ETV Bharat / state

নামনি অসমৰ পৰা উজনিলৈ কোনোপধ্যেই নপঠায় শ্ৰমিক; হুংকাৰ সংখ্যালঘু ৰাইজৰ

Minority Labour Controversy : নামনি অসমত চলিছে শ্ৰমিকবিৰোধী অভিযান । ইটাভাতালৈ শ্ৰমিক প্ৰেৰণত বাধা ৰাইজৰ । কোনোপধ্যেই মিঞা শ্ৰমিকক নপঠায় উজনিলৈ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Minority Labour Controversy
নামনি অসমৰ পৰা উজনিলৈ কোনোপধ্যেই নপঠায় শ্ৰমিক (ETV Bharat Assam)

বঙাইগাঁও, ১০ অক্টোবৰ : বৰ্তমান নামনি অসমৰ বিভিন্ন প্ৰান্তত চলিছে শ্ৰমিকবিৰোধী অভিযান । কিছুদিন পূৰ্বে উজনি অসমৰ বিভিন্ন ঠাইত মিঞা হাটাও অভিযান চলিছিল । ধিংকাণ্ডৰ আলম লৈ উজনি অসমৰ বিভিন্ন ঠাইত মিঞা শ্ৰমিকসকলক অমানুষিক অত্যাচাৰ-উৎপীড়ন চলাই খেদি পঠিওৱাৰ অভিযোগ উঠিছিল ।

আনহাতে, সন্দেহযুক্ত বাংলাদেশী নাগৰিক বুলি কৈ সমগ্ৰ অসমজুৰি এক আলোড়নৰ সৃষ্টি কৰাৰ সময়তে চৰকাৰে চকুমুদা কুলিৰ ভাৱত থকাৰ অভিযোগ উঠিছিল । কিন্তু বৰ্তমান উজনি অসমত ইটাভাতাকে আদি কৰি বিভিন্ন বিভাগত শ্ৰমিকৰ অভাৱত সকলো কাম স্থৱিৰ হৈ পৰিছে । যাৰ ফলত মালিকসকলে দালালৰ জৰিয়তে নামনি অসমৰ পৰা শ্ৰমিক উজনিলৈ নিবলৈ নানা কৌশল অৱলম্বন কৰিছে ।

কিন্তু এইক্ষেত্ৰত নামনি অসমৰ একাংশ দল-সংগঠনৰ লগতে ৰাইজ জাঙুৰ খাই উঠিছে । তাৰেই প্ৰতিফলন ঘটিছে বঙাইগাঁও জিলাত । জিলাখনৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা পঞ্চায়ত বজাৰৰ পৰা ইটাভাতা শ্ৰমিকক বাধা প্ৰদান কৰিছে ৰাইজে ।

"নামনি অসমৰ পৰা কোনোপধ্যেই উজনি অসমলৈ যাবলৈ দিয়া নহ'ব মিঞা শ্ৰমিকক ।" এই মন্তব্য সাধাৰণ ৰাইজৰ । উল্লেখ্য যে নিশাৰ সুযোগ লৈ ই-ৰিক্সাৰে একাংশ ইটাভাতাৰ ঠিকাদাৰ তথা চৰ্দাৰে শ্ৰমিকসকলক সৰবৰাহ কৰিবলৈ ওলাইছিল । জপেয়া, মাত্ৰাঘোলা, হৰিৰচৰ, গোলাপাৰা, বাংলাপাৰা, গনবিন্না আদি অঞ্চলৰ প্ৰায় ৪০ জন শ্ৰমিক, মহিলা, শিশুক লৈ উজনি অসমলৈ যোৱাৰ সময়তে ৰাইজে আবদ্ধ কৰে ।

ৰাইজৰ দাবী, "মুখ্যমন্ত্ৰীয়ে যেতিয়ালৈকে মিঞা শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত নকৰে, তেতিয়ালৈকে উজনি অসমলৈ মিঞা শ্ৰমিকক যাব নিদিয়ে ।" ইফালে আমছুকো ক্ষুৰধাৰ সমালোচনা কৰে ৰাইজে ।

উল্লেখ্য যে যোৱা ৮ অক্টোবৰতো বঙাইগাওঁ জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘোঁৰামাৰাত সংঘটিত হৈছিল অনুৰূপ ঘটনা । শিশুসহ শ্ৰমিক উজনি অসমলৈ সৰবৰাহক লৈ ঘোঁৰামাৰাত দালাল, শ্ৰমিক আৰু ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি হয় । উজনি অসমলৈ ইটাভাতাত শ্ৰমিক নিয়াত বাধা দিয়ে সহস্ৰাধিক ৰাইজে ।

দুখনকৈ শ্ৰমিকভৰ্তি বাছ আবদ্ধ কৰি ৰাইজে শিশু শ্ৰমিকক লৈ যাবলৈ বাধা প্ৰদান কৰে । তেওঁলোকৰ অভিযোগ, ইয়াৰ দ্বাৰা শিশুসকল শিক্ষাৰ পৰা বঞ্চিত হ'ব । শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ বাবেই অসমত নিৰক্ষৰতাৰ হাৰ বৃদ্ধি পোৱা বুলিও ৰাইজৰ অভিযোগ ।

লগতে পঢ়ক :বঙাইগাঁও জিলাৰ ঘোঁৰামাৰাত তীব্ৰ উত্তেজনা, উজনি অসমলৈ ইটাভাতাৰ শ্ৰমিক নিয়াত বাধা সহস্ৰাধিকৰ
লগতে পঢ়ক :মিঞা শ্ৰমিকৰ উজনি যাত্ৰাত বাধা দি কি হুংকাৰ দিলে সংখ্যালঘু সংগঠনে ? - Miya Muslims Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.