ETV Bharat / state

অত্যাধুনিক কৌশলেৰে নিৰ্মিত বিলাসী বাহন মুকলি - luxury vehicles launched

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 9:31 PM IST

Vanity Van Bayujit: নর্থ ইষ্ট ম'টৰ্ছে আজি অত্য়াধুনিক ডিজাইন তথা সুবিধাযুক্ত বাহন মুকলি কৰে । ভ্রমণ সুচল হোৱাৰ লক্ষ্যৰে নৰ্থ ইষ্ট ম'টৰ্ছে মুকলি কৰে ভেনিটি ভান বায়ুজিত ।

Vanity Van Bayujit
নর্থ ইষ্ট ম'টৰ্ছৰ সংবাদমেল

নর্থ ইষ্ট ম'টৰ্ছৰ সংবাদমেল

গুৱাহাটী, ২২ মার্চ: নর্থ ইষ্ট ম'টৰ্ছে আজি গুৱাহাটীত মুকলি কৰে বিলাসী বাহন বায়ুজিত । গুৱাহাটীত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত নৰ্থ ইষ্ট ম'টৰ্ছৰ পৰিচালন সঞ্চালক সঞ্জয় গোস্বামীয়ে অত্য়াধুনিক ডিজাইন তথা সুবিধাৰে পৰিপূৰ্ণ বায়ুজিত মুকলি কৰে । অত্যাধুনিক প্রযুক্তি কৌশলৰ সমাহাৰ ঘটিছে এই বাহনখনত । দৃষ্টিনন্দন ফার্নিছিং, আধুনিক সকলো সুবিধা সম্বলিত বিলাসী হোটেলৰ দৰে আছে কোঠা । এই সন্দৰ্ভত নৰ্থ ইষ্ট ম'টৰ্ছৰ পৰিচালন সঞ্চালক সঞ্জয় গোস্বামীয়ে এক সংবাদমেলো সম্বোধন কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বাহনখনৰ বিশেষত্ব সন্দর্ভত সংবাদমেলখনত পৰিচালন সঞ্চালক সঞ্জয় গোস্বামীয়ে কয় যে ষ্টাৰ,চেলিব্রিটী,ৰাজনীতিকৰ জগতখন কেৱল গ্লেমাৰেৰে ভৰি থকা নাই, লগত আছে তেওলোকৰ নিৰাপত্তা আৰু গোপনীয়তা । লক্ষজনৰ হৃদয়ত হাঁহি বিৰিঙাই দিবলৈ সক্ষম হোৱা এইসকল লোকৰ ব্যৱহাৰৰ বাবে তথা ভ্রমণ সুচল হোৱাৰ লক্ষ্যৰে নৰ্থ ইষ্ট ম'টৰ্ছে মুকলি কৰে ভেনিটি ভান বায়ুজিত। বাহনখনত লাউঞ্জ আৰু বেডৰুমৰ পৰা পাকঘৰ, বাথৰূম, অগ্নি নির্বাপন সুবিধা, উচ্চমানৰ মিনিয়েচাৰ চাৰকুইত ব্ৰেকাৰ, জৰুৰী প্ৰস্থান দ্বাৰ, চিচিটিভি কেমেৰা, ৩৬০° কেমেৰা আদি সকলো আছে ।

তেওঁ পুনৰ কয় যে অতি মজবুত ৰূপত নিৰ্মাণ কৰা বায়ুজিতত সংযোজিত সুবিধাসমূহৰ বিষয়ে জানিলে সকলোৰে ধাৰণা স্পষ্ট হ'ব যে এই বাহনখন বিলাসী আৱাসগৃহ বা বিশ্বৰ নামী-দামী হোটেলৰ কক্ষতকৈ কোনোগুণে কম নহয় । বায়ুজিতৰ চালকৰ কেবিনত ৩৬০° কেমেৰা ব্যবস্থা ৰখা হৈছে । চালকৰ চকুৰ সন্মুখতেই কেমেৰাত সকলো দৃশ্যমান হৈ থাকিব ।

বেডৰূমত হাইড্ৰ'লিক স্কিছৰ লিফটত স্থাপন কৰা কিং চাইজ চোফা তথা বিচনা আছে । লগতে আছে ক্লচেটছ, ৱাৰড্ৰপচ আৰু ড্ৰয়াৰ । ৬ গৰাকী ব্যক্তি বহিব তথা জিৰণি লোৱাৰ সুন্দৰ ব্যবস্থা আছে । ইয়াৰে ৪ টা অটোমেটিক ৰিক্লাইনিং চিট আৰু সম্মুখৰ শাৰীত ২ টা সম্পূর্ণ বিভলভিং চিট । লাউঞ্জত আমেৰিকাৰ প্ৰখ্যাত চনোচৰ প্রিমিয়াম ছাউণ্ড চিষ্টেমসহ ৫৫ ইঞ্চিৰ টিভি, বিমানত ব্যৱহৃত লাইট আৰু এ চি ভেন্টছ থাকিব । পাকঘৰত আছে আমেৰিকাৰ কোম্পানীৰ কীটছেন চিংক, জার্মানীৰ কোম্পানীৰ চিমনি, ১৯০ লিটাৰৰ ৰেফ্ৰিজাৰেটৰ,মাইক্ৰৱেভ, ইটালীৰ কফি প্রস্তুত কৰা মেচিন ইত্যাদি ।

লগতে পঢ়ক:গুৱাহাটীত আজিৰে পৰা অসম জুৱেলাৰী এক্সপ’ - Assam Jewellery Expo

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.