ETV Bharat / state

অনিশ্চয়তাত ক্ষুদ্ৰ চাহ খেতিয়ক... - ASSAM Small tea growers - ASSAM SMALL TEA GROWERS

Assam Small tea growers problem : এতিয়াও আঁতৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অনিশ্চয়তা । অৰুণাচলৰ কেঁচা চাহৰ বিৰুদ্ধে ঐক্যবদ্ধ হুংকাৰ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ ।

ASSAM Small tea growers
অনিশ্চয়তাত ক্ষুদ্ৰ চাহ খেতিয়ক... (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 12:25 PM IST

তিনিচুকীয়া, ১৬ জুন : আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতামূলকভাৱে গুণগত চাহ উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷ কিন্তু চাহ কোম্পানীসমূহৰ শোষণৰ সন্মুখীন হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷

অনিশ্চয়তাত ক্ষুদ্ৰ চাহ খেতিয়ক... (ETV BHARAT ASSAM)

কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰাৰ সময়তে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত পহিলা জুনৰ পৰা কলঘৰত নোলোৱাৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ পাচতে হাহাকাৰ লাগিছে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ৷

শনিবাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে ডুমডুমাত এক গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত কৰা হয় । সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ উপস্থিতিত "অসম চাহ"ৰ স্বকীয়তা জীয়াই ৰখাৰ সন্দৰ্ভত আলোচনা কৰা হয় । এই সভাত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সন্মুখত সঘনাই দেখা দিয়া বিভিন্ন সমস্যাসমূহৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

অৰুণাচলত উৎপাদিত চাহ অবৈধভাৱে অসমত প্ৰৱেশ কৰাই অসমৰ চাহৰ নাম লৈ "অসমৰ চাহ"ক ধংস কৰাৰ অভিযোগ উত্থাপিত হৈছে । চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বিৰুদ্ধে চক্ৰান্ত কৰাৰ অভিযোগ কৰে বিভিন্ন দল-সংগঠনে । শীঘ্ৰেই চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পক্ষত গুৰুত্ব নিদিলে আন্দোলনৰ হুংকাৰ দিয়ে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ।

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আন্দোলনত তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । চৰকাৰক তীব্ৰ সমালোচনা কৰে জাতীয় সংগঠনকেইটাই । আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্নবান কৰে জাতীয়-জনগোষ্ঠীয় সংগঠন তথা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ।

লগতে পঢ়ক: অসম চাহ পৰিষদৰে ক্ষুদ্ৰ খেতিয়ক সন্থাৰ বৈঠক, কৃষি মন্ত্ৰীৰ সৈতে আলোচনাৰ আশ্বাস - Assam Chah Parishad

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.