ETV Bharat / state

গুৱাহাটী মাষ্টাৰ প্লেন-২০৪৫ খচৰা সংশোধনৰ দাবী : কি কয় গুৱাহাটীৰ নাগৰিক আৰু বিশেষজ্ঞই ? - Guwahati Master Plan 2045 - GUWAHATI MASTER PLAN 2045

Discrepancies in Guwahati Master Plan-2045 : ‘‘গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫’’ অনুমোদনৰ বাবে প্ৰেৰণৰ প্ৰস্তুতি ৷ খচৰাখনৰ সন্দৰ্ভত বহুলোকে দৰ্শাইছে আপত্তি ৷ বহুকেইটা গুৰুত্বপূৰ্ণ দিশ খচৰাখনে সামৰি নোলোৱাৰ অভিযোগ ৷ বিভ্ৰান্তিকৰ মাষ্টাৰ প্লেন আখ্যা ৷

Discrepancies in Guwahati Master Plan-2045
গুৱাহাটী মাষ্টাৰ প্লেন-২০৪৫ খচৰা সংশোধনৰ দাবী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 4:58 PM IST

গুৱাহাটী, ২৪ আগষ্ট : গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ‘‘গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫’’ৰ খচৰা ৰাজ্য চৰকাৰৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰাৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিছে ৷ উক্ত খচৰাখনৰ সন্দৰ্ভত ৰাইজৰ ওজৰ-আপত্তি গ্ৰহণ ইতিমধ্যে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে সম্পূৰ্ণ কৰিছে ৷ শেহতীয়াকৈ খচৰাখনৰ সন্দৰ্ভত ৰাইজৰ মতামত লোৱাৰ‌ বাবে গুৱাহাটীত ৱাৰ্ডে ৱাৰ্ডে ৰাজহুৱা শুনানি গ্ৰহণৰ বাবে সচেতন নাগৰিক তথা একাংশ সংগঠনে দাবী জনাইছে ৷

ইয়াৰ‌ মাজতে দেশৰ নগৰ আৰু মহাগৰবোৰত নগৰীয়া সমস্যা আৰু উন্নয়নৰ বাবে কাম কৰি থকা বেচৰকাৰী ‌সংস্থা ‘যুৱা’ই গুৱাহাটীৰ একাংশ‌ নাগৰিক, ‌বেচৰকাৰী‌ সংগঠনক লৈ গুৱাহাটীত শেহতীয়াকৈ ‘‘গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫’’ৰ খচৰাৰ সন্দৰ্ভত আলোচনা কৰে ৷ উক্ত অনুষ্ঠানত Centre for environment and climate action foundation, Guwahati ৰ সঞ্চালক কমল কুমাৰ তাঁতী, বিশিষ্ট অৰ্থনীতিবিদ জয়দ্বীপ বৰুৱা, ‘যুৱা’ৰ মুম্বাইৰ প্ৰজেক্ট লীড দুলাৰী পাৰমাৰ, মহানগৰ উন্নয়ন কমিটিৰ বিষয়ববীয়া মছদ্দৰ‌ হুছেইন আদিয়ে অংশ‌ লয় ৷

  • কৰ্পোৰেট মাষ্টাৰ প্লেন : কমল কুমাৰ তাঁতী

কমল কুমাৰ তাঁতী কয়, ‘‘মাষ্টাৰ প্লেনখন মুখ্যতঃ কৰ্পোৰেটক সন্তুষ্ট কৰাৰ বাবে প্ৰস্তুত কৰা যেন লাগিছে ৷ মাষ্টাৰ প্লেনখনত গুৱাহাটীৰ বতৰৰ পৰিৱৰ্তন যেনে বৰষুণৰ পৰিমাণ, তাপমাত্ৰা , বৰষুণৰ হোৱা বান আদিৰ সামগ্ৰিক আৰু তুলনামূলক তথ্য নাই ৷ আচলতে গুৱাহাটী মাষ্টাৰ প্লেনত দীৰ্ঘম্যাদী বিস্তৃত জলবায়ু পৰিৱৰ্তনৰ তথ্য থকাটো দৰকাৰ ৷’’

তেওঁ লগতে কয়, ‘‘মাষ্টাৰ প্লেনখনত কৃষিভিত্তিক কোনো আলোচনা কৰা হোৱা নাই ৷ কোনো কৃষিভিত্তিক তথ্য নাই ৷ মাষ্টাৰ প্লেনখনত গুৱাহাটীত বাহিৰৰ অহা মানুহৰ জনসংখ্যা বৃদ্ধিৰ তুলনামূলক তথ্য নাই ৷ মাষ্টাৰ প্লেন এখন উন্নয়নমূলক নগৰীয়া পৰিকল্পনা পদ্ধতিৰে প্ৰস্তুত কৰা উচিত ৷’’

  • অহা-যোৱা কৰা জনসংখ্যাৰ হিচাপ নকৰাকৈ মাষ্টাৰ প্লেনখন প্ৰস্তুত কৰা হৈছে : জয়দ্বীপ বৰুৱা

জয়দ্বীপ বৰুৱাই কয়, ‘‘পূৰ্বৰ মাষ্টাৰ প্লেনখন কাৰ্যকৰী হ’লনে ? কি কি কাম কৰিবলৈ ৰৈ‌ গ’ল, নতুনকৈ কি বিষয় সন্নিৱিষ্ট হৈছে সেই সন্দৰ্ভত নতুন মাষ্টাৰ প্লেনখনত কোনো সঠিককৈ উল্লেখ কৰা নাই ৷ ই এখন প্ৰকাণ্ড মাষ্টাৰ প্লেন ৷ কিন্তু তাত সকলো‌ বিষয় সামৰি লোৱা নাই ৷ জনসংখ্যাৰ বৃদ্ধিৰ হিচাপ দিছে, কিন্তু গুৱাহাটীলৈ দৈনিক কিমান‌ মানুহ আহে তাৰ হিচাপ মাষ্টাৰ প্লেনখনত নাই ৷

বিশিষ্ট অৰ্থনীতিবিদগৰাকীয়ে কয়, ‘‘মাষ্টাৰ প্লেনখনত মাত্ৰ গুৱাহাটীত থকা মানুহখিনিক লৈ খোৱাপানী, জাৱৰ, ট্ৰেফিকৰ হিচাপ কৰিলেই নহ’ব ৷ এই মাষ্টাৰ প্লেনখনত যি জনসংখ্যাৰ হিচাপ দিছে, সেয়া ভুল ৷ গুৱাহাটীলৈ অহা ২০ বছৰত কিমান মানুহ বাহিৰৰ পৰা আহিব, সেই বিষয়ে কোনো আলোচনা মাষ্টাৰ প্লেনখনত নাই ৷’’

তেওঁ কয়, ‘‘যানজঁটৰ সমস্যা, বান সমস্যাৰ লগতে দৈনিক গুৱাহাটীবাসীয়ে ভুগি থকা সমস্যাবোৰৰ কথা মাষ্টাৰ প্লেনখনত উল্লেখ আছেনে ? সেই বিষয়ে আলোচনা হোৱাৰ প্ৰয়োজন ৷ মাষ্টাৰ প্লেনখনত গুৱাহাটী পৌৰ নিগমৰ ভূমিকা কি সেয়া স্পষ্ট কৰা প্ৰয়োজন ।’’

  • এখন বিভ্ৰান্তিকৰ মাষ্টাৰ প্লেন : দুলাৰী পাৰমাৰ

‘যুৱা’ৰ মুম্বাইৰ প্ৰজেক্ট লীড দুলাৰী পাৰমাৰে কয়, ‘‘মাষ্টাৰ প্লেনখন বিভ্ৰান্তিকৰভাৱে প্ৰস্তুত কৰা হৈছে । মাষ্টাৰ প্লেনখনত গুৱাহাটীৰ ঘৰ, অট্টালিকা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া দেখা গৈছে । মুকলি ঠাই, স্কুল, হাস্পতাল নিৰ্মাণ আদিৰ ক্ষেত্ৰত ভূমিৰ‌ ব্যৱহাৰত কম গুৰুত্ব দিছে । শিলসাঁকো বিলৰ একাংশ মাটিত বাণিজ্যিক এলেকা সৃষ্টি কৰাত গুৰুত্ব দিছে ৷ সেয়া মাষ্টাৰ প্লেনখনৰ পৰা বাদ দিব লাগে ৷ গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীৰ কোনো জৰীপ হোৱা নাই ৷ গুৱাহাটী মাষ্টাৰ প্লেনখনত পদপথৰ কোনো‌ কথা উল্লেখ নাই ৷’’

ইপিনে মহানগৰ উন্নয়ন ‌সমিতিৰ বিষয়বীয়া মছদ্দৰ হুছেইনে কয়, ‘‘গুৱাহাটী মাষ্টাৰ প্লেনখন আসোঁৱাহপূৰ্ণ । এইখন ৰাইজৰ মতামত লৈ সংশোধন কৰা প্ৰয়োজন ৷ এই সন্দৰ্ভত গুৱাহাটীৰ‌ ৱাৰ্ডে ৱাৰ্ডে সভা পাতি মতামত লোৱাৰ বাবে আমি সংশ্লিষ্ট চৰকাৰী বিভাগক দাবী জনাইছো ৷’’

ইপিনে ‘যুৱা’ৰ প্ৰজেক্ট এছোচিয়েট পূজা নিৰলাই কয়, ‘‘কালি গুৱাহাটীত অনুষ্ঠিত মাষ্টাৰ প্লেনৰ সভাখনত কিছু সিদ্ধান্ত গ্ৰহণ কৰা‌ হৈছে । ভূমিৰ সঠিক ব্যৱহাৰৰ পদ্ধতি উল্লেখ কৰা, পৰিৱেশ সংবেদনশীল এলেকা সংৰক্ষণ কৰা, গছপুলি ৰোপণ, শিশুৰ বাবে মুকলি ঠাই, গুৱাহাটীৰ জলাশয় সংৰক্ষণ, বিজ্ঞানসন্মতভাৱে গুৱাহাটীৰ বান, যানজঁট আৰু জাৱৰৰ সমস্যা সমাধান কৰা, মাষ্টাৰ প্লেনখন অসমীয়াত প্ৰকাশ‌ আদি দাবীসম্বলিত দাবীপত্ৰ চৰকাৰলৈ প্ৰেৰণ‌ কৰা‌ হ’ব ।’’

লগতে পঢ়ক : গুৱাহাটী মাষ্টাৰ প্লেন-২০৪৫ৰ খচৰা: গুৱাহাটীৰ পৰিসীমা ৩২৮ বৰ্গ কিলোমিটাৰ বৃদ্ধিৰ প্ৰস্তাৱ

গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ৰ খচৰা পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.