ETV Bharat / state

হৃদয়বিদাৰক ! উঁৱলি যোৱা অৱস্থাত নৰ্দমাত ওলাল অবিনাশৰ মৃতদেহ - Minor boy drowns in drain

Avinash Sarkar's Body Recovered: ৰাজগড়ত উদ্ধাৰ এটি শিশুৰ মৃতদেহ । এই মৃতদেহটো অবিনাশ সৰকাৰৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ৷ 8 বছৰীয়া পুত্ৰৰ উঁৱলি যোৱা ৰূপ দেখি শোকত ভাগি পৰিছে অবিনাশৰ পিতৃ-মাতৃ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 10:39 AM IST

Missing Child Avinash Sarkars Body Recovered in Guwahati Rajgarh
হৃদয়বিদাৰক ! উৱলি যোৱা অৱস্থাত উদ্ধাৰ অবিনাশৰ মৃতদেহ (ETV Bharat Assam)

গুৱাহাটী, 7 জুলাই : অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিল ৷ তিনিটা দিনৰ মূৰত উদ্ধাৰ হ’ল অবিনাশৰ মৃতদেহ ৷ গুৱাহাটী মহানগৰীৰ ৰাজগড়ৰ এটা নলাৰ পৰা উদ্ধাৰ হৈছে এই শিশুটিৰ মৃতদেহ । প্ৰথম অৱস্থাত মৃতদেহটো অবিনাশ সৰকাৰৰ বুলি সন্দেহ কৰা হৈছিল ।

উঁৱলি যোৱা অৱস্থাত নৰ্দমাত ওলাল অবিনাশৰ মৃতদেহ (ETV Bharat Assam)

এই মৃতদেহটো উদ্ধাৰৰ পিচতেই মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH) লৈ প্ৰেৰণ কৰা হয় । তাৰ পাচতে মৃতদেহটো চিনাক্ত কৰাৰ বাবে অবিনাশৰ পিতৃ-মাতৃও ৰাওনা হয় GMCH লৈ । ইতিমধ্যে অবিনাশৰ পিতৃ-মাতৃয়ে উদ্ধাৰ হোৱা মৃতদেহটো তেওঁলোকৰ সন্তান অবিনাশৰ বুলি চিনাক্ত কৰিছে ৷

  • বৃহস্পতিবাৰে কি হৈছিল ?

ইতিমধ্যে সকলোৰে জ্ঞাত যে, বৃহস্পতিবাৰৰ নিশা এখন স্কুটিত পিতৃৰ সৈতে ঘৰলৈ আহি আছিল অবিনাশ ৷ তেনেতে জ্যোতিনগৰত স্কুটিখন পিছলি যোৱাত পথৰ কাষতে থকা এটা উন্মুক্ত নলাত পৰি যায় 8 বছৰীয়া অবিনাশ ৷

লগতে পঢ়ক : উদ্ধাৰ হ’ল নিখোজ অবিনাশৰ ছেণ্ডেলযোৰ; নলাই নলাই সন্তানক বিচাৰি হাবাথুৰি দুৰ্ভগীয়া পিতৃৰ - Minor Boy Swept Away in Drain

নলাৰে বৈ অহা পানীৰ তীব্ৰ সোঁতে চকুৰ পলকতে উটুৱাই লৈ যায় শিশুটিক । সন্তানটিক উদ্ধাৰ কৰিবলৈ দেউতাকে ততাতৈয়াকৈ নলাত জাপ দিয়ে যদিও সন্তানটিক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল । তাৰ পাচতে এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনীয়ে জ্যোতি নগৰ, বামুণীমৈদানৰ বিভিন্ন নলাত অভিযান চলোৱাৰ লগতে ভৰলুতো অভিযান চলায় ।

আনকি দুটাকৈ স্নীফাৰ ডগৰ সহায়তো অভিযান চলোৱা হয় ৷ ইফালে শনিবাৰে বামুনিমৈদানৰ উদ্ধাৰ অভিযান থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্ধাৰ কাৰ্য তীব্ৰতৰ কৰাৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : অবিনাশৰ সন্ধানত নলাই নলাই অভিযান প্ৰশাসনৰ - Minor boy drowns in drain

  • পুত্ৰক বিচাৰি হাবাথুৰি খাই ওৰে নিশা নলাৰ পাৰতে কটাইছিল পিতৃয়ে :

বৃহস্পতিবাৰে ঘটনা সংঘটিত হোৱাৰ পিচৰে পৰা পিতৃ হৰলাল সৰকাৰে লঘোণে-ভোকে পুত্ৰৰ সন্ধানত নলা-নৰ্দমাত পুত্ৰক বিচাৰি চলাথ কৰি ভাগৰুৱা হৈ পৰিছিল ৷ কিন্তু তেওঁ আশা এৰি দিয়া নাছিল ৷ পুত্ৰ অবিনাশক বিচাৰি নাপাই শুকুৰবাৰে ওৰে নিশা বামুণীমৈদামৰ নলাৰ পাৰতে সময় কটাইছিল পিতৃ হৰলাল সৰকাৰে ।

নিখোঁজ হোৱা সময়ৰ পৰাই পুত্ৰক নলাই নলাই বিচাৰি চলাথ কৰিছিল হৰলালে । ৰাতি-দিন একাকাৰ কৰি দিয়াৰ পিচতো তেওঁ পোৱা নাছিল পুত্র অবিনাশৰ কোনো শুংসূত্ৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি শিশুটিৰ পিতৃ-মাতৃক ঘৰলৈ যাবলৈ আহ্বান জনাইছিল । পুত্রক হেৰুৱাই শোকত বিহ্বল হৈ থকা হৰলালে মুখ্যমন্ত্ৰীৰ আশ্বাসত আশ্বস্ত হৈ শনিবাৰে ঘৰলৈ গৈছিল ।

  • তিনিদিনীয়া অভিযানৰ পিচত উদ্ধাৰ অবিনাশৰ মৃতদেহ :

বৃহস্পতিবাৰে নিশা পিতৃৰ লগত ঘৰলৈ গৈ থকা অৱস্থাত নলাত পৰি সন্ধানহীন হৈছিল 8 বছৰীয়া অবিনাশ ৷ পানীৰ সোঁতে উটুৱাই লৈ গৈছিল অবিনাশক । তাৰ পাচতে বৃহস্পতিবাৰে নিশাৰে পৰা অবিনাশৰ সন্ধানত এছ ডি আৰ এফ আৰু এন ডি আৰ এফে এই অভিযান অব্যাহত ৰাখে ৷ আনকি প্ৰশাসনলৈ বাট নাচাই অবিনাশৰ পিতৃয়ে নিজেই নলাই নলাই সন্তানক বিচাৰি ফুৰা দেখা গৈছিল ৷

শনিবাৰে নিশা লৈ উদ্ধাৰ অভিযান চলায়ো কোনো সুফল নোপোৱাত দেওবাৰে পুৱাই পুনৰ অভিযান চলিছিল প্ৰশাসনে আৰু অৱশেষত দেওবাৰে পুৱা ৰাজগড়ৰ এটা নলাৰ পৰা উঁৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰা 8 বছৰীয়া অবিনাশৰ নিথৰ মৃতদেহ । অবিনাশৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ পিচতে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকক শোকত ভাগি পৰা দেখা গৈছে ৷

লগতে পঢ়ক : মৰণফান্দত পৰিণত মহানগৰীৰ ৰাজপথ : কাৰ ভুলৰ বাবে নলাত উটি গ’ল শিশু ? - Heavy rain in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.