ETV Bharat / state

বৰহাটত বিজেপি নেতাক হত্যা কৰি পেলালে নৈত - Missing BJP leader found dead

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 7:36 PM IST

BJP leader killed: চৰাইদেউৰ বৰহাটৰ লেফেৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ বৰহাটত বিজেপি নেতাক হত্যা কৰি নৈত পেলাই দিয়াৰ অভিযোগ ৷ সোমবাৰৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল বৰহাট চাহ মৰ্চাৰ সভাপতি কাৰ্তিক ওৰাং ৷ মঙলবাৰে পুৱা নিচাজান নৈৰ পাৰত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ ৷

BJP Leader Killed
চৰাইদেউৰ বৰহাটত বিজেপি নেতাক হত্যা কৰি পেলালে নৈত (ETV Bharat Assam)

ডিব্ৰুগড়, ১৩ আগষ্ট: বৰহাট চাহ মৰ্চাৰ সভাপতি কাৰ্তিক ওৰাং সোমবাৰৰ নিশাৰে পৰা সন্ধানহীন হৈ থকাৰ পাছত মঙলবাৰে বালিজান নৈত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । প্ৰাক্তন ছাত্ৰনেতা তথা বৰ্তমানৰ বিজেপিৰ বৰহাট চাহ মৰ্চাৰ সভাপতি কাৰ্তিক ওৰাঙক হত্যা কৰি বালিজান নৈত পেলাই দিয়াৰ সন্দেহ কৰিছে পৰিয়ালৰ লগতে সচেতন ৰাইজে ।

ঘটনা অনুসৰি বিজেপি বৰহাট চাহ মৰ্চাৰ সভাপতি কাৰ্তিক ওৰাং সোমবাৰে নিশা প্ৰায় ৮ বজাত ঘৰৰ পৰা ওলাই গৈছিল যদিও ঘৰলৈ ঘূৰি যোৱা নাছিল । ইয়াৰ পাছতে নিশাই পৰিয়ালৰ লোকে তেওঁৰ সন্ধানত বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান লাভ কৰা নাছিল । কিন্তু আজি বালিজান নৈত পানীৰ ‌কাষত হাত বান্ধি থোৱা অৱস্থাত অঞ্চলটোৰ ৰাইজে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে ।

হাত বান্ধি থোৱাৰ লগতে মুখমণ্ডল আৰু ডিঙিত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ বাবে কাৰ্তিক ওৰাঙক হত্যা কৰা হ'ল বুলি সকলোৱে সন্দেহ কৰিছে । কাৰ্তিক ওৰাঙে চৰাইদেউ জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰি সামাজিক কামত নিয়োজিত হৈ পৰিছিল । অঞ্চলটোৰ জল জীৱন মিছন আঁচনিৰ জলমিত্ৰও আছিল কাৰ্তিক । তেনে এগৰাকী নেতাক নিশা কোনো দুৰ্বৃত্তই হত্যা কৰা ঘটনাই চৰাইদেউ জিলাখনত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে বৰহাট অঞ্চলত শোকাকুল পৰিবেশে বিৰাজ কৰিছে ।

ইতিমধ্যে আৰক্ষীয়ে কাৰ্তিক ওৰাঙৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে । শাসকীয় দলৰ চাহ মৰ্চাৰ সভাপতিগৰাকীক হত্যা কৰা ঘটনাৰ তদন্ত বৰহাট আৰক্ষীয়ে কিমান ক্ষীপ্ৰতাৰে কৰে সেইয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: শ্বপিয়ানত সন্ত্ৰাসবাদীৰ গুলীত নিহত দলীয় নেতা, বিজেপিৰ তীব্ৰ গৰিহণা - BJP leader killed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.