ETV Bharat / state

মিঞাৰ পিঠিত উঠি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বুলি ভাবিছে কংগ্ৰেছে: ভুবন পেগু - Miya Row

Miya controversy: ‘‘উজনিৰ লোকে মিঞা অঞ্চলত কি চলিছে গম নাপায় । অসম আন্দোলনৰ পাছত থমকি ৰৈছিল সেই আগ্ৰাসন । এতিয়া পুনৰ আগ্ৰাসন আৰম্ভ হৈছে । গানৰ মাজেৰে অসমীয়া জাতিক তাচ্ছিল্য কৰা হৈছে ।’’ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা মিঞাগীতক লৈ এই মন্তব্য ভুবন পেগুৰ ৷

Miya controversy
BJP MLA Bhuban Pegu (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 8:43 PM IST

গুৱাহাটী, ৩০ আগষ্ট: সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ‘মিঞা গান’ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসকীয় দলৰ বিধায়ক ভুবন পেগুৱে । শুকুৰবাৰে বিধানসভা চৌহদত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক পেগুৱে কয়, "মিঞা কবিতা, মিঞা মিউজিয়ামৰ পাছত এতিয়া মিঞা গান । গানৰ মাজেৰে অসমীয়া জাতিক তাচ্ছিল্য কৰা হৈছে । মিঞা অঞ্চলত কি চলিছে উজনিৰ লোকে গম নাপায় । অসম আন্দোলনৰ পাছত থমকি ৰৈছিল সেই আগ্ৰাসন । এতিয়া পুনৰ আগ্ৰাসন আৰম্ভ হৈছে । লোকসভা নিৰ্বাচনৰ পাছত কংগ্ৰেছৰ উৎসাহত তেওঁলোকে অসম দখলৰ পৰিকল্পনা কৰিছে ।’’

ভুবন পেগুৰ মন্তব্য (ETV Bharat Assam)

বিধায়ক পেগুৱে লগতে কয়, ‘‘কংগ্ৰেছৰ উদগনিত লেণ্ড জেহাদ চলিছে । কংগ্ৰেছে সাহস দিয়া বাবেই তেওঁলোকে এনেদৰে আগুৱাই আহিবলৈ সক্ষম হৈছে । কংগ্ৰেছে মিঞাৰ পিঠিত উঠি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিম বুলি ভাবিছে । কংগ্ৰেছৰ পৃষ্ঠপোষকতাত উৎসাহিত হৈ তেওঁলোকে দখল প্ৰক্ৰিয়া চলাইছে । অসম চৰকাৰে বাধা দিবলৈ চেষ্টা কৰিছে । তুচ্ছ-তাচ্ছিল্য কৰি আগ্ৰাসন চলিছে । যাৰ বাবেই অসম চৰকাৰে আইন আনিছে । খিলঞ্জীয়া জনগণ জাগ্ৰত হ'ব লাগিব ।’’

বিধায়কগৰাকীয়ে আৰু কয়-‘‘ধেমাজিৰ বাবে ভাল খবৰ । ধেমাজি জিলাৰ পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰাৰ ব্যৱস্থা বিধানসভাত কৰা হৈছে । জোনাইৰ পবা বনাঞ্চলকৰ ৬০ হাজাৰ বিঘা এলেকাক বন্যপ্ৰাণী অভয়াৰণ্যত সামৰি লোৱা হৈছে ।’’ আনহাতে, বিজেপিৰ সদস্যভৰ্তি অভিযানৰ বাবে ঘৰে ঘৰে যোৱাৰ কথাও বিধায়কগৰাকীয়ে সদৰী কৰে ।

উল্লেখ্য যে, যোৱা কেবাদিনো ধৰি অসমৰ ৰাজনৈতিক তথা ভিন্ন মহলত সৰব চৰ্চা লাভ কৰা মিঞা প্ৰসংগটো অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ মজিয়াও পায়গৈ ৷ তাৰ পিছতেই শাসক-বিৰোধীৰ মাজত চলে তীব্ৰ বাকযুদ্ধ ৷ বৃহস্পতিবাৰে জনৈক আলতাপ হুছেইন নামৰ এজন যুৱকে নিজৰ সামাজিক মাধ্যমযোগে আপলোড কৰিছিল এটা গান ৷ য’ত আছিল কেতবোৰ ভাবুকি আৰু উচটনিমূলক বাক্য ৷ কিন্তু গানটো ভাইৰেল হোৱাৰ পিছত ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাত গানটো ডিলিট কৰিবলৈ বাধ্য হয় আলতাপে ৷ এই গানটোক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

লগতে পঢ়ক: মিঞাগীতেৰে ভাবুকি অখ্যাত গায়কৰ: বাধ্যত পৰিহে কৰিলে ডিলিট - Controversial Song

ৰাজ্যৰ অস্থিৰ পৰিৱেশ ৰচনাৰ আঁৰত কংগ্রেছ : ভৱেশ কলিতা - BJP Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.