ETV Bharat / state

সংকটত লখিমপুৰৰ পহুমৰা শতজান জলাশয়ৰ জীৱকূল - Satajaan Wetland

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 6:35 PM IST

Satajaan Wetland: লখিমপুৰ নগৰৰ সমীপৰ পহুমৰাত আছে প্ৰাকৃতিক নৈসর্গিক শোভাৰ আকৰ শতজান জলাশয় । দেশী-বিদেশী পক্ষীৰ বিচৰণথলী, বিৰল প্ৰজাতিৰ তৰু-তৃণৰে ভৰা জলাশয়টোত এতিয়া দুস্কৃতিকাৰীৰ উপদ্রৱ । যাৰ বাবে জলাশয়টোৰ প্ৰাণীকূল আৰু তৰু-তৃণ ৰক্ষা কৰিবলৈ প্ৰকৃতিপ্ৰেমী সংগঠনে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে ।

Satajaan Wetland
সংকটত লখিমপুৰৰ পহুমৰা শতজান জলাশয়ৰ জীৱকূল (ETV Bharat Assam)

লখিমপুৰ, ১০ ছেপ্টেম্বৰ: লখিমপুৰ জিলাত আছে ৰাজ্যৰ দ্বিতীয়খন পক্ষী উদ্যান বৰদৈবাম পক্ষী উদ্যান । ইয়াৰোপৰি লখিমপুৰ নগৰৰ সমীপত পহুমৰাৰ কাষত আছে শতজান জলাশয় । পহুমৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নাতিদূৰৈত এফালে কিমিন সংযোগী পথ, আনফালে ৰে’লৱে লাইন আৰু ৰঙানদীৰ মাজত আছে বিশাল জলাশয়টো । প্ৰায় ছটা দশকৰ পূৰ্বে প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা এই জলাশয়টো দেশী-বিদেশী বহু থলুৱা আৰু পৰিভ্ৰমী পক্ষীৰ বিচৰণথলী ।

বহু ধৰণৰ জলজ প্রাণী, বিৰল তৰু-তৃণ আদিৰে ভৰি থকা শতাধিক বিঘা মাটিকালিৰ এই জলাশয়টো চাবলৈ দেশী-বিদেশী পৰ্যটকে ভিৰ কৰে । দূৰ-দূৰণিৰ শিক্ষার্থী সমাজো আহে ক্ষেত্রঅধ্যয়ন কৰিবলৈ । জলাশয়টো মূলতঃ দেশী-বিদেশী পক্ষীৰ বিচৰণথলী হিচাপে আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে । প্ৰকৃতিপ্ৰেমী সংগঠন তথা ৰাইজে এই জলাশয়টো পক্ষী উদ্যান হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে । এনে দাবী উচ্চ ন্যায়ালয়ৰ মজিয়াও পাইছেগৈ ।

উচ্চ ন্যায়ালয়ে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে । এনেবোৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে জলাশয়টোত গোপনে একাংশ দুস্কৃতিকাৰীয়ে উপদ্রৱ চলোৱাৰ কথা পোহৰলৈ আহিছে । জলাশয়টোৰ জলজ প্রাণী, দেশী-বিদেশী পক্ষীক ধৰিবলৈ একাংশ দুস্কৃতিকাৰীয়ে বিভিন্ন পন্থা অৱলম্বন কৰিছে । ইয়াকে লৈ প্ৰকৃতিপ্ৰেমী ৰাইজ তথা বিভিন্ন সংগঠনে উদ্বেগ প্রকাশ কৰিছে । ৰঙানদী প্ৰকৃতি সুৰক্ষা আৰু বিকাশ সমিতিয়ে ইতিমধ্যে দুস্কৃতিকাৰীয়ে জলাশয়টোত চলোৱা উপদ্রৱত উদ্বেগ প্রকাশ কৰি জিলা আয়ুক্ত, জিলা বন প্ৰাধিকাৰী, আৰক্ষী অধীক্ষক আদিক স্মাৰকপত্ৰ প্ৰদান কৰিছে । জলাশয়টোত সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰি পক্ষীৰ পৰা জলজ প্রাণী, তৰু-তৃণ আদিক ৰক্ষা কৰিবলৈ তেওঁলোকে আহ্বান জনায় ।

লগতে পঢ়ক: নিঃশেষ হোৱাৰ পথত আগবাঢ়িছে বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য - Bordoibam Bilmukh Bird Sanctuary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.