ETV Bharat / state

বিগত ৫ বছৰত শোণিতপুৰ আৰু চিৰাঙত ২৭ টা হাতীৰ মৃত্যু - MAN ELEPHANT CONFLICT

Elephant death: শোণিতপুৰ জিলাত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে । বন্যপ্ৰাণী সংস্থাই মুকলি কৰিছে হাতী এপ ।

Elephant death
বিগত ৫ বছৰত শোণিতপুৰ আৰু চিৰাঙত ২৭ টা হাতীৰ মৃত্যু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2024, 8:53 AM IST

তেজপুৰ : অসমত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ ৰাজ্যখনৰ ভিতৰতে শোণিতপুৰ জিলাত এই সংঘাত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷ বিগত ২৭ এপ্ৰিলত জিলাখনৰ বৰচলা সমষ্টিৰ ধীৰাই মাজুলীত বন্যহস্তীৰ আক্ৰমণত দুজন বনকৰ্মীৰ লগতে নিহত হৈছিল এজন স্থানীয় লোক ৷ এই সংঘাতৰ ফলত বিগত ৫ বছৰত জিলাখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০ লৈ বৃদ্ধি পাইছে ৷

হাতী-মানুহৰ সংঘাত :

এই ৫ বছৰৰ ভিতৰত দেখা গৈছে যে ২০২১ চনত হাতী-মানুহৰ সংঘাতৰ ফলত সৰ্বাধিক ৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰাণ হেৰুৱাই দুটাকৈ হাতীয়ে ৷ শোণিতপুৰ জিলা বন বিভাগৰ তথ্য অনুসৰি ২০১৯ চনত ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে এটা হাতীৰ মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ২০২০ চনত ৫ গৰাকী লোক আৰু ৫ টাকৈ বন্যহস্তীৰ মৃত্যু হয় ।

২০২১ চনত হাতীৰ আক্ৰমণৰ ফলত ৯ গৰাকী লোকে প্ৰাণ হেৰুৱাই আৰু ২ টা হাতীৰ মৃত্যু হয় ৷ ২০২২ চনত ৩ গৰাকী লোক আৰু ২ টা বনৰীয়া হাতীৰ মৃত্যু । ২০২৩ চনত হাতীৰ আক্ৰমণৰ ফলত ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬ টা হাতীৰ মৃত্যু হয় ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহলৈ বনৰীয়া হাতীয়ে একেদিনাই ৩ গৰাকীকৈ লোকক আক্ৰমণ কৰাত লোককেইজনৰ মৃত্যু হয় ৷

তদুপৰি এই সময়চোৱাত দুটাকৈ হাতীৰ মৃত্যু হয় ৷ অৰ্থাৎ প্ৰায় ৫ বছৰত হাতীৰ আক্ৰমণত শোণিতপুৰত ৩০ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯ টা হাতীৰ মৃত্যু হৈছে । জিলাখনৰ কাষতে থকা বিশ্বনাথ জিলাত হাতীৰ উপদ্ৰৱ আছে যদিও পূব শোণিতপুৰৰ বন বিভাগৰ প্ৰাধিকাৰী বিশ্বজিত দাসে জনায় যে বিগত ৫ বছৰত জিলাখনত হাতী-মানুহৰ সংঘাতৰ ফলত হাতীৰ মৃত্যু হোৱা নাই । আনহাতে বনৰীয়া হাতীৰ অধিক উপদ্ৰৱ থকা ওদালগুৰি জিলাত হাতী-মানুহৰ সংঘাত যথেষ্ট বৃদ্ধি পাইছে ।

আনহাতে চিৰাং আৰু কলাইগাঁৱত যোৱা ২০২০ চনৰ পৰা চলিত বৰ্ষলৈ মুঠ ৮ টা হাতীৰ মৃত্যু হৈছে । চিৰাং জিলাৰ বন প্ৰাধিকাৰী কুঞ্জন বাসুমতাৰীয়ে জনায় যে এই ৮ টা হাতীৰ ভিতৰত ৫ টা মাইকী হাতী আৰু বাকী ৩ টা মতা । এই ৮ টা হাতীৰ ভিতৰত ৪ টা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় আৰু এটা হাতী ২০২০ চনৰ ২ ছেপ্টেম্বৰত বিষাক্ত কীটনাশক বা মাৰাত্মক ঔষধ সেৱন কৰি মৃত্যু হয় । ২ হাতীৰ পাৰস্পৰিক যুঁজত আৰু এটা বয়সৰ বাবে মৃত্যু হয় ।

লগতে পঢ়ক : হাতী-মানুহৰ সংঘাত নিৰাময়ৰ প্ৰচেষ্টা কৰবেট ফাউণ্ডেশ‍্যনৰ - The Corbett Foundation

শোণিতপুৰত হাতী-মানুহৰ সংঘাতৰ কাৰণ :

এই সংঘাতৰ প্ৰধান কাৰণ হৈছে বনৰীয়া হাতীৰ খাদ্যৰ অভাৱ আৰু বনাঞ্চল ধ্বংস ৷ উল্লেখ্য যে, শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত ২৪,০৭২ হেক্টৰ বনাঞ্চলৰ ভিতৰত ২২,০০০ হেক্টৰ ভূমিয়ে সম্প্ৰতি বেদখলৰ কবলত পৰিছে ৷ উক্ত স্থান কালক্ৰমে বসতিপ্ৰধান অঞ্চললৈ পৰিৱৰ্তিত হোৱাত সমগ্ৰ জিলাখনতে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷

সমান্তৰালকৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণৰ তৰফৰ পৰাও অসম চৰকাৰৰ বন বিভাগলৈ এই বিষয়ে তথ্য বিচাৰি কেইবাবাৰো পত্ৰ প্ৰেৰণ কৰিছে ৷ কিন্তু ইয়াৰ কোনো উত্তৰ বৰ্তমানলৈ লাভ কৰা নাই সংশ্লিষ্ট বিভাগে ৷ অভিযোগ অনুসৰি বন আইন সম্পূৰ্ণৰূপে উলংঘা কৰি শোণিতপুৰ জিলাৰ দুখন গুৰুত্বপূৰ্ণ বনাঞ্চলৰ ভূমিত খোপনি পুতিছে বেদখলকাৰীয়ে ৷

বিশেষজ্ঞৰ মন্তব্য :

এই হাতী মানুহৰ সংঘাতৰ বাবে বন্যপ্ৰাণী সংস্থা 'আৰণ্যক'ৰ হাতী বিভাগৰ উপ মুখ্য বিষয়া হিতেন বৈশ্যই ইটিভি ভাৰতক কয় যে আৰণ্যকৰ তৰফৰ পৰা এই হাতী-মানুহৰ সংঘাত প্ৰতিৰোধ কৰাৰ লগতে মানুহক সজাগ কৰিবলৈ 'হাতী এপ'(HaatiApp) এটা মুকলি কৰিছে । আনহাতে গাঁৱৰ লোকক সজাগ কৰিবলৈ মোবাইলৰ জৰিয়তে ‘‘Elephant Conservation Network’’ৰ সুবিধা প্ৰদান কৰিছে যাতে সমীপৰ গাঁৱত বনৰীয়া হাতীৰ উপস্থিতিৰ উমান পোৱাৰ লগে লগেই অন্য এলেকাত সজাগ কৰিব পাৰে ।

বৈশ্যই পুনৰ কয় যে এই হাতী-মানুহৰ সংঘাতৰ প্ৰধান কাৰণ হিচাপে হাতীৰ সংখ্যা যদিও বিশেষ বৃদ্ধি নহয় কিন্তু ইয়াৰ বাসস্থান আৰু খাদ্যৰ অভাৱ । খাদ্যৰ সন্ধানত বনৰীয়া হাতী বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহিছে । বৰ্তমান বনাঞ্চলত হাতীৰ বাবে খাদ্যৰ অভাৱ হৈছে । প্ৰকাণ্ড গছৰ জোপোহা আছে কিন্তু বনাঞ্চল ধ্বংসৰ ফলত তাত উৎপত্তি হোৱা অপতৃণৰ বাবে হাতীৰ খাদ্যৰ বাবে হ'বলগীয়া গছসমূহ নিঃশেষ হৈ পৰিছে ।

বৈশ্যই কয় যে আৰণ্যকৰ দ্বাৰা গোৱালপাৰা, ওদালগুৰি, দৰং, বাক্সা , ডিব্ৰুগড় আৰু মাজুলীত কম খৰচত কমিউনিটি ফেন্সিং অৰ্থাৎ কম উৎসৰ বৈদ্যুতিক তাঁৰৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক : কোটি টকা ব্যয়েৰে গুৱাহাটীত সংস্থাপন হ'ব ২০০০ টা CCTV কেমেৰা, ৭৫০ স্থান চিহ্নিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.