ETV Bharat / state

পদত্যাগৰ বাবে শংকৰজ্যোতি বৰুৱাক ধন্যবাদ জ্ঞাপন : উজনি-নামনি বিভেদ সন্দৰ্ভতো ৰাইজলৈ বিশেষ আহ্বান আছুৰ - All Assam Students Union

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 7:26 PM IST

AASU meeting in Sivasagar : পৰামৰ্শ মানি পদত্যাগ কৰাৰ বাবে শংকৰজ্যোতি বৰুৱাক ধন্যবাদ জ্ঞাপন ৷ আছুত উজনি-নামনিধৰণৰ কোনো বিভেদ নাই বুলি স্পষ্ট মত ৷ শিৱসাগৰত অনুষ্ঠিত হ’ল ৭ খন জিলাৰ আছুৰ প্ৰতিনিধিৰ বিশেষ বৈঠক ৷

ALL ASSAM STUDENTS UNION
শিৱসাগৰত ৭ খন জিলাৰ আছুৰ প্ৰতিনিধিৰ বৈঠক (ETV Bharat Assam)

শিৱসাগৰ, ১২ ছেপ্টেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ মূল সত্বাক লৈ সংগ্ৰামী ধাৰাৰে সংপৃক্ত হৈ আগবাঢ়ি যোৱাৰ বাবে আলোচনা শিৱসাগৰত ৷ উজনিৰ ৭ খন জিলাৰ আছুৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে বৃহস্পতিবাৰে শিৱসাগৰত অনুষ্ঠিত এক বৈঠকত । শিৱসাগৰ, গোলাঘাট, যোৰহাট , মাজুলী , চৰাইদেউ, ধেমাজি আৰু লখিমপুৰ জিলা আছুৰ নেতৃত্বত বৈঠকখনত উপস্থিত থাকে ৷

শেহতীয়াকৈ আছুৰ ভিতৰচ’ৰাত উজনি-নামনিৰ বিভেদ অহা বুলি চলা চৰ্চাক পোনচাটেই নাকচ কৰে সভাত উপস্থিত আছুনেতা-নেত্ৰীসকলে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কোনো উজনি-নামনিৰ কথা নাই বুলি স্পষ্ট মত পোষণ কৰি এনেধৰণৰ কথাৰে জনসাধাৰণক বিভ্ৰান্ত নকৰিবলৈ আহ্বান জনালে আছুনেতাই ৷

শংকৰজ্যোতি বৰুৱাৰ প্ৰতি ধন্যবাদ জ্ঞাপন :

ইফালে বৃহস্পতিবাৰে শংকৰজ্যোতি বৰুৱাই ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰা কাৰ্যক আদৰণি জনাই বৈঠকত উপস্থিত নেতা-নেত্ৰীসকলে ৷ আছুৰ কেন্দ্ৰীয় সাহিত্য সম্পাদিকা নীহাৰিকা শইকীয়াই কয়, " মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ পৰামৰ্শৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেখেতে অব্যাহতি লৈছে ৷ যোগাত্মক সঁহাৰি জনোৱাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছো ৷ "

জনসাধাৰণক বিভ্ৰান্ত নকৰিবলৈ আহ্বান :

আছুৰ কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনে কয়, ‘‘সদৌ অসম ছাত্ৰ সন্থা অসমৰ জাতীয় জীৱনৰ বাবে কাম-কাজ কৰি অহা এটা সংগঠন ৷ অসমৰ ৰাইজৰ অভিভাৱকত্বৰে সদৌ অসম ছাত্ৰ সন্থাই কাম-কাজ কৰি আহিছে ৷ ইয়াত কোনো উজনি-নামনিৰ কথা নাই ৷ সদৌ অসম ছাত্ৰ সন্থাই সংগ্ৰামী ধাৰা অব্যাহত ৰখাৰ বাবে অসমৰ ৰাইজৰ অভিভাৱকত্ব কামনা কৰিছো ৷ অসমৰ ৰাইজক স্পষ্টভাৱে জনাব বিচাৰিছো যে সদৌ অসম ছাত্ৰ সন্থাত উজনি-নামনিৰ কথা নাই ৷ এনেকুৱা ধৰণৰ কথাৰে যাতে জনসাধাৰণক বিভ্ৰান্ত কৰা নহয়, সদৌ অসম ছাত্ৰ সন্থাৰ সত্বাটোলৈ যাতে কোনেও আঙুলি নোটোৱাই তাৰ বাবে সকলোকে আহ্বান জনাইছো ৷"

বৃহস্পতিবাৰে অনুষ্ঠিত বৈঠকত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় উপ-সভাপতি অভিৱৰ্তন গোস্বামী, সাহিত্য সম্পাদিকা নীহাৰিকা শইকীয়া, ক্ৰীড়া সম্পাদক সীমান্ত নেওগ, কাৰ্যনিবাহক সদস্যসহ বহুসংখ্যক বিষয়ববীয়া ।

লগতে পঢ়ক : অৱশেষত আছুৰ পৰা অব্যাহতি ঘোষণা শংকৰজ্যোতি বৰুৱাৰ

আছুলৈ বিশেষ আহ্বান সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ

সংগঠনৰ স্বাৰ্থত অব্যাহতি লওক শংকৰজ্য়োতি বৰুৱাই: আছুৰ শীৰ্ষ নেতৃত্বৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.