ETV Bharat / state

ধিংকাণ্ডৰ ভুক্তভোগীগৰাকীৰ উচ্চশিক্ষা পৰ্যন্ত দায়িত্ব ল’বলৈ বিচাৰিছে অখিল গগৈয়ে - Dhing Rape Case

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 3:28 PM IST

Akhil Gogoi in Dhing : ধিঙৰ ধৰ্ষণকাণ্ডৰ ভুক্তভোগীগৰাকীৰ পিএইডি পৰ্যন্ত শিক্ষাৰ দায়িত্ব লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে ৷ আনহাতে ধৰ্ষণকাৰীক ফাঁচি দিলেহে এনে জঘণ্য অপৰাধৰ শাস্তিৰ কথা অপৰাধীয়ে বুজিব বুলি মন্তব্য বিধায়কগৰাকীৰ ৷ ধিঙত ড্ৰাগছ, দেশীয় সুৰাৰ প্ৰচলন বৃদ্ধিৰ কথাও উল্লেখ কৰিলে অখিল গগৈয়ে ৷

DHING RAPE CASE
ধিঙত বিধায়ক অখিল গগৈ (ETV Bharat Assam)

ধিং, ২৬ আগষ্ট : ধিংকাণ্ডক লৈ আজিও উত্তাল সমগ্ৰ ৰাজ্য । ইয়াৰ মাজতে সোমবাৰে নগাঁৱৰ ধিঙত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ । ভুক্তভোগী কিশোৰীগৰাকীৰ শিক্ষাৰ দায়িত্ব লোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বিধায়কগৰাকীয়ে ৷ তদুপৰি এতিয়াও কৰায়ত্ত নকৰা আন দুই অভিযুক্তৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতত বিচাৰৰ দাবী অখিল গগৈৰ ৷

  • নিজ সন্তানৰ দৰেই শিক্ষাৰ দায়িত্ব পালনৰ বাবে আগ্ৰহী অখিল গগৈ :

সোমবাৰে পুৱাই ধিঙত উপস্থিত হৈ ভুক্তভোগী কিশোৰীগৰাকীৰ শিক্ষাৰ সমগ্ৰ দায়িত্ব ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে । ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে বিচাৰিলে কিশোৰগৰাকীক পি এছ ডি কৰালৈকে নিজ সন্তানৰ দৰেই শিক্ষাৰ সমগ্ৰ দায়িত্ব ল'ব বিধায়কগৰাকীয়ে ।

  • ধৰ্ষণকাৰীক ফাঁচিৰ দাবী অখিল গগৈৰ :

কিশোৰী ধর্ষণত জড়িত এজন অভিযুক্তৰ ইতিমধ্যেই মৃত্যু হোৱাৰ কথা উল্লেখ কৰি আন দুই অপৰাধীৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদলতৰ জৰিয়তে তিনিমাহৰ ভিতৰতে শাস্তি প্ৰদানৰ দাবী জনায় বিধায়ক অখিল গগৈয়ে । ধর্ষণৰ দৰে অপৰাধৰ শাস্তি ফাঁচি হ'ব লাগে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

ধিঙৰ কিশোৰী ধৰ্ষণত জড়িত আন দুই অপৰাধীৰ ক্ষেত্ৰতো ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া চলাই ফাঁচি দিয়াৰ দাবী জনায় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে । তেওঁ কয় যে পুখুৰীত জাপ দি ধৰ্ষণকাৰীয়ে মৃত্যুবৰণ কৰিলে নহ’ব ৷ ধৰ্ষণকাৰীৰ ফাঁচি হ’লেহে মানুহে ভালকৈ বুজিব যে ধৰ্ষণ কৰিলে মানুহ এনে জঘন্য শাস্তিৰ সন্মুখীন হয় ।

  • ধিঙত বৃদ্ধি ড্ৰাগছ আৰু দেশীয় সুৰাৰ প্ৰচলন : অখিল গগৈ

ধিং অঞ্চলত ড্ৰাগছ আৰু দেশীয় সুৰাৰ প্ৰচলন যথেষ্ট বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ বেহা বন্ধ কৰাৰো দাবী উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে । ইপিনে অখিল গগৈয়ে এই এলেকাত দুটাকৈ পুলিচ কেম্প দিয়াৰ বাবে চৰকাৰক আহাব্বান জনায় । অখিল গগৈয়ে বিধানসভাৰ মজিয়াত এই কথা উল্লেখ কৰিব বুলিও মন্তব্য আগবঢ়ায় । বিধায়কগৰাকীয়ে লগতে কয় এই ধৰ্ষণকাণ্ডৰ ঘটনাটোৱে দুটা জাতিৰ মাজত বিভাজনৰ সূষ্টি কৰিছে । শান্তি-সম্প্ৰীতিৰ মাজত বিভেদ আনিব ধৰিছে ।

লগতে পঢ়ক : ধৰ্ষণকাৰীক বাঘৰ সন্মুখত এৰি দি কংকালবোৰ পুলিচক গতাই দিব লাগে: ভৱেশ কলিতা

পাৰে যদি খেদক না, খেদিব নোৱাৰে : মিঞা খেদাৰ প্ৰসংগত বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ প্ৰত্যাহ্বান

নাৰীৰ সুৰক্ষা বাবে কি কি পদক্ষেপ লৈছে বিজেপি চৰকাৰে ? তথ্য বিচাৰিছে কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.