ETV Bharat / state

গোলাঘাটত এবছৰত ৮ টা বন্যহস্তীৰ মৃত্যু

Man Elephant Conflict in Golaghat : গোলাঘাটত হাতী-মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ । চিন্তিত প্ৰকৃতিপ্ৰেমী ।

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Updated : 4 hours ago

Man Elephant Conflict in Assam
গোলাঘাটত বন্যহস্তীৰ মৃত্যু (ETV Bharat Assam)

গোলাঘাট: গোলাঘাট জিলাত দিনক দিনে বৃদ্ধি পোৱা বন্যহস্তীৰ মৃত্যুৰ খবৰে এতিয়া চিন্তিত কৰিছে প্ৰকৃতিপ্ৰেমীক । বছৰ বছৰ ধৰি জিলাখনৰ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে দেওপাহাৰ অঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ বৃহৎ বৃহৎ জাকে বিভিন্ন অঞ্চলত প্ৰবেশ কৰি একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।

৮ টাকৈ বন্যহস্তীৰ মৃত্যু

অতি দুঃখজনক বিষয়টো হ'ল ইয়াৰে কিছু হাতী কেতিয়াবা যদি গুলীবিদ্ধ হৈছে কেতিয়াবা আকৌ হৈছে বিদ্যুৎস্পৃষ্ট আন কেতিয়াবা আকৌ স্বাভাৱিক অৱস্থাত মৃত্যু হৈছে । বৰ্তমানলৈকে জিলাখনত ৮ টাকৈ বন্যহস্তীৰ মৃত্যু হৈছে । ইয়াৰে ১৪ জানুৱাৰীত লেটেকুজান চাহ বাগিচাত বিদ্যুৎস্পৃষ্ট হৈ এটা, ৯ জুনত স্বাভাৱিক অৱস্থাত এটা, ১৮ জুলাইত নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ এটা , ৩০ জুলাইত নামবৰ দৈগ্ৰোং বনাঞ্চলৰ মুৰফুলনীত গুলীবিদ্ধ হৈ এটা, ৩১ আগষ্টত বিজুলী বনাঞ্চলৰ কাষৰীয়া গুদাম টেৰণ গাঁৱত গুলীবিদ্ধ হৈ এটা, ১৫ অক্টোবৰত মৰঙী ধলাগুৰি চাহ বাগিচাৰ নলাত পৰি এটা, ১৮ অক্টোবৰত পুনৰ ধলাগুৰি চাহ বাগিচাৰ সমীপৰ প্ৰজাবস্তি গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এটা হাতীৰ মৃত্যু হৈছে । ইপিনে ৬ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড দঁতাল হাতীৰ দেওপানী অঞ্চলত স্বাভাৱিক অৱস্থাত মৃত্যু হয় ।

খেতি কৰিবলৈ বাদ দিয়া বাবেই জনাঞ্চলত গজৰাজ

ইফালে, হাতীৰ মৃত্যু হোৱা সম্পৰ্কে গোলাঘাট আঞ্চলিক বন বিষয়া ৰাজীৱ কাকতিয়ে কয়, "বন্যপ্ৰাণীৰ মৃত্যু হোৱাটো বৰ দুৰ্ভাগ্যজনক ঘটনা । গোলাঘাটত হাতী-মানুহৰ সংঘাত এক দীৰ্ঘদিনীয়া সমস্যা । ইয়াৰ মূলতে হাতীৰ সংখ্যা বৃদ্ধি পাইছে আৰু বনাঞ্চল বেদখল হোৱাৰ বাবে এই হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে । ইয়াৰ উপৰি জনাঞ্চলত বন্যহস্তী প্ৰৱেশ কৰাৰ লগে লগে মানুহে বন্যহস্তীৰ ওপৰত নানা অত্যাচাৰ চলাই আহিছে, যাৰ বাবে খঙাল হৈছে । আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে বৰ্তমান বহু লোকে খেতি কৰিবলৈ বাদ দিছে । কাৰণ খেতি কৰাৰ পাছত বন্যহস্তীৰ জাকে খেতিৰ ধান খাই তহিলং কৰিব । কিন্তু মানুহে যদি খেতি কৰিবলৈ বাদ দিয়ে তেনেহ'লে হাতীৰ জাকে জনাঞ্চলত প্ৰবেশ কৰি বিভিন্ন ধৰণৰ অনিষ্ট সাধন কৰিব এই কথা স্পষ্ট ।"

তেওঁ পুনৰ কয়," গোলাঘটৰ গাড়ীগাঁৱত হাতী-মানুহৰ সংঘাত হোৱা নাই । তেওঁলোকে সৃষ্টি কৰিছে, কাৰণ উত্তৰ নামবৰ বনাঞ্চলৰ লগতে টেঙানিত ৩৯ খন গাঁও স্থাপন হৈছে । সেই অঞ্চলসমূহ সংৰক্ষিত বনাঞ্চল আছিল । এতিয়া জনাঞ্চলৈ পৰিবৰ্তন হোৱাৰ পৰিপ্ৰেক্ষিতত উক্ত অঞ্চলত দীৰ্ঘদিনৰ পৰা বসবাস কৰা বন্যহস্তী ওলাই যায়, কাৰণ সেই অঞ্চল হাতীৰ বিচৰণস্থলী । গতিকে হাতী-মানুহৰ সংঘাত তাৎক্ষণিকভাৱে ৰোধ কৰা সম্ভৱ নহয় । "

গোলাঘাট আঞ্চলিক বন বিষয়াগৰাকীয়ে কয় যে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা হাতীৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু তিনিজনকৈ বিষয়াক জেললৈ প্ৰেৰণ কৰা হৈছে । ধলাগুৰি চাহ বাগিচাৰ সমীপৰ প্ৰজাবস্তি গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা হাতীটো ডাঙৰ হতীয়ে বাঁহ টানি থাকোঁতে ২২০ ভল্টৰ তাঁৰ চিঙি যোৱাৰ ফলত হৈছে ।

লেটেকুপথাত হাতীৰ বাবে খেতি কৰিবলৈ বাদ দিছে

আনহাতে,এই সমগ্ৰ ঘটনাৰ বিষয়ে গোলাঘাটৰ প্ৰকৃতিপ্ৰেমী অৰূপ বল্লভ গোস্বামীয়ে কয়," হাতীৰ মৃত্যু বৰ দুঃখজনক, কিন্তু হাতীৰ বাসভূমি যেতিয়া ধ্বংস কৰিছিল তেতিয়া মানুহে কল্পনা কৰা নাছিল যে আজি এনে ৰূপ ল'ব । মৰঙী অঞ্চলৰ বৃহৎ লেটেকুপথাত হাতীৰ বাবে খেতি কৰিবলৈ বাদ দিছে । ইয়াৰ উপৰি এতিয়া ৰাইজে নিজৰ খেতিডৰা বচাবলৈ বৈদ্যুতিক যন্ত্ৰ ব্যৱহাৰ কৰিছে । যাৰ ফলত হতীৰ জাক গাঁওসমূহ লৈ আহি ঘৰ দুৱাৰ ভাঙি তচনচ কৰিছে ।"

প্ৰকৃতিপ্ৰেমীগৰাকীয়ে পুনৰ কয়,"শেহতীয়াকৈ যিটো দঁতাল হাতীৰ মৃত্যু হৈছে ঠিক তেনেদৰে খেতি পথাৰত যাব নোৱাৰি বাঁহ খাবলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল । গতিকে এইবাৰ এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব হাতী-মানুহৰ । কেইবছৰমান আগতে হাতীয়ে খেতিপথাৰৰ অনিষ্ট সাধন কৰিছিল,কিন্তু মানুহৰ ঘৰ দুৱাৰৰ ওপৰত কোনোধৰণৰ অনিষ্ট সাধন কৰা নাছিল । আচলতে বনাঞ্চলসমূহ ধ্বংস হোৱাৰ পাছত হাতীৰজাক ওলাই আহিল আৰু চাহ বাগিচাৰ লগতে মানুহৰ বসতি প্ৰধান অঞ্চলত বসবাস কৰি আহিছে । যাৰ ফলত হতীৰ এতিয়া খাদ্যাভ্যাস সলনি হৈছে কাৰণ হাতীয়ে নিজৰ খাদ্য বুলি ধান খেতিৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী খাইছে ।"

তেওঁ পুনৰ কয় যে এই হাতীৰ জাকৰ প্ৰকৃত বাসস্থান দেওপাহাৰ আৰু নামবৰ বনাঞ্চল । কিন্তু এতিয়া তাত নুমলীগড় শোধনাগাৰ স্থাপন কৰা হৈছে । গতিকে মানুহৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে বনাঞ্চল সমূহ সংকুচিত হৈ আহিছে। যেতিয়া হাতীৰ বাসস্থানসমূহ নাইকীয়া হৈ হ'ল তেতিয়া খাদ্য সংকটত ভুগিছে । বাগিচাসমূহে এই হাতীখিনিক জীয়াই ৰাখিছে, কোনো বনাঞ্চলে বচাই ৰখা নাই ।"

প্ৰকৃতিপ্ৰেমীগৰাকীয়ে কয় যে বৰ্তমান এই হাতী-মানুহৰ সংঘাতক লৈ কোনোধৰণৰ সজাগতাৰ প্ৰয়োজন নাই । হাতী সংৰক্ষণ কথা বুজাই লাভ নাই,কাৰণ ৰাইজে বুজি পাইছে । গতিকে এই অৱস্থাৰ পৰা হাতী আৰু ৰাইজক বচাবলৈ এটা উপায় আছে-যিখিনি খেতিপথাৰ হাতীয়ে বিনষ্ট কৰে খেতিয়কসকলক তাৰ উচিত ক্ষতি পূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এতিয়া আৰু বনাঞ্চলত গছপুলি ৰোপণ কৰাৰ কোনো বাস্তৱ পদক্ষেপ নহয় ,কাৰণ প্ৰাকৃতিকভাৱে যিসমূহ গছ-গছনি উঠে সেইখিনি গজিবই ।

লগতে পঢ়ক:বিগত ৫ বছৰত শোণিতপুৰ আৰু চিৰাঙত ২৭ টা হাতীৰ মৃত্যু

কলিয়াবৰৰ ৰাঙলুৰ আমদাঙাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

Last Updated : 4 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.