ETV Bharat / state

জাঁজীত ভয়ংকৰ খহনীয়া;আতংকিত নৈপৰীয়া - Erosion in Amguri

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 2:10 PM IST

Erosion in Amguri: জাঁজী নদীৰ খহনীয়াই চেলেংহাট হাটীমূৰীয়া গাঁৱৰ দলংঘাট অঞ্চলত ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দুবছৰ পূৰ্বে জলসম্পদ মন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি আজিও পূৰণ নহ'ল । কেইবাটাও পৰিয়ালে ইতিমধ্যে ঘৰ-মাটি হেৰুৱাইছে ।

Erosion in Amguri
জাঁজীত ভয়ংকৰ খহনীয়া (ETV Bharat)

আমগুৰি,১৮ জুলাই : ৰাজ্যত বান আৰু খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে । শিৱসাগৰ আৰু যোৰহাট জিলাত নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে । একেদৰে যোৰহাট জিলাৰ সীমান্তৰ জাঁজী নৈৰ খহনীয়াই চেলেংহাট হাটীমূৰীয়া গাঁৱৰ দলংঘাট অঞ্চলত ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ইতিমধ্যে জাঁজী নৈৰ বুকুত কেইবাটাও পৰিয়ালৰ ঘৰ-মাটি নিঃশেষ হৈছে । সকলো হেৰুৱাই দিশহাৰা হৈ পৰিছে পৰিয়ালসমূহ ।

জাঁজীত ভয়ংকৰ খহনীয়া (ETV Bharat)

এতিয়াও গাঁওখনত খহনীয়া অব্যাহত আছে । এনে পৰিস্থিতিত বহু কেইটা পৰিয়াল আতংকিত হৈ পৰিছে । ভুক্তভোগী লোকসকলে অভিযোগ কৰা মতে বিগত প্ৰায় ১০-১৫ বছৰ ধৰি অঞ্চলটোত খহনীয়া অব্যাহত আছে । কিন্তু এতিয়ালৈ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।

প্ৰায় দুবছৰ পূৰ্বে জলসম্পদ মন্ত্রী পীযুষ হাজৰীকা আৰু বিধায়ক ৰূপজ্যোতি কুর্মীয়ে খহনীয়াগ্ৰস্ত অঞ্চলটো পৰিদৰ্শন কৰিছিল আৰু খহনীয়া প্ৰতিৰোধ কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে জলসম্পদ বিভাগৰ অভিযন্তাসকলক নির্দেশ দিছিল । ৰাইজৰ অভিযোগ অনুসৰি সেই নিৰ্দেশনা আজিও কাৰ্যকৰী নহ'ল ।

ভুক্তভোগী লোকসকলে জনোৱা মতে বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ২০২১ চনত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰাৰ পিচতে জলসম্পদ মন্ত্রী পীযুষ হাজৰীকাক লগত লৈ হাটিমূৰীয়া দলংঘাটৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিছিল ।

সেই সময়ত মন্ত্ৰীগৰাকীয়ে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি খহনীয়াৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ নামত নৈৰ দুটা স্থানত বাঁহ আৰু মাটিত ত্রিপাল দুখন মান দি ঢাকি দিয়াৰ বাহিৰে একো কাম নকৰিলে । কিন্তু আজি পৰ্যন্ত অঞ্চলটোত খহনীয়া অব্যাহত থকাত গাঁওখনৰ ৰাইজ আতংকিত হৈ পৰিছে । যাৰ বাবে ৰাইজে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক :ৰাজ্যৰ ১৪ জিলাৰ ৮২৩ খন গাঁও এতিয়াও‌ বানৰ কবলত - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.