পশ্চিম কাৰ্বি আংলঙত মথাউৰি নিৰ্মাণেৰে বান পৰিস্থিতি নিয়ন্ত্ৰণৰ আশ্বাস পীযুষ হাজৰীকাৰ - Assam Flood 2024 - ASSAM FLOOD 2024
Flood in Karbi Anglong : কাৰ্বি আংলঙৰ বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা । পশ্চিম কাৰ্বি আংলঙত বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব বুলি ক'লে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী পীযুষ হাজৰীকাই গুৱাহাটী-ডিব্ৰুগড়ত সৃষ্টি হোৱা কৃত্ৰিম বান সন্দৰ্ভতো কৰিলে ব্য়াখ্য়া ।


Published : Jul 1, 2024, 9:12 AM IST
ডিফু, ১ জুলাই : চহৰৰ বান জলসম্পদ বিভাগৰ সৈতে জড়িত নহয় । গুৱাহাটী আৰু ডিব্ৰুগড়ত সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতি সন্দৰ্ভত এইদৰে ক'লে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই । দেওবাৰে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বান পৰিস্থিত সন্দৰ্ভত বুজ ল'বলৈ বিভাগৰ শীৰ্ষ বিষয়া, অভিযন্তাসহ ডিফুত উপস্থিত হোৱাৰ পিচতেই তেওঁ এইদৰে মন্তব্য় কৰে ।
জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত কিছুদিন পূৰ্বে হোৱা বান পৰিস্থিতিৰ বুজ ল'বলৈ বিভাগৰ শীৰ্ষ বিষয়া, অভিযন্তাসহ দেওবাৰে ডিফুত উপস্থিত হয় ৷ তাৰালাংচৰ বন বিভাগৰ কীজিৰ ৰংহাংপী অতিথিশালাত কাৰ্বি আংলং স্বায়ত্তশাসিত তেওঁ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং আৰু পৰিষদৰ কাৰ্যবাহী সদস্য, এমএচি আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় ৷
ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, "বানৰ সময়ত মই জিলা দুখনলৈ আহিব পৰা নাছিলো । সেয়েহে এতিয়া পৰিস্থিতিৰ বুজ ল’বলৈ আহিছো ৷ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ বিধানসভা সমষ্টিৰ অধীনৰ বিথুং,ৰংখাঙ আদি অঞ্চলত মূলতঃ বান পৰিস্থিতি উদ্ভৱ হয় ।’’
‘‘জিলাখনৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিগত তিনি বছৰত ৭০ কোটি টকা প্ৰদান কৰা হ'ল আৰু মথাউৰিও যথেষ্ট নিৰ্মাণ কৰা হ'ল যদিও ১৫ কিলোমিটাৰ মথাউৰি এতিয়াও নিৰ্মাণ কৰিবলৈ বাকী আছে ।" তেওঁ কয় ৷ লগতে মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰেই এই মথাউৰি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
লগতে পঢ়ক:কলাজল নৈত শীঘ্ৰে মথাউৰি নিৰ্মাণৰ আশ্বাস পীযুষ হাজৰীকাৰ - Assam Flood 2024
আনহাতে, কাৰ্বি আংলং জিলাৰ নমাটি,পাৰখোৱা অঞ্চলত এখন উন্মুক্ত নৈ থকাৰ কথা জানিব পৰা বুলি সদৰী কৰি অতি শীঘ্ৰে এই নদীৰ ওপৰতো মথাউৰি নিৰ্মাণ কৰি বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ পশ্চিম কাৰ্বি আংলঙৰ কপিলী নৈৰ বাবে বান পৰিস্থিতি উদ্ভৱ হয় বুলি উল্লেখ কৰি মথাউৰি নিৰ্মাণেৰে বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হ'ব বুলি মন্তব্য় কৰে মন্ত্ৰীগৰাকীয়ে ৷ সোমবাৰে অৰ্থাৎ আজি পশ্চিম কাৰ্বি আংলঙৰ ডংকাত উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰিব মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে, সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ডিব্ৰুগড়ত উদ্ভৱ হোৱা বান পৰিস্থিতিক অত্যাধিক বৰষুণৰ ফলত কৃত্ৰিম বান আখ্যা দি ইয়াৰ সৈতে জল সম্পদ বিভাগৰ কোনো সম্পৰ্ক নাই যদিও ৰাইজক সকাহ দিবৰ বাবে বিভাগে কাম কৰি আছে বুলি কয় ৷ তদুপৰি গুৱাহাটীৰ কৃত্ৰিম বানৰ সৈতে জলসম্পদ বিভাগৰ কোনো সম্পৰ্ক নাই বুলিও তেওঁ মন্তব্য় কৰে ।
ইপিনে, দুয়োখন জিলাৰ বান নিয়ন্ত্ৰণৰ বাবে বিভাগে পাৰ্কুপাইন, জিঅ' বেগ, চেণ্ড বেগ পৰ্যাপ্ত পৰিমানে যোগান ধৰা বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : ধনশিৰি নদীৰ ৮০০ মিটাৰ দৈৰ্ঘৰ মথাউৰি পৰিদৰ্শন পীযুষ হাজৰীকাৰ - Embankment Construction In Assam