ETV Bharat / state

অসমত আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে : ৰণোজ পেগু - Sampoornata Abhiyan

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 9:30 PM IST

Mandia Development Block :মন্দিয়া উন্নয়ন খণ্ডত সম্পূৰ্ণতা অভিযান । নিটি আয়োগৰ উদ্যোগত ভাৰতৰ পাঁচশটা বিশেষ বিশেষ ক্ষেত্ৰত পিচপৰা উন্নয়ন খণ্ডৰ বিকাশৰ বাবে আৰম্ভ এই অভিযান ।

Education Minister Dr Ranoj Pegu
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (ETV Bharat Assam)

বৰপেটা, ৩ আগষ্ট: কেন্দ্ৰীয় চৰকাৰৰ নিটি আয়োগৰ উদ্যোগত ভাৰতৰ পাঁচশটা বিশেষ বিশেষ ক্ষেত্ৰত পিচপৰা উন্নয়ন খণ্ডৰ বিকাশৰ বাবে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে । সেই অনুসৰি বৰপেটা জিলাত শনিবাৰে এই অভিযানৰ আৰম্ভণি কৰা হয় । বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ড আৰু সামগ্ৰিকভাৱে বৰপেটা জিলাখনত চলিবলগীয়া এই অভিযানৰ আজি আৰম্ভণি কৰে বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

মন্দিয়া উন্নয়ন খণ্ডৰ উন্নত হোৱাৰ আশা প্ৰকাশ শিক্ষামন্ত্ৰীৰ :

এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়," ছটা নিৰ্দিষ্ট লক্ষ্যৰে এই অভিযান মন্দিয়া উন্নয়ন খণ্ডত চলিব । সেই কেইটা হ'ল প্ৰসূতি মাতৃৰ পঞ্জীয়ন, বিদ্যালয়ত বিদ্যুৎ সংযোগ, বিনামূলীয়া পাঠ্যপুথি বিতৰণ, শিশুৰ টীকাকৰণ, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰতিজন লোকৰ পৰীক্ষণ আৰু মহিলা আত্মসহায়ক গোটক সবলীকৰণ । "

মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে সম্পূৰ্ণতা অভিযানৰ ফলত মন্দিয়া উন্নয়ন খণ্ডৰ এই দিশকেইটা উন্নত হ'ব । ইপিনে, এই অনুষ্ঠানৰ পিচতেই আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰ-ছাত্ৰী সন্দৰ্ভত মন্তব্য় কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়," অসমত আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে । ইয়াকে লৈ শিক্ষা বিভাগ গভীৰভাৱে উদ্বিগ্ন । বিশেষকৈ সংখ্যালঘু লোক বসতিপ্ৰধান চৰ অঞ্চল, জনজাতীয় লোক বাস কৰা অঞ্চল আৰু চাহ বাগিচা অঞ্চলত এই সমস্যাটো অধিক ।"

বিশ্ববিদ্যালয়ত পৰীক্ষাক লৈ সমস্যা চলি আহিছে :

আনহাতে, স্নাতক প্ৰথম ষাণ্মাসিকৰ ফলাফল বিগত সাতমাহে ঘোষণা নোহোৱা সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়," বিশ্ববিদ্যালয়খনত পৰীক্ষাক লৈ দীৰ্ঘদিনৰ পৰা এক সমস্যা চলি আহিছে ।‌ এই সমস্যা সমাধানৰ বাবে অসম চৰকাৰে যিমান পাৰে সহযোগিতা আগবঢ়াইছে । এতিয়া নতুন উপাচাৰ্যৰ উদ্যোগত সমস্যাৰ সমাধান হ'ব । "

লগতে পঢ়ক:২০২৫ বৰ্ষৰ গুণোৎসৱত ইউনিফৰ্মৰ নম্বৰো সংযোজিত হ’ব: শিক্ষামন্ত্ৰী - Ranoj Pegu on Gunotsav 2025

পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীকো প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা: ডাঃ ৰণোজ পেগু - Anandaram Baruah award

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.