ETV Bharat / state

অনামিঞা ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়াৰ ৰেকৰ্ড আছে : বিধায়ক আব্দুৰ ৰচিদ মণ্ডল - Dhing rape case

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 10:30 PM IST

MLA Abdur Rashid Mandal on rape case : ধিংকাণ্ড সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে ৷ তেওঁ কয়, ‘‘দেশৰ জনগণৰ নিৰাপত্তা দিয়াৰ দায়িত্ব চৰকাৰৰ । আমাৰ নহয় ৷’’

MLA Abdur Rashid Mandal on rape case
অনামিঞা ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়াৰ ৰেকৰ্ড আছে : বিধায়ক আব্দুৰ ৰচিদ মণ্ডল (ETV Bharat)

গুৱাহাটী, ২৪ আগষ্ট : ‘‘ৰেপিষ্ট সকলো সম্প্ৰদায়ৰ মাজতে আছে । এইটো কথা মই মানি নলওঁ যে অকল মিঞা সম্প্ৰদায়ৰ মাজত ৰেপিষ্ট আছে ।’’ এই মন্তব্য কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ ।

নগাঁৱৰ ধিঙৰ জঘন্য ঘটনাকলৈ ৰাজ্য উত্তাল হৈ থকাৰ লগতে ৰাজ্যজুৰি মিঞা খেদাৰ দাবী উত্থাপন হৈছে । উজনিত বহুকেইটা সংগঠনে মিঞা খেদাৰ বাবে সৰৱ হোৱাৰ সময়তে বিজেপি দলেও অসমৰ পৰা মিঞা খেদাৰ কথা হৈছে । এনে প্ৰেক্ষাপটত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে ।

অপৰাধী কেৱল মিঞা সম্প্ৰদায়ৰ মাজতেই নহয় সকলো সম্প্ৰদায়ৰ মাজত আছে বুলি সদৰী কৰি বিধায়ক মণ্ডলে কয়, ‘‘ক্ৰাইম ৰেট গোৱালপাৰাতকৈ ডিব্ৰুগড়ত বেছি । এইটো মই কোৱা নাই । এইটো চৰকাৰে বিধানসভাত দিয়া তথ্য । বৰপেটাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি । প্ৰকৃত সত্য সেইটো নহয় ।’’

‘‘ক্ৰিমিনেল মিঞা মাজতো আছে । কিন্তু কোনজন মিঞা ক্ৰিমিনেলৰ পক্ষত কোনো মিঞাই মাত মাতিছে । মোক কওক । মোক কওক অমুক ক্ৰিমিনেল মিঞাক অমুক মিঞাই সমৰ্থন কৰিছে । এজন দেখুৱাই দিয়ক । কিন্তু অনামিঞা ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়াৰ ৰেকৰ্ড ভাৰতবৰ্ষত তথা অসমত আছে । দেশৰ জনগণৰ নিৰাপত্তা দিয়াৰ দায়িত্ব চৰকাৰৰ । আমাৰ নহয় ।’’ তেওঁ কয় ৷

এইবোৰৰ উপৰিও বিধায়ক মণ্ডলে বহুকেইটা সংগঠনে উজনি অসমৰ পৰা মিঞাক খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰাৰ প্ৰসংগতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ ‘‘মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰত থকা সকলোৱে মিঞা জনগোষ্ঠীৰ ওপৰত দি থকা বিদ্বেষমূলক বক্তব্যবোৰে এনেধৰণৰ সিদ্ধান্ত লোৱাত উদগনি যোগাইছে ।’’

লগতে পঢ়ক : ধিংকাণ্ডৰ অভিযুক্তৰ মৃত্যুদণ্ড দিনৰ পোহৰত হ'ব লাগে : পলাশ চাংমাই - Dhing rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.