গুৱাহাটী, 12 মে’ : কেন্দ্ৰীয় লোকসেৱা আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব বিচৰা শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ চাণক্য আই এ এছ একাডেমীৰ গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত শনিবাৰে 'ইউ পি এছ চি/এ পি এছ চিৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব’ শীৰ্ষক এক বিনামূলীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয় । এই শৈক্ষিক কৰ্মশালাখনিৰ পৰিচালনা কৰে চাণক্য একাডেমীৰ পৰা 2023 বৰ্ষত ইউ পি এছ চি পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা মেজৰ অভিনন্দনে ।
কৰ্মশালাখনিত মেজৰ অভিনন্দনে ইউ পি এছ চি আৰু এ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিচৰা শিক্ষাৰ্থীসকলৰ মনত উদয় হোৱা বিভিন্ন প্ৰশ্ন আৰু উদ্বেগ দূৰ কৰি এই বাধাসমূহ কিদৰে অতিক্ৰম কৰিব পাৰি, সেই সন্দৰ্ভত সমিধান আৰু পদ্ধতিৰ বিষয়ে আলোচনা কৰে ।
মেজৰ অভিনন্দনে লগতে 2023 বৰ্ষৰ ইউ পি এছ চি পৰীক্ষাত তেওঁ কেনেদৰে সফলতা আৰ্জিবলৈ সক্ষম হয় সেই সন্দৰ্ভতো শিক্ষাৰ্থীসকলৰ সৈতে বিনিময়ত অংশগ্ৰহণ কৰে । মেজৰ অভিনন্দনৰ উপস্থিতিত অনুষ্ঠিত কৰ্মশালাখনি সন্দৰ্ভত মত ব্যক্ত কৰে কেন্দ্ৰটোৰ সঞ্চালক কৌৰংগ নয়নী চেতিয়াই ৷
তেওঁ কয়, ‘‘আমাৰ কেন্দ্রৰ ছাত্র-ছাত্রীসকলৰ বাবে মেজৰ অভিনন্দনে বহুমূলীয়া সময় প্ৰদান কৰাৰ বাবে মেজৰ অভিনন্দনক আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো । তেওঁৰ উপস্থিতিয়ে সঁচাকৈয়ে শিক্ষাৰ্থীসকলৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ৷ ইয়াৰ লগতে আগন্তুক ইউ পি এছ চি আৰু এ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ শৈক্ষিক যাত্ৰাতো নিশ্চিতভাৱে এই কৰ্মশালাখনি সহায়ক হ’ব ।”