ETV Bharat / state

বন্য়হস্তীৰ আক্ৰমণত শ্ৰমিকৰ মৃত্য়ুক লৈ উত্তাল মৰিয়নী - Wild elephant terror

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 5:13 PM IST

Elephant attack in Mariani : যোৰহাটত অব্যাহত হাতী-মানুহৰ সংঘাত । পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজনে ।

Man Elephant Conflict
ৰাজ্য়ত অব্য়াহত হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)

যোৰহাট, ৭ ছেপ্টেম্বৰ: ৰাজ্য়ত অব্য়াহত আছে হাতী-মানুহৰ সংঘাত । এই সংঘাতৰ মাজতেই যোৰহাট জিলাৰ মৰিয়নীত শনিবাৰে পুৱাই সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা । এটা বৃহৎ হাতীৰ জাকৰ আক্ৰমণত মৃত্য়ু হয় বাগিচখনৰ এজন শ্ৰমিকৰ । এই ঘটনাটো সংঘটিত হোৱাৰ পিছতেই স্থানীয় শ্ৰমিকসকলে যোৰহাট জিলা বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

ঘটনাৰ বিৱৰণি অনুসৰি, শনিবাৰে পুৱাই গিবন অভায়ৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহে এটা বৃহৎ হাতীৰ জাক । এই হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত মৰিয়নী ডকলঙীয়াৰ কলিয়াপানী চাহ বাগিচাত প্ৰৱেশ কৰে । সেই সময়ত প্ৰাতঃকৃত্য়ৰ বাবে উক্ত বাগিচাখনৰ এজন শ্ৰমিক তাত উপস্থিত হয় । চকুৰ সন্মুখত হাতীৰ জাকটো দেখি গণ মুণ্ডা(৩৫) নামৰ শ্ৰমিকজনে এই জাকটোক খেদিবলৈ আগুৱাই যাওতেই তেওঁক আক্ৰমণ কৰে । হাতীৰ আক্ৰমণত ঘটনাস্থলীতেই মৃত্য়ু হয় শ্ৰমিকজনৰ ।

এজন শ্ৰমিকে বন্যহস্তীৰ গচকত অকালতে মৃত্যুক সাৱটিবলগীয়া হোৱাত শ্ৰমিক ৰাইজে সম্পূৰ্ণৰূপে জগৰীয়া কৰিছে যোৰহাট জিলা বন বিভাগক । হাতী অহা-যোৱা কৰা স্থানত বন বিভাগক ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকে বাৰম্বাৰ দাবী জনাই আহিছে । লগতে বন বিভাগৰ টহলৰ ব্যৱস্থা কৰিবলৈও শ্ৰমিকসকলে দাবী জনাই অহাৰ পিছতো আজিলৈকে বিভাগটোৱে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ।

  • এককালীন সাহাৰ্য আৰু কৰ্মসংস্থাপন দিবলৈ দাবী

ক্ষুব্ধ শ্ৰমিকসকলে গণ মুণ্ডাৰ পৰিয়ালটোক এককালীন সাহাৰ্য আৰু কৰ্মসংস্থাপন দিবলৈ দাবী জনায় । এই লিখিত প্ৰতিশ্ৰুতি নিদিয়ালকৈ শ্ৰমিকজনৰ মৃতদেহ নিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে । ইয়াৰ পিছত প্ৰশাসনে উপযুক্ত ক্ষতিপৃৰণ দিয়াৰ আশ্বাস প্ৰদান কৰে ।

উল্লেখ্য় যে গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ আক্ৰমণত এতিয়ালৈকে ৫জন লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । ইতিমধ্যে ঘটনাস্থলীত মৰিয়নী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ লগতে আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:তেজপুৰত বনৰীয়া হাতীৰ আক্ৰমণত কিশোৰী আহত - Wild elephant terror

গোৱালপাৰাত বন্যহস্তীৰ গচকত পুনৰ এজনৰ মৃত্যু - Elephant Man Conflict

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.