ETV Bharat / state

সোণাপুৰত উচ্ছেদথলীলৈ যাবলৈ নিদিলে কংগ্ৰেছৰ সজাতি দলক : উভতাই পঠিয়ালে স্থানীয় দল-সংগঠনে - Sonapur Eviction Incident

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 4:15 PM IST

Congress delegation in Sonapur : উচ্ছেদিতৰ খবৰ ল’বলৈ গৈ উভতি আহিবলগীয়া হ’ল কংগ্ৰেছৰ সঁজাতি দল ৷ সোণাপুৰত অব্যাহত উচ্ছেদ অভিযানৰ খবৰ ল’বলৈ শনিবাৰে গৈছিল প্ৰদেশ কংগ্ৰেছৰ দল এটা ৷ পিচে খেদি পঠিয়ালে স্থানীয় ৰাইজে ৷ কোনো কাৰণতে ৰাজনৈতিক দলক এই বিষয়টোত সোমাবলৈ দিয়া নাই কচুতলীবাসীয়ে ৷

Congress delegation in Sonapur
সোণাপুৰত উচ্ছেদথলীলৈ যাবলৈ নিদিলে কংগ্ৰেছৰ সজাতি দলক (ETV Bharat Assam)

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : সোণাপুৰৰ কচুতলীত উচ্ছেদিতৰ খবৰ ল’বলৈ যোৱা কংগ্ৰেছৰ সঁজাতি দলক ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই উভতাই পঠিয়ালে স্থানীয় দল-সংগঠনে । শনিবাৰে সোণাপুৰত উচ্ছেদ অভিযানৰ ষষ্ঠটো দিন । আজিৰ দিনটোতো সোণাপুৰত পুনৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গ’ল । সোণাপুৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ডিমৰীয়াৰ দল-সংগঠনৰ মানৱ শৃংখলেৰে ১২ ছেপ্টেম্বৰত উচ্ছেদকাৰী আৰক্ষী-প্ৰশাসনৰ ওপৰত বেদখলকাৰীৰ আক্ৰমণৰ প্ৰতিবাদত মানৱ শৃংখল সৃষ্টি কৰে ৷

আনহাতে সোণাপুৰৰ কচুতলিৰ উচ্ছেদ সন্দৰ্ভত পৰিস্থিতিৰ বুজ ল’বলৈ আহিছিল অসম প্ৰদেশ কংগ্ৰেছৰ কেবাজনো আগশাৰীৰ বিষয়ববীয়াৰ এটা সজাতি দল । কিন্তু কচুতলীৰ উচ্ছেদস্থলীত প্ৰৱেশত বাধা প্ৰদান কংগ্ৰেছৰ বিষয়ববীয়াক ডিমৰীয়াৰ দল-সংগঠনৰ ৷ সোণাপুৰ কচুতলীৰ ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথতে উত্তেজনাময় পৰিস্থিতিৰ সূচনা হয় ৷

কংগ্ৰেছৰ সজাতি দলটোক উভতাই পঠিওৱাৰ মূল কাৰণ হিচাবে স্থানীয় দল-সংগঠনৰ নেতাৰ যুক্তি- “আৰক্ষী-প্ৰশাসনে নিজৰ কাম কৰি আছে । বাহিৰৰ পৰা অহা ৰাজনৈতিক দলৰ ইয়াত কোনো কাম নাই ৷ যোৱা বিশ বছৰ ধৰি আমি এই দাবী জনাই আহিছিলো । কিন্তু গুৰুত্ব পোৱা নাছিল । সেয়ে আমি কালিও এ আই ইউ ডি এফ দলক উভতাই পঠিয়াইছো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই ।”

“যোৱা ১২ ছেপ্টেম্বৰত উচ্ছেদ চলোৱা আৰক্ষী-প্ৰশাসনৰ ওপৰত যি বৰ্বৰোচিত আক্ৰমণ চলোৱা হ’ল আমি তাৰ নিন্দা কৰিছো । আমি আজি সোণাপুৰত স্থানীয় দল-সংগঠনে মানৱ শৃংখলেৰে প্ৰতিবাদ কৰিছো ।”- মন্তব্য প্ৰতিবাদকাৰীৰ ৷

লগতে স্থানীয় প্ৰতিবাদকাৰীসকলে কয়- “বাহিৰা শক্তিয়ে যাতে পুনৰ প্ৰৰোচিত কৰিব নোৱাৰে তাৰ বাবে ৰাজনৈতিক দলক ৰাস্তাৰ পৰাই উভতাই পঠিয়াইছো । কংগ্ৰেছ দলৰ লোকসকলক আমি কোনো কাৰণতে তাত প্ৰৱেশ কৰিব নিদিও ৷”

লগতে পঢ়ক : সোণাপুৰৰ কচুতলীবাসীৰ বাবে এখন বিশেষ জাননী; কি আছে নিৰ্দেশনাটোত ?

সোণাপুৰ কচুতলীৰ উচ্ছেদস্থলীত এ আই ইউ ডি এফৰ বিধায়কক প্ৰৱেশত বাধা

বহিৰাগতৰ অত্যাচাৰ-উৎপীড়ন নচলিব : সকীয়াই দিলে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.