ETV Bharat / state

টকা বিচাৰি কিয় জেংৰাইমুখ থানাত ভিৰ কিয় ? - Fake health company in Majuli - FAKE HEALTH COMPANY IN MAJULI

Fake health company in Majuli: জেংৰাইমুখ আৰক্ষী থানালৈ পুৱাৰে পৰা আগমন ঘটিছে এজনৰ পাচত আনজন লোকৰ ৷ থানাৰ চৌহদত ভিৰ কৰিছে শ শ লোকে ৷ অধিকাংশই হাতত লৈ আহিছে ৰচিদ আৰু বিল ৷

Fake health company in Majuli
জেংৰাইমুখ আৰক্ষী থানা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 10:45 PM IST

মাজুলী, ১১ জুন: মাজুলী লাইফ হেল্ড কেয়াৰ কোম্পানীৰ নামেৰে ভুৱা প্ৰতিষ্ঠান গঢ়ি লাখ লাখ টকা লুট কৰা পলাশ জ্যোতি বৰাক আৰক্ষীয়ে আটক কৰাৰ পাচতেই প্ৰাপ্য ধন বিচাৰি জেংৰাইমুখ আৰক্ষী থানাৰ চৌহদত ভিৰ কৰিছে ভুক্তভোগীয়ে ৷ মঙলবাৰে পুৱাৰে পৰাই থানালৈ আগমন ঘটে এজনৰ পাচত আনজন ভুক্তভোগীৰ ৷ পইচা দিয়াৰ ৰচিদ আৰু বিল লৈ ভিৰ কৰে বিনিয়োগকাৰী তথা প্ৰলোভনত পৰি ধন দিয়া লোকসকলে । কেইবাগৰাকী লোকে মাটি বিক্ৰী কৰি বৰাক টকা দিয়া তথ্য পোহৰলৈ আহিছে ।

লগতে পঢ়ক: চিকিৎসা সেৱাৰ নামত হ’ব পাৰে সৰ্বস্বান্ত : স্বাস্থ্য় সেৱা কাৰ্ড বনোৱাৰ নামত মাজুলীত সংগ্ৰহ লক্ষাধিক ধন - Fake health company in Majuli

উল্লেখ্য যে, মাজুলী লাইফ হেল্ড কেয়াৰ কোম্পানীৰ নামেৰে ভুৱা প্ৰতিষ্ঠান গঢ়ি মালিক পলাশ জ্যোতি বৰাই চলিত বৰ্ষৰ জানুৱাৰীত উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ জৰিয়তে আৰম্ভ কৰিছিল ই-ক্লিনিকৰ । ভুৱা স্বাস্থ্য সেৱাৰ নামত লাখ লাখ টকা লুটি উধাও হৈছিল লাইফ কোম্পানীৰ স্বত্বাধিকাৰীটো ।

সোমবাৰে ৰাতি ঢকুৱাখানাৰ পৰা কৌশলেৰে ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে কোম্পানীৰ মালিক যোৰহাটৰ পলাশ বৰাক । ভুৱা প্ৰতিষ্ঠানটোৰ লগত নাম সাঙোৰ খাইছে প্ৰাক্তন শ্ৰী ৰাম পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱাৰো । উজনি মাজুলীৰ প্ৰায় বিশখনৰো অধিক গাঁৱৰ প্ৰায় শতাধিক পুৰুষ-মহিলাৰ পৰা চাকৰি দিয়াৰ নামত আৰু স্বাস্থ্য সেৱাৰ ৰেহাই কাৰ্ড দি পলাশ বৰাই লুটিছিল ধন । লগতে কোম্পানীটোৱে কৰিছিল বিভিন্ন ঔষধিযুক্ত গছৰ ছালৰ ব্যৱসায় ।

লগতে পঢ়ক: "চৰকাৰী চাকৰি" লৈ ঋণত ডুবিল বহু যুৱক ! লখিমপুৰত অভূতপূৰ্ব প্ৰৱঞ্চনা - Job Cheating in Lakhimpur

ইয়াৰোপৰি ঔ-টেঙাৰ গুৰি, মানিমুনি, ভেদাইলতা, জমলাকুটি, অৰ্জুন চালৰ গুৰি, শতমুলৰ গুৰি, তোৰা কদম চালৰ গুৰি আদি সংগ্ৰহৰ বাবে বহুলোকক কামত লগোৱা হৈছিল আৰু তাৰ বিনিময়ত পইচা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । চাকৰিৰ নামত হাজাৰৰ পৰা লাখ টকালৈকে সংগ্ৰহ কৰিছিল অভিযুক্ত পলাশ বৰাই । অতি দৰিদ্ৰ শ্ৰেণীৰ লোকৰ পৰা প্ৰলোভনেৰে লুটিছিল ধন ।

স্বাস্থ্য কৰ্মী নিয়োগৰ বাবে প্ৰকাশ কৰিছিল বিজ্ঞাপন । প্ৰায় এশগৰাকী যুৱতী-মহিলা নিয়োগ কৰাৰ বাবদ তেওঁ প্ৰত্যেকৰ পৰা ৫ হেজাৰ টকালৈ সংগ্ৰহ কৰে । সেইমতে তেওঁলোকক দৰমহাৰ নামত ৮ হেজাৰ টকাকৈ প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল । ছমাহৰ নামত দিছিল মাত্ৰ দুদিনৰ প্ৰশিক্ষণ । চাকৰি দিয়াৰ প্ৰলোভনেৰে প্ৰায় এশগৰাকী যুৱতী-মহিলাক কৰ্ডিনেটৰ, নাৰ্চ, কাৰ্যালয় সহায়ক, কৰ্মচাৰী আদি বিভিন্ন পদবীত শ্ৰেণী বিভাজন কৰি এইসকল যুৱতী-মহিলাৰ জৰিয়তে ই-ক্লিনিকৰ নামত হেল্ড কেয়াৰ কাৰ্ড প্ৰদান কৰাৰ বাবদ সাধাৰণ জনতাৰ পৰা সংগ্ৰহ কৰে পাঁচশ টকা ।

লগতে পঢ়ক: চি ডি এমত জমা নকৰি আত্মসাৎ কোটি কোটি টকা : গুৱাহাটীত জালত পৰিল প্ৰৱন্ধক - Manager Arrested In Guwahati

ই-ক্লিনিকৰ নাৰ্চৰ দৰে পশু চিকিৎসাৰ বাবেও পশু মিত্ৰ নামেৰে নিযুক্ত দিয়ে বহুজনক । এই পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীয়ে দিছিল দহ হেজাৰকৈ টকা । ইয়াৰ বিনিময়ত তেওঁলোকে মাহেকীয়া বেতনৰ নামত লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল সাত হেজাৰকৈ টকা । কিন্তু দৰমহা দিয়াৰ দিন আহি পৰাত আজি দিম, কালি দিমকৈ পইচা লাভ নকৰিলে লোকসকলে । ইয়াৰ পাচতেই আজি জেংৰাইমুখ থানাত অভিযুক্তগৰাকী ধৰি থোৱা বুলি জানিব পাৰি
পুৱাৰে পৰা জেংৰাইমুখ থানাত পইচা দিয়াৰ ৰচিদ আৰু বিল লৈ ভিৰ কৰে বিনিয়োগকাৰী তথা প্ৰলোভনত পৰি ধন দিয়া লোকসকলে ।

অভিযুক্ত পলাশ বৰাই মুঠ প্ৰায় ৩০ লাখতকৈও অধিক টকা সংগ্ৰহ কৰে মাজুলীৰ দৰিদ্ৰ নিবনুৱা সাধাৰণ লোকসকলৰ পৰা । কেইবাগৰাকী লোকে মাটি বিক্ৰী কৰি টকা দিয়া তথ্য পোহৰলৈ আহিছে । সম্প্ৰতি জেংৰাইমুখ আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত পলাশ বৰাৰ সোধা-পোছা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: সোণৰ গহণা, কাঁহ-পিতলৰ সামগ্ৰী চাফা কৰোতে সাৱধান, আপুনিও বলি হ'ব পাৰে প্ৰৱঞ্চনাৰ - Fraud case in Dibrugarh

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.