ETV Bharat / state

বৰাকত বানৰ সংহাৰী ৰূপ, বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই - Flood Situation of Barak

Flood Situation of Barak: বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰাক উপত্যকাত । বাঢ়নী পানীয়ে প্লাৱিত কৰিছে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ শতাধিক গাঁও । বান পৰিস্থিতিৰ বুজ ল'বলৈ বৰাকত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা ।

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 10:06 PM IST

Minister Piyush Hazarika takes stock of the flood situation of Barak Valley
বৰাকত বান পৰিস্থিতি বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই (ETV Bharat Assam)

শিলচৰ,৩০ মে': ৰেমালৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাহাকাৰময় পৰিস্থিতি । অধিক শোচনীয় হৈ পৰিছে বৰাকৰ বান পৰিস্থিতি ৷ বৰাকসহ আন আন নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ শতাধিক গাঁও ৷ কাছাৰৰ বৰখলা, কাটিগৰা, উদাৰবন্দৰ লক্ষীপুৰ, সোণাই, শিলচৰৰ শতাধিক গাঁও বৰাকৰ বাঢ়নী পানীত বুৰ গৈছে ৷ শিলচৰ চহৰৰ মালুগ্ৰাম, ঘনিয়ালা, কালীবাৰী চৰ, মালিনীবিল, তাৰাপুৰৰ অধিক অংশ বুধবাৰে নিশাৰ পৰা বৰাকৰ বাঢ়নী পানীৰ কৱলত পৰিছে ৷

বৰাকত বানৰ সংহাৰী ৰূপ, বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই (ETV Bharat Assam)

অঞ্চলসমূহৰ সহস্ৰাধিক বানাক্ৰান্তই এই মুহূৰ্তত বিভিন্ন শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে ৷ বহু স্থানত আশ্ৰয় শিৱিৰ বিচাৰি হাহাকাৰ কৰিছে বানাক্ৰান্তসকলে ৷ ইফালে বৰাকৰ বাঢ়নী পানীত বুৰ গৈছে শিলচৰ-কালাইন সংযোগী পথছোৱাৰ কেইবাটাও স্থান ৷ শিলচৰ-কৰিমগঞ্জ সংযোগী পথৰ শালচাপৰা, পাঁচগ্ৰাম, বদৰপুৰঘাটত বৰাকৰ পানী একাঠুলৈকে উঠাৰ ফলত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতি ৷

ফলত দুয়োটা পথেদি বাহন চলাচল সম্পুৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷ শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথ বুৰ যোৱাত ব্যাহত হৈ পৰিছে যাতায়ত । ইপিনে বৰাকৰ বান পৰিস্থিতি বুজ লোৱা বাবে বৃহস্পতিবাৰে বৰাকত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা । শিলচৰ শিৱবাৰী পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কৰিমগঞ্জৰো বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী হাজৰীকাই কাছাৰ জিলাৰ তাৰাপুৰ শিৱবাৰীত বৰাক নদীৰ বৰ্দ্ধিত পানীয়ে প্ৰায় বুৰাবলৈ আৰম্ভ কৰা লোকনিৰ্মাণ বিভাগৰ পথ এটি ৰক্ষাৰ বাবে বিভাগে চলাই থকা কামৰ অগ্ৰগতি প্ৰত্যক্ষভাৱে বুজ লয় ।

মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগক এই পথটি চিঙাৰ পৰা ৰক্ষা কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । আনহাতে শিলচৰ-গুৱাহাটী সংযোগী পথৰ মেঘালয়ৰ সোণাপুৰত বৃহস্পতিবাৰেও ভূমিস্খলন আৰু পাহাৰৰ পৰা নামি অহা পানীয়ে উটুৱাই নিছে পথটোৰ বৃহৎ অংশ ৷ ফলত অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগত বৰাকৰ যোগাযোগ ব্যৱস্থা ।

লগতে পঢ়ক: ভয়াৱহ বানৰ কৱলত ৰাজ্যৰ আঠখন জিলা : ৪১ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত - FLOOD SITUATION OF ASSAM

বেথুকান্দি মথাউৰিক লৈ সতৰ্ক প্ৰশাসন; শিলচৰত ১৪৪ ধাৰা জাৰি - Section 144 Imposed In Silchar

বৰাকত জটিল হৈছে বান পৰিস্থিতি; বানৰ কবলত শতাধিক গাঁও - Flood In Barak Valley

বৰাকে অতিক্ৰম কৰিলে বিপদসীমা - Barak River

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.