ETV Bharat / state

জঘন্য ! কিশোৰীক ধৰ্ষণ কৰি ধৰ্ষণকাণ্ডৰ ভিডিঅ' ভাইৰেল - Minor girl raped

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 5:45 PM IST

চিৰাঙৰ ৰুনিখাতাত জঘন্য ঘটনা । এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি ধৰ্ষণকাণ্ডৰ সমগ্ৰ ভিডিঅ' ভাইৰেল কৰিলে সামাজিক মাধ্যমত । ঘটনা সন্দৰ্ভত আৰক্ষীৰ জালত ৫ অভিযুক্ত, আন এক অভিযুক্ত বৰ্তমানো পলাতক ।

Minor girl raped and raped video viral by rapist in Chirang
কিশোৰীক ধৰ্ষণ কৰি ধৰ্ষণকাণ্ডৰ ভিডিঅ' ভাইৰেল (ETV Bharat Assam)

চিৰাং,৪ ছেপ্টেম্বৰ: ৰাজ্যত পুনৰ পোহৰলৈ আহিছে দলবদ্ধ ধৰ্ষণৰ দৰে এক ভয়ংকৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান চিৰাং জিলাৰ ৰুনিখাতা । এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিল ৫ জন । দলবদ্ধ ধৰ্ষণতে সীমাবদ্ধ নাথাকি ধৰ্ষণকাৰীয়ে সামাজিক মাধ্যমত ভাইৰেল কৰিলে ধৰ্ষণৰ ভিডিঅ' । কিশোৰীগৰাকীৰ সৈতে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল বিগত আগষ্ট মাহত ।

সম্প্ৰতি উক্ত দলবদ্ধ ধৰ্ষণকাণ্ডৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা । জানিব পৰা মতে ৰুনিখাতাৰ ১৬ বছৰীয়া কিশোৰীগৰাকীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাত দুজন নাবালকসহ মুঠ ছজন যুৱক জড়িত আছিল । ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত উক্ত ভাইৰেল ভিডিঅ'ৰ আঁত ধৰি ৰুনিখাতা থানাৰ আৰক্ষীয়ে ইতিমধ্যেই পাঁচ ধৰ্ষণকাৰীক মঙলবাৰে নিশা আটক কৰে যদিও বৰ্তমানো আন এক অভিযুক্ত পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ।

চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুনিখাতাৰ ১৬ বছৰীয়া আদিবাসী কিশোৰী গৰাকীৰ দলবদ্ধ ধৰ্ষণ আৰু পিছলৈ সেই ধৰ্ষণকাণ্ডৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰা ঘটনাৰে অভিযুক্ত ৬ জনৰ ভিতৰত দুজন নাবালক সহ মুঠ ৫ জনক ইতিমধ্যেই ৰুনিখাতা থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । তাৰে দুজন নাবালক আৰু পলাতক হৈ থকা অভিযুক্তৰ নাম তদন্তৰ খাতিৰত প্ৰকাশ কৰাৰ পৰা বিৰত আছে আৰক্ষী । ৰুণীখাতাৰ এই ১৬ বছৰীয়া কিশোৰী ধৰ্ষণ আৰু সেই ধৰ্ষণকাণ্ডৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰা ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: ধৰ্ষণত অভিযুক্ত কিশোৰৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাক লৈ উত্তপ্ত লংগাই আৰক্ষী চকী - Attempt To Rape

মহিলা-শিশুৰ ওপৰত নিৰ্যাতনৰ গোচৰ : সময়নিৰ্ধাৰিত ন্যায় প্ৰদানেই একমাত্ৰ চাবি-কাঠী - Crime Against Women Children

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.