনীয় ৷ খুমটাই সমষ্টিৰ যোগীবাৰীত জৰী গছৰ এটা পুলি ৰোপণ কৰি গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক মৃণাল শইকীয়াই ।

লগতে পঢ়ক: নিজ সমষ্টিত সংঘটিত দুৰ্নীতি সন্দৰ্ভত বিজেপি বিধায়কৰ টুইট

ইয়াৰ উপৰিও প্ৰত্যেক ব্যক্তিকে একোটাকৈ গছপুলি ৰোপণ কৰি গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷ তেওঁ কয়, ‘‘সকলোৱে কৈ আছে বৰ গৰম হৈছে বুলি ৷ কোনে ঠাণ্ডা কৰি দিব সেয়া কোনেও নাভাবে ৷ সেইকাৰণে মই আজি গৰমৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ ৷ এটা গছপুলি ৰুই আমি কেইজনমান যুৱকে গৰমৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ ৷’’

বিধায়কগৰাকীয়ে লগতে কয়, ‘‘ বিজ্ঞানৰ যুগত ইমান নোহোৱা-নোপজা কাম হৈ গৈছে ৷ আজি অসমখনত আমি ঠাণ্ডা কৰিব নোৱাৰোনে? একো ডাঙৰ কথা নহয় ৷ এক কোটি মানুহ ওলাই আহি একোটাকৈ গছপুলি ৰুই পুলিটো প্ৰতিপাল কৰিলেই গৰম নোহোৱা হ’ব ৷’’

লগতে পঢ়ক: অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰ্থে বিধায়ক মৃণাল শইকীয়াৰ নতুন প্ৰচেষ্টা

ইফালে পথ বহলীকৰণৰ লগতে বিভিন্ন উন্নয়নমূলক কামৰ নামত গছকটা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰে বিধায়কগৰাকীয়ে ৷ পথ বহলীকৰণ কৰিলেও পুৰণি গছসমূহ নাকাটি পথৰ মাজতে ৰাখি পথ নিৰ্মাণ কৰিবলৈ চৰকাৰক পৰামৰ্শ দিয়ে মৃণাল শইকীয়াই । আনহাতে ৰাজ্য চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী বিফল হোৱাৰ কাৰণ জনসাধাৰণ বুলি কয় বিধায়কগৰাকীয়ে ৷ চৰকাৰে লোৱা এটা কাৰ্যসূচী সফল কৰি তুলিবলৈ জনসাধাৰণৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলি তেখেতে মতামত আগবঢ়ায় ৷

উল্লেখযোগ্য যে পৰিৱেশৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি সচেতন বিধায়ক মৃণাল শইকীয়াই গোলাঘাট নগৰত শিশু উদ্যান নিৰ্মাণৰ বাবে কেবাজোপাও গছ কাটি পেলোৱাৰ বাবে তীব্ৰ সমালোচনা কৰিছিল বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়ক অজন্তা নেওগক ।

লগতে পঢ়ক: মৃণাল শইকীয়াৰ 8PMৰ পোষ্টত গুৰুত্ব দিব নালাগে: জয়ন্ত মল্লবৰুৱা

Last Updated : May 26, 2024, 5:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.