জোনাই, ১০ জুন: প্ৰতিকাৰৰ জৰিয়তে শান্তি, মংগল আৰু পথাৰৰ শস্য বৃদ্ধিৰ কামনাৰে মিচিংসকলে প্ৰতি বছৰে জেঠ মাহত পালন কৰে দবুৰ পূজা । সোমবাৰে জোনাই মহকুমাৰ পুৰণা জেলম গাঁৱত পালন কৰে দবুৰ পূজা । পুৰণা জেলমৰ ৰাইজে গাঁওখনৰ পৰা কিছু নিলগত থকা জেলম নদী পাৰত অনুষ্ঠিত কৰে এই পূজা । পুৱা পুৰুষসকলে গাঁৱৰ প্ৰতিটো পৰিয়ালত প্ৰৱেশ কৰি চাং কোবাই পূজাত ব্যৱহৃত খাদ্য সামগ্ৰী (আজেং) বিচাৰে । প্ৰতিটো পৰিয়ালে পাৰ্যমানে ছাইমদ (পৰঃ আপং),কুকুৰা, কণী, চাউল, নিমখ, জলকীয়া আদি খাদ্য সামগ্ৰী আগবঢ়াই আগন্তুক বছৰটোত পৰিয়ালৰ মঙ্গল কামনা আৰু কল্যাণৰ বাবে আশীৰ্বাদ কৰিবলৈ অনুৰোধ জনায় ।
এইদৰে সংগ্ৰহ কৰা আজেং তথা খাদ্য সামগ্ৰীবোৰ গাঁৱৰ আছুতীয়া ঠাইত তথা ওচৰৰ নদীৰ পাৰত অথবা ডাঙৰ গছৰ তলত চিকুনাই থোৱা এডোখৰ ঠাইলৈ লৈ যায় । দেওবাৰে দবুৰ পূজা পালন কৰি থকা মিচিং পুৰণা জেলম গাঁৱত বাহিৰৰ কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰাকৈ গাঁৱৰ প্ৰবেশ পথত এখন বাঁহৰ বেৰাৰে বন্ধ কৰি থয় ৷
উল্লেখযোগ্য যে মিচিং সকলৰ লোকবিশ্বাস অনুসৰি খেতিয়ক ৰাইজে খেতি মাটিৰ বাবে হাবি জংঘল কাটি জুই দিওঁতে কীট -পতংগ, সাপ, বেং আদি জুইত পুৰি অজানিতে হত্যা কৰে । হাল বাওঁতেও হাজাৰ হাজাৰ কেঁচু, কুমুটি মাটিত লেটিয়াই অজানিতে হত্যা কৰে ৷ সেই হত্যাৰ অপৰাধত নিজকে অপৰাধী হিচাপে গণ্য় কৰি ৰাইজে পালন কৰে এই দবুৰ পূজা ৷
এই পূজাত গাঁৱৰ ঘৰে ঘৰে আজেং সংগ্ৰহ কৰাৰ পিছত গাঁওখনৰ আচুতীয়া ঠাইত বা নৈৰ দাঁতিত দবুৰ পূজাৰ মাংগলিক কাৰ্য সম্পন্ন কৰা হয় । দবুৰ পূজাত অন্য গাঁৱৰ লোকৰ প্ৰৱেশ নিষেধ কৰা হয় । এই দবুৰ পূজাত থলচৰ ডাঙৰীয়াৰ নামত এটা ৰঙা মতা কুকুৰা, স্বৰ্গ দেৱতাৰ নামত এটা বগা কুকুৰা, লক্ষ্মী দেৱীৰ নামত বগা মাইকী কুকুৰা, কাৰ্চিং কাৰ্তাকৰ নামত এটা পখৰা কুকুৰা, আই বসুমতীৰ নামত মাইকী গাহৰি উৎসৰ্গা কৰাৰ লগতে গাঁৱৰ প্ৰতিটো পৰিয়ালৰ অপৰাধ নিৰ্মূল কৰিবৰ বাবে অনা কুকুৰাবোৰ লোকবিশ্বাস অনুসৰি ৰাজহুৱাকৈ দেৱ দেৱী সকললৈ বলি হিচাপে আগবঢ়ায় ৷