ETV Bharat / state

অএনজিচিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা দল-সংগঠনৰ - Protest against ONGC

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 10:15 AM IST

Protest against ONGC : 'অএনজিচি' অসম সম্পদক ক্ৰমে শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া চলোৱাৰ অভিযোগ একাংশ দল-সংগঠনৰ । 'অ এন জি চি'ৰ 'অসম সম্পদ'ৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ একাধিক দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ।

Organization announces protest plan against ONGC in Sivsagar
অএনজিচিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা দল-সংগঠনৰ (ETV Bharat Assam)

শিৱসাগৰ, ২ জুন : 'অ এন জি চি'ৰ 'অসম সম্পদ'ৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ একাধিক দল সংগঠনে ঘোষণা কৰে এলানি প্ৰতিবাদী কাৰ্যসূচী । কাৰ্যসূচীৰ প্ৰথম দফা অনুসৰি অহা ৬ জুনত 'অএনজিচি' অসম সম্পদৰ কাৰ্যালয়ৰ সমুখত গণ অৱস্থান, দ্বিতীয় পৰ্যায়ত 'অএনজিচি' অসম সম্পদৰ বিভিন্ন বিভাগত তলাবন্ধ আৰু তৃতীয় পৰ্যায়ত 'অএনজিচি' অসম সম্পদৰ খনন-উৎপাদন বন্ধ কৰি দিয়া হ’ব বুলি ঘোষণা কৰে ।

শিৱসাগৰ প্ৰেছ ক্লাৱত শনিবাৰে এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি দল-সংগঠনেসমূহে এই প্ৰতিবাদী কাৰ্যসূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰে। সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা, উজনি অসম মুছলিম কল্যাণ পৰিষদ, সদৌ অসম মৰিয়া ছাত্র সন্থা, সদৌ টাই আহোম ছাত্র সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি একাধিক সংগঠনে একত্ৰিত হৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰিব বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে ।

সংবাদমেলত বহিৰাগত এক লবীৰ ষড়যন্ত্ৰৰ ফলত 'অএনজিচি' অসম সম্পদক ক্ৰমে শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া চলিছে বুলি দল-সংগঠনসমূহে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে । ইতিমধ্যে 'অএনজিচি' অসম সম্পদৰ পৰা ৰসায়ন, ভূতত্ব আদি বিভাগসমূহ স্থানান্তৰিত কৰাৰ কাৰ্যই এই অভিযোগৰ সত্যতা প্ৰমাণ কৰে বুলিও সংবাদমেলত দল-সংগঠনসমূহে দাবী কৰে ।

একেদৰে থলুৱা ক্ষুদ্ৰ ঠিকাদাৰ, লঘূ বাহনৰ গৰাকী আদিকে ধৰি অনেকজনক নিগমে ষড়যন্ত্ৰমূলক ভাৱে প্ৰতাৰিত কৰাৰ অভিযোগ দল-সংগঠনসমূহে উত্থাপন কৰে । সংবাদমেলখনত উপস্থিত থাকে চিতু বৰুৱা, জিণ্টু মেচ আৰু দেৱজিৎ দত্তকে আদি কৰি কেইবাজনো ছাত্ৰ নেতা ।

লগতে পঢ়ক: অ'এন জি চিৰ প্ৰকল্পক লৈ এখন গাঁৱৰ ৰাইজৰ মাজতেই লাগিছে অৰিয়া-অৰি - Protest Against ONGC

খাৰুৱা তেলৰ সন্ধানত চলা খননকাৰ্যই বিপাঙত পেলাইছে অসমৰ এখন গাঁৱক - ONGC Vedanta Company

ONGC ৰ পাইপ ফুটি নিৰ্গত গেছ, আতংকিত সোণাৰিবাসী - ONGC GAS Pipe EXPLOSION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.