ETV Bharat / state

গৌৰৱ গগৈক তীক্ষ্ণ ভাষাৰে সমালোচনা জয়ন্ত মল্লবৰুৱাৰ - mp gaurav gogoi

Jayanta Malla Baruah on Gaurav Gogoi: আহোমৰ সাজ পিন্ধিবলৈ লাজ কৰা গৌৰৱ গগৈয়ে ঈদত কিন্তু টুপী পিন্ধি বহি থাকে, তেনেকুৱা মানুহক অসমীয়া মানুহে আদৰি নলয় : জয়ন্ত মল্লবৰুৱা

minister jayanta malla baruah questions mp gaurav gogoi about not wearing ahom traditional dress
মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 9:42 PM IST

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ভাষ্য

গুৱাহাটী, ১৫ মাৰ্চ : “আহোমৰ সাজ পিন্ধিবলৈ লাজ কৰা গৌৰৱ গগৈয়ে ঈদত কিন্তু টুপী ভালকৈয়ে পিন্ধি বহি থাকে । তেনেকুৱা মানুহক অসমীয়া মানুহে আদৰি নলয় ।”— শুকুৰবাৰে ধুবুৰীত এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীজনে লগতে কয়, “গৌৰৱ গগৈৰ কি হ’ব, কি নহ’ব মই নাজানো, কিন্তু গৌৰৱ গগৈয়ে এইবাৰ পিতৃৰ নামত নহয়, নিজৰ নামত নিৰ্বাচন খেলিব । গৌৰৱ গগৈয়ে পিতৃৰ নামত নিৰ্বাচন খেলি ইমান দিনে জিকি আহিছিল । পিতৃৰ নামত জিকাৰ তেওঁ গৌৰৱ অৰ্জন কৰি আহিছিল । তৰুণ গগৈৰ নামত তেওঁৰ ল’ৰাই নিৰ্বাচন খেলিছিল, কিন্তু এইবাৰ পিতৃৰ নামত নহয়, গৌৰৱ গগৈয়ে নিজৰ নামত নিৰ্বাচন খেলিব আৰু গৌৰৱ গগৈয়ে নিজৰ নামত নিৰ্বাচন খেলিলে তেওঁক কেনেকৈ একেবাৰে নোহোৱা কৰি দিব পাৰি সেই কামটো আমি জানো” বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্তব্য কৰে ৷

জয়ন্ত মল্লবৰুৱাই লগতে গৌৰৱ গগৈক নাইকিয়া কৰি দেখুৱাই দিব বুলিও কয় । “অসমৰ মাটিত যদি কোনো মানুহে শুদ্ধ অসমীয়া ক’ব নাজানে, অসমৰ জাতি-জনগোষ্ঠীৰ কথা বুজি নাপায়, অসমৰ যিটো সত্ত্বা-সেই কথাটো বুজি নাপায়, দিল্লীত হিন্দী আৰু ইংৰাজী ক’লে অসমীয়া মানুহে আদৰি ল’ব নেকি” বুলিও প্ৰশ্ন কৰে জয়ন্ত মল্লবৰুৱাই । ইয়াৰ উপৰিও মন্ত্ৰী বৰুৱাই কয় যে যি অসমীয়া আহোম মানুহে মে-ডাম-মে-ফিৰ দিনাখন আহোমৰ সাজজোৰ পিন্ধিবলৈ লাজ কৰে, কিন্তু ঈদৰ দিনাখন টুপী পিন্ধি বহি থাকে, সেইজন মানুহক অসমীয়া মানুহে কেনেকৈ ভোট দিব ?

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিগত তিনি বছৰৰ তেওঁৰ ফটো বিলাক চালে এই কথাটোৰ উমান পাব বুলিও মন্তব্য কৰে ৷ তেওঁৰ ভাষ্য, “মে-ডাম-মে-ফিত তেওঁ কেতিয়াও আহোমৰ সাজজোৰ নিপিন্ধে, অথচ নিজকে তেওঁ আহোম বুলি কয় । কিন্তু ঈদত টুপীটো ঠিকেই পিন্ধে, সেইজন মানুহক অসমীয়া মানুহে কেনেকৈ ভোট দিব ?”

লগতে পঢ়ক : গৌৰৱ গগৈয়ে এইবাৰ জয়ী হৈ দেখুৱাওক; নলবাৰীৰ বিকাশ যাত্ৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.