লখিমপুৰ, ১৭ আগষ্ট: প্ৰয়াত সাহিত্যক, প্ৰশাসনিক বিষয়া টাবুৰাম টাইডৰ স্মৃতিচাৰণ সভা শনিবাৰে লখিমপুৰত অনুষ্ঠিত হয় । মিচিং সমাজৰ পুৰোধা ব্যক্তি, সমাজ সংস্কাৰক, প্ৰশাসনিক বিষয়া তথা সাহিত্যিক টাবুৰাম টাইডৰ আজি পঞ্চম মৃত্যু দিৱস । মিচিং সমাজৰ একাধিক সংগঠনে শনিবাৰে বিভিন্ন কাৰ্যসূচীৰে তেওঁৰ স্মৃতিচাৰণ কৰে । মিচিং সাহিত্য সভাৰ লখিমপুৰ শাখা, মিচিং কৃষ্টি সভাৰ লখিমপুৰ শাখা আৰু মিচিং ছাত্র সভাৰ লখিমপুৰ শাখাৰ যৌথ উদ্যোগত উত্তৰ লখিমপুৰ সাহিত্য সভাৰ ভৱনত এই স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ।
এই সভাৰ কাৰ্যসূচী অনুসৰি প্ৰথমে টাবুৰাম টাইডৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত বিষয়া তথা সমাজসেৱক দেৱানন্দ মিলিয়ে । ইয়াৰ পিছতে কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে টাবুৰাম টাইডৰ প্ৰতিচ্ছবিত মাল্য়াৰ্পণ কৰে । স্মৃতিচাৰণ সভাখনৰ আঁত ধৰে বীণাপানি মিলি আৰু গজেন পাটিৰে । প্ৰগেচ মেদকৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত বক্তাসকলে টাবুৰাম টাইডৰ জীৱনাদৰ্শৰ আলোকপাত কৰে ।
এগৰাকী দক্ষ প্ৰশাসনিক বিষয়াৰ পৰা সাহিত্যিক, সমাজ সংগঠক আদি বহু গুণৰ আকৰ টাবুৰাম টাইড মিচিং সমাজৰ এক উজ্জ্বল নক্ষত্র আছিল বুলি বক্তাসকলে মন্তব্য় কৰে । অতি দুৰ্গম লখিমপুৰৰ ঘুনাসূতিৰ পৰা ওলাই গৈ তাহানিতে উচ্চ শিক্ষাৰে শিক্ষিত হৈ তেওঁ সামগ্রিকভাৱে সকলো দিশতে প্ৰচুৰ অৱদান আগবঢ়াই গৈছে । তেওঁৰ এনে অৱদানৰ বাবে মিচিং সমাজে যুগ যুগান্তৰলৈ তেওঁক স্মৰণ কৰি যাব বুলি উল্লেখ কৰি উত্তৰ পুৰুষে এইগৰাকী ব্য়ক্তিৰ আদৰ্শৰে কাম কৰি যাবলৈ বক্তাসকলে নৱ প্ৰজন্মক আহ্বান জনায় ।
স্মৃতিচাৰণ সভাখনত গোবিন নৰহ, কবিধৰ নৰহ, উত্তম পায়েং, ত্ৰিৰঞ্জন টাইড, দেৱকান্ত পাংগিং, চিদানন্দ পায়েং, মহেন্দ্র পেগু আদি ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে । উল্লেখ্য যে ২০১৯ চনৰ আজিৰ দিনটোতে টাবুৰাম টাইডৰ বিয়োগ হৈছিল । তেতিয়াৰ পৰা এনেদৰে প্ৰতিবছৰে বিভিন্ন মিচিং সংগঠনে যৌথভাৱে স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি আহিছে ।