ETV Bharat / state

নাৱেৰে নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - Pijush Hazarika Dibrugarh visit

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 3:25 PM IST

Pijush Hazarika inspects erosion site: ব্ৰহ্মপুত্ৰৰ খহনীয়াই ডিব্ৰুগড় চহৰলৈ ভাবুকি কঢ়িয়াইছে । নাৱত উঠি খহনীয়া পৰিস্থিতি পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই । শীঘ্ৰে খহনীয়াৰ স্থায়ী সমাধান কৰা হ'ব বুলি মন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে ।

Pijush Hazarika inspects erosion site
নাৱেৰে নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ (ETV Bharat)

ডিব্ৰুগড়,১৩ জুন : বাৰিষাৰ প্ৰাৰম্ভিক পৰ্যায়তে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে । যাক লৈ ডিব্ৰুগড় চহৰ আৰু নৈপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে । দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ মোহনাঘাট, কয়লাঘাটকে ধৰি বগীবিললৈকে হোৱা খহনীয়াই চকুৰ সন্মুখতে লৈ গৈছে বহু পৰিয়ালৰ ঘৰ আৰু কৃষিভূমি । ইয়াৰ সমান্তৰালকৈ বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ । এনে পৰিস্থিতিৰ কথা চিন্তা কৰি চৰকাৰ আগতীয়াকৈ সজাগ হৈছে আৰু পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা ।

ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ কামৰ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে । লগতে মন্ত্ৰীগৰাকীয়ে মাইজানঘাটৰ পৰা নাৱেৰে ডিটিপি ডাইক, আইথান ডাইক, মোহনাঘাট আৰু টিংখাং মাটিকটালৈকে খহনীয়া পৰিদৰ্শন কৰে । বিশাল ব্ৰহ্মপুত্ৰৰ মাজেৰে নাৱেৰে ডিব্ৰুগড়ত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰীগৰাকীৰ লগত বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা আৰু অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাও উপস্থিত থাকে । লগতে জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়া-কৰ্মচাৰীয়েও সংগ দিয়ে ।

পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াৰ পৰা খহনীয়া প্ৰতিৰোধৰ কাম-কাজৰ বুজ লৈ কেনেদৰে কাম আগবঢ়াই নিব লাগিব তাৰো পৰামৰ্শ আগবঢ়ায় । সংবাদমাধ্যমৰ সন্মুখত জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে ডিব্ৰুগড়ৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে মুঠ ৩২৯ কোটি টকাৰ পুঁজি মুকলি কৰি দিছে । গুৱাহাটীৰ আইআইটিৰ দ্বাৰা গৱেষণা কৰি ডিব্ৰুগড়ত খহনীয়া প্ৰতিৰোধৰ কাম কৰা হৈছে ।

এইবাৰ বাৰিষা আগতীয়া হোৱাৰ বাবে কাম কৰিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে । কিন্তু ডিব্ৰুগড়ৰ খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে । তেওঁৰ মতে খহনীয়া প্ৰতিৰোধৰ অস্থায়ী কামবোৰ পূৰ্ণগতিত চলি আছে । তেওঁৰ মতে চৰকাৰৰ পৰা ২০ হাজাৰ জিঅ' বেগ বিচৰা হৈছিল আৰু ইতিমধ্যে ১৫ হাজাৰ বেগ দিয়া হৈছে । মন্ত্ৰীগৰাকীৰ মতে ডিব্ৰুগড় চহৰ অতি গুৰুত্বপূৰ্ণ । ডিব্ৰুগড় অসমৰ অতি আগশাৰীৰ চহৰ । ডিব্ৰুগড়ৰ এই খহনীয়া সমস্যাৰ স্থায়ী সমাধান অহা বছৰৰ ভিতৰত কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক :কৃত্ৰিম বানৰ কবলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ - Dibrugarh Artificial flood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.