ETV Bharat / state

টাৱাঙত 74 সংখ্যক মেজৰ বব খাটিং দিৱস পালন - Remembers Major Bob Khathing

Major Bob Khating : টাৱাং স্মৃতিসৌধত 74 সংখ্যক মেজৰ বব খাটিং দিৱস পালন ৷ 1951 চনৰ 14 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে টাৱাঙত ত্ৰিৰংগা পতাকা উত্তোলন কৰিছিল মেজৰ বব খাটিঙে ৷ ভাৰত-চীন সীমান্তৰ টাৱাঙত ভাৰতীয় অসামৰিক প্ৰশাসন আনুষ্ঠানিক প্ৰতিষ্ঠা বাস্তৱায়িত কৰিছিল তেওঁ ৷

Major Bob Khating
মেজৰ বব খাটিং দিৱস পালন
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 3:40 PM IST

তেজপুৰ, 15 ফেব্ৰুৱাৰী : টাৱাঙত 74 সংখ্যক মেজৰ বব খাটিং দিৱস পালন ৷ ভাৰতীয় সশস্ত্ৰ বাহিনী, টাৱাং জিলা প্ৰশাসন আৰু টাৱাঙৰ স্থানীয় ৰাইজে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চহৰৰ টাৱাং স্মৃতিসৌধত 74 সংখ্যক মেজৰ বব খাটিং দিৱস পালন কৰে ৷ টাৱাং ব্ৰিগেডৰ সামৰিক বিষয়া, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া, ছাত্ৰ-ছাত্ৰী, নেতা, সেনাৰ প্ৰবীণ বিষয়ববীয়াই এই দিৱসত অংশগ্ৰহণ কৰে ৷ প্ৰথাগত মাল্যাৰ্পণৰ দ্বাৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত ত্ৰিৰংগ উন্মোচন কৰি মেজৰ বব খাটিঙলৈ শ্ৰদ্ধা নিবেদন কৰা হয় ৷

Major Bob Khating
মেজৰ বব খাটিং দিৱস

উল্লেখ্য যে, ভাৰতীয় সেনাৰ এগৰাকী অখ্যাত সেনানী মেজৰ বব খাটিং ৷ ভাৰতৰ স্বাধীনতাৰ পাছত মেজৰ বব খাটিঙক সুদূৰ টাৱাং অঞ্চলত ভাৰতীয় প্ৰশাসন প্ৰতিষ্ঠা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৷ 1951 চনৰ 14 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে টাৱাঙত ত্ৰিৰংগা পতাকা উত্তোলন কৰিছিল নিযুক্তিপ্ৰাপ্ত সহকাৰী ৰাজনৈতিক বিষয়া মেজৰ বব খাটিঙে ৷ তেওঁ টাৱাঙত ভাৰতীয় প্ৰশাসন স্থাপনৰ আৰম্ভণি কৰিছিল ৷ 200 জন অসম ৰাইফলছৰ সৈন্য আৰু 600 পৰ্টাৰৰ দল এটাক কঠিন অভিযানৰ নেতৃত্ব দি, ভাৰত-চীন সীমান্তৰ টাৱাঙত ভাৰতীয় অসামৰিক প্ৰশাসন আনুষ্ঠানিক প্ৰতিষ্ঠা বাস্তৱায়িত কৰিছিল তেওঁ ৷

Major Bob Khating
টাৱাঙত মেজৰ বব খাটিং দিৱস পালন

অটল সংকল্প আৰু কূটনৈতিক সূক্ষ্মতাৰে সজ্জিত হৈ তেওঁ হিমালয়ৰ ভূখণ্ডত খোজ কাঢ়িছিল, স্থানীয় লোকৰ মাজত বিভাজন দূৰ কৰিছিল আৰু স্থানীয় জনসাধাৰণৰ মাজত আস্থা গঢ়ি তুলিছিল ৷ অক্লান্ত পৰিশ্ৰম আৰু প্ৰকৃত সহানুভূতিৰ জৰিয়তে মেজৰ খাটিঙে টাৱাঙক ভাৰতীয় ভূখণ্ডৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰি শাসন আৰু উন্নয়নৰ ভেটি স্থাপন কৰিছিল৷ তেওঁৰ কৌশলগত নেতৃত্ব আৰু ঐক্যৰ প্ৰতি দায়বদ্ধতাই মসৃণ পৰিৱৰ্তন নিশ্চিত কৰিছিল, যাৰ ফলত তেওঁ সকলোৰে সন্মান আৰু প্ৰশংসা লাভ কৰিছিল ৷

Major Bob Khating
টাৱাং স্মৃতিসৌধত মেজৰ বব খাটিং দিৱস পালন

আজিও টাৱাঙে মেজৰ বব খাটিঙৰ অদম্য মনোভাৱ আৰু দূৰদৰ্শী নেতৃত্বৰ এক উজ্জ্বল দৃষ্টান্ত হিচাবে থিয় দিছে ৷ তেতিয়াৰ পৰাই ভাৰতীয় সশস্ত্ৰ বাহিনী, টাৱাং প্ৰশাসন আৰু স্থানীয় ৰাইজে প্ৰতি বছৰে এই দিৱস অতি উদ্যম আৰু উৎসাহেৰে পালন কৰি আহিছে ৷ মেজৰ বব খাটিঙক কেৱল তেওঁৰ উল্লেখযোগ্য কৃতিত্বৰ বাবেই নহয়, শান্তি, ঐক্য আৰু জাতি গঠনৰ চিৰস্থায়ী উত্তৰাধিকাৰৰ বাবেও শ্ৰদ্ধা কৰা হয় ৷

লগতে পঢ়ক : পুলৱামা আক্ৰমণৰ পঞ্চম বাৰ্ষিকী; এতিয়াও দেশবাসীৰ মনত সজীৱ দুৰ্বিষহ স্মৃতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.