ETV Bharat / state

সৰ্বানন্দ সোণোৱালক মৌন সোণোৱাল আখ্যা লুৰীণজ্যোতি গগৈৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024 : "নিমাতী কইনাক আপোনালোকে বহুত চালে, গতিকে মোক এবাৰ পঠাই চাওক সাংসদৰ মাজলৈ ৷ তেতিয়া গম পাব অসমতো সিংহ জীয়াই আছে, দিল্লীৱালাকো দেখুৱাম আৰু অসমকো দেখুৱাম ৷ সেইজনাই মাত্ৰ হয় হুজুৰ দিয়ে, চাবি দিয়াৰ পুতলাৰ দৰে ৷" এই মন্তব্য লুৰীণজ্যোতি গগৈৰ ৷

Lok Sabha Election 2024
সৰ্বানন্দ সোণোৱালক মৌন সোণোৱাল আখ্যা লুৰীণজ্যোতি গগৈৰ
author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 4:45 PM IST

সৰ্বানন্দ সোণোৱালক মৌন সোণোৱাল আখ্যা লুৰীণজ্যোতি গগৈৰ

তিনিচুকীয়া, ২১ মাৰ্চ : লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন ৷ বৃহস্পতিবাৰে তিনিচুকীয়াত অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ উপস্থিতিত এক বিশেষ সভাৰ আয়োজন কৰা হয় ৷ এই সভাখনত অসম জাতীয় পৰিষদ, কংগ্ৰেছ, ৰাইজৰ দলকে আদি কৰি বিৰোধী ঐক্য মঞ্চৰ শতাধিক ৰাইজ উপস্থিত থাকে ৷

এই সভাত লুৰীণজ্যোতি গগৈয়ে কয় যে, সাম্প্ৰতিক সময়ত সকলোতকৈ অন্যায় কৰা ব্যক্তিগৰাকীয়ে হ’ল সৰ্বানন্দ সোণোৱাল ৷ লগতে গগৈয়ে কয়, "পূৰ্বৰ সাংসদগৰাকী পলায়ন কৰাৰ দিনাই আমাৰ প্ৰথম জয় হৈছে ৷ আমাৰ হাতত ৬২% ভোট আছে, বিৰোধীৰ হাতত আছে ৷ ইয়াক একত্ৰিত কৰাৰ দায়িত্ব আপোনাৰ, আমাৰ, সকলোৰে ৷ ৩ লাখ অসম জাতীয় পৰিষদৰ, ৩ লাখ ২০ হাজাৰ কংগ্ৰেছৰ, নিৰ্দলীয়ৰ ভোট ৩০ হাজাৰ ৷ গতিকে আমাৰ জয় নিশ্চিত ৷ আমি ইয়াত কাম কৰিলে নৰেন্দ্ৰ মোদী আহিলেও আমাক হৰুৱাব নোৱাৰে, আমি আজিৰে পৰাই ২৪ ঘণ্টাই কাম কৰিব লাগিব ৷"

"ইয়াৰ বিপৰীতে শাসকীয় চৰকাৰখনে মূল্যবৃদ্ধি দুগুণ কৰিছে, বিজুলীৰ বিল বাঢ়িল ৷ এতিয়া জনতাৰ বিদ্ৰোহ বাঢ়িছে বিজেপিৰ বিৰুদ্ধে ৷ মাত্ৰ হিতাধিকাৰীৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে বিজেপি দলটোৱে ৷ অংগনৱাড়ী কৰ্মীসকলে আজি নিজৰ প্ৰাপ্যৰ বাবে যুঁজিব লগা হৈছে ৷ ৰান্ধনী সকলক ১২০০ দি আছে, ১২০০ টকাৰে আজিৰ দিনত পৰিয়াল চলিব পাৰেনে ?" এইদৰে চৰকাৰক সমালোচনা কৰে গগৈয়ে ৷

ইফালে, ডিব্ৰুগড়ত যিগৰাকী বিজেপিৰ প্ৰাৰ্থী আছে সেইগৰাকী নিমাতী কইনা বুলি সকলোৱে জানে বুলি গগৈয়ে সৰ্বানন্দ সোণোৱালৰ সন্দৰ্ভত মত প্ৰকাশ কৰে ৷ জনজাতিকৰণৰ কথা ক’লে তেওঁ দিল্লীত মনে মনে থাকে ৷ ঘৰৰ কাষত থকা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ বিশ্ববিদ্যালয়ৰ আধাৰশিলাৰ বাহিৰে আজিলৈকে একো হোৱা নাই ৷ ৰাজ্যৰ মাটি বাংলাদেশক দি দিছে, জাতি-মাটি-ভেটি ৰক্ষা কৰিম বুলি কৈ অসমত ৮ লাখ মানুহ ভূমিহীন হৈ আছে ৷ আজিলৈকে একো দিব নোৱাৰিলে সেইজনাই, কিন্তু অসমৰ ৰাইজে বহুত দিলে ৷ বিধায়ক বনালে, সাংসদ বনালে, মন্ত্ৰী বনালে, মুখ্যমন্ত্ৰী বনালে কিন্তু ডিব্ৰুগড়ত আজিলৈকে কি দিলে ? এতিয়াতো মৌন সোণোৱাল বুলি সকলোৱে তেওঁক কয় বুলি সদৰী কৰে লুৰীণজ্যোতি গগৈয়ে ৷

লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে, প্ৰথমে তেখেতে ৰাইজক ক্ষমা বিচাৰিব লাগে ৷ জনজাতিকৰণ নোৱাৰিলে, পাঁচজনক গুলীয়াই মাৰিলে, কিন্তু শ্বহীদ বুলি ঘোষণা কৰিব নোৱাৰিলে ৷

"নিমাতী কইনাক আপোনালোকে বহুত চালে, গতিকে মোক এবাৰ পঠাই চাওক সাংসদৰ মাজলৈ ৷ তেতিয়া গম পাব অসমতো সিংহ জীয়াই আছে, দিল্লীৱালাকো দেখুৱাম আৰু অসমকো দেখুৱাম ৷ সেইজনাই মাত্ৰ হয় হুজুৰ দিয়ে, চাবি দিয়াৰ পুতলাৰ দৰে ৷ অকল নিজৰ চকীখন বচাবলৈ কান্দে ৷ জাতীয় সংকট আহোঁতে কান্দি কান্দি কৈছিল 'মোক একাষৰীয়া নকৰিব ৰাইজ' ৷" লুৰীণজ্যোতি গগৈয়ে এইদৰে সৰ্বানন্দ সোণোৱালক কটু ভাষাৰে সমালোচনা কৰে ৷

লগতে পঢ়ক: বিধায়ক বা সাংসদ হোৱাৰ সপোন পূৰাবলৈ গৈ সৰ্বস্বান্ত হোৱা মানুহ আপুনি লগ পাইছেনে ! - Babasaheb Shinde story

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.