ETV Bharat / state

গোৱালপাৰাত বন্যহস্তীৰ গচকত পুনৰ এজনৰ মৃত্যু - Elephant Man Conflict

Elephant attack in Goalpara : গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী লোক । বনৰীয়া হাতীয়ে ভৰিৰে গচকি প্ৰাণ ল’লে লোকজনৰ । লোকজন ৰংজুলিৰ পণ্ডিতপাৰা গাঁৱৰ সুভাষ চন্দ্ৰ ৰাভা (৪৫) ।

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 3:40 PM IST

Elephant attack in Goalpara
গোৱালপাৰাত বন্যহস্তীৰ গচকত পুনৰ এজনৰ মৃত্যু (ETV Bharat Assam)

গোৱালপাৰা, ২৩ জুন: গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । শনিবাৰে নিশা জিলাখনৰ ৰংজুলিৰ পণ্ডিতপাৰা গাঁৱত পুনৰ এগৰাকী লোকে প্ৰাণ হেৰুৱালে বনৰীয়া হাতীৰ আক্ৰমণত । হাতীৰ আক্ৰমণত নিহত হোৱা লোকজন পণ্ডিতপাৰা গাঁৱৰ সুভাষ চন্দ্ৰ ৰাভা (৪৫) বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰা মতে, শনিবাৰে নিশা বিদ্যুৎ নথকাত গৰমৰ বাবে ঘৰৰ সন্মুখৰ ৰাস্তাত ঠাণ্ডা বতাহ পাবলৈ ওলাই গৈছিল সুভাষ চন্দ্ৰ ৰাভা নামৰ লোকজন । ৰাস্তাৰ কাষেৰে ঘূৰি ফুৰি থাকোতে হঠাৎ মুখামুখি হয় এটা অকলশৰীয়া বনৰীয়া হাতীৰ সৈতে । হঠাতে প্ৰকাণ্ড বনৰীয়া হাতীৰ মুখামুখি হোৱাত হতভম্ব হৈ লোকজনে চিঞৰ-বাখৰ কৰাত বনৰীয়া হাতীটোৱে সুভাষক শুঁৰেৰে মেৰিয়াই ধৰি ভৰিৰে গচকি প্ৰাণ কাঢ়ি নি ওচৰৰে আন এঘৰৰ বাৰীত পেলাই থৈ যায় ।

লগতে পঢ়ক: হাতী-মানুহৰ সংঘাত: খাদ্যৰ যোগান ধৰি সংঘাত ৰোধৰ চেষ্টা বিহালীত

পৰৱৰ্তী সময়ত গাঁৱৰ ৰাইজ ওলাই আহি সুভাষ চন্দ্ৰ ৰাভাৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়াল লোকক খবৰ দিয়াৰ লগতে বন বিভাগক অৱগত কৰোৱায় । নিশাই বন বিভাগৰ লোক আৰু ৰংজুলি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো ৰংজুলি থানালৈ লৈ আহে । উল্লেখ্য যে গাঁওখনৰ ভিতৰত অকলশৰীয়া বনৰীয়া হাতী এটা সোমাই থকাৰ কোনো সম্ভেদ পোৱা নাছিল গাঁওবাসীয়ে ৷

লগতে পঢ়ক: বনমন্ত্ৰী কিহত ব্যস্ত ? গোৱালপাৰাত হাতী-মানুহৰ সংঘাতে কি ৰূপ লৈছে জানেনে ?

পিচত স্থানীয় ৰাইজৰ সহযোগত বন বিভাগৰ লোকে অকলশৰীয়া বনৰীয়া হাতীটোক জংঘললৈ খেদি পঠিয়ায় । আনহাতে দেওবাৰে পুৱা সুভাষ চন্দ্ৰ ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । উল্লেখযোগ্য যে, সম্প্ৰতি গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ উপদ্ৰৱত ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । বন বিভাগে বনৰীয়া হাতীৰ উপদ্ৰৱৰ স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে ইয়াতকৈ ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ঘণীভূত হৈ পৰিছে জিলাখনত ।

লগতে পঢ়ক: গোলাঘাটত হাতী খেদিবলৈ শকতি নাই বনবিভাগৰ, ৰাইজেই কান্ধপাতি ল’লে দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.