ETV Bharat / state

2022-23 বিত্তীয় বৰ্ষতো লাভৰ মুখ দেখিছে পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমে - ASSAM POULTRY FARM

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 9:36 PM IST

Livestock And Poultry Corporation : পাঞ্জাবাৰীস্থিত অসম পশুধন নিগমৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন অসম পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ ৷ শেহতীয়াকৈ 2022-23 বৰ্ষতো নিগমে লাভৰ মুখ দেখিছে বুলি সদৰী কৰে তেওঁ ৷

ALPCO CHAIRMAN PRESS MEET
পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ সংবাদমেল (ETV BHARAT ASSAM)

গুৱাহাটী, 14 জুন : 2018-19 বিত্তীয় বৰ্ষত পোন প্ৰথমবাৰৰ বাবে অসম পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমে লাভৰ মুখ দেখিছিল ৷ ইয়াৰ পিচৰে পৰা নিগমে ধাৰাবাহিকভাৱে লাভৰ মুখ দেখি আহিছে ৷ এই তথ্য প্ৰকাশ কৰিছে অসম পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ৷ পাঞ্জাবাৰীস্থিত অসম পশুধন নিগমৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে ৷

লাভৰ মুখ দেখিছে পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমে (ETV BHARAT ASSAM)

সংবাদমেলত মনোজ শইকীয়াই কয় যে, শেহতীয়াকৈ 2022-23 বৰ্ষতো নিগমে লাভৰ মুখ দেখিছে ৷ 2022-23 বিত্তীয় বৰ্ষত নিগমে প্ৰায় 62 লাখ 75 হাজাৰ টকাৰ লাভ অৰ্জন কৰিছে বুলি সদৰী কৰে তেওঁ ৷ তেওঁ লগতে জনায় যে, অসমৰ প্ৰায় 23 হাজাৰ যুৱক-যুৱতীক নিগমে পশুপালনৰ ওপৰত বিনামূলীয়া প্ৰশিক্ষণ দিছে ৷ ইয়াৰে 11 হাজাৰ যুৱক-যুৱতীক বেংকৰ সৈতে যোগাযোগ কৰাই ৰাজসাহাৰ্য প্ৰদান কৰা হৈছে ৷ তেওঁলোক ইতিমধ্যে স্বাৱলম্বী হৈছে ৷

পূৰ্বে প্ৰশিক্ষণ কেৱল গুৱাহাটীতে হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত নিগমে তিনিচুকীয়া, চৰাইদেউ, ৰঙিয়া, শিৱসাগৰ , যোৰহাট আদি বিভিন্ন স্থানত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে বুলি প্ৰকাশ কৰে তেওঁ ৷ অধ্যক্ষগৰাকীয়ে লগতে বহু আত্মসমৰ্পণকাৰী আলফা, বি এল টিৰ সদস্যকো প্ৰশিক্ষণ দিয়া হৈছে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : মৰিগাঁৱত অব্যাহত নিষিদ্ধ থাইলেণ্ড মাগুৰৰ বেপাৰ - Thai Magur in Assam

তেওঁ লগতে কয় যে, কণীৰ উৎপাদনত ৰাজ্যখন এতিয়াও স্বাৱলম্বী হ’ব পৰা নাই ৷ ৰাজ্যখনত দৈনিক 40ৰ পৰা 45 লাখ কণীৰ প্ৰয়োজন হয় ৷ কিন্তু বিগত সময়তকৈ যোৱা কিছুদিন ধৰি ৰাজ্যত কণীৰ উৎপাদন বাঢ়িছে ৷ কিন্তু য’ত 40-45 লাখ কণীৰ প্ৰয়োজন তাত দৈনিক 7-8 লাখহে ৰাজ্যত উৎপাদন হয় ৷ ৰাজ্যলৈ বেছিভাগ কণী দাক্ষিণাত্যৰ পৰাই আহে বুলি উল্লেখ কৰে তেওঁ ৷ এই বিষয়ত জনসাধাৰণক সকাহ দিয়াৰ বাবে সমগ্ৰ বিষয়টো নিগমে পৰ্যালোচনা কৰিছে বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে ৷

মনোজ শইকীয়াই লগতে কয় যে, ৰাজ্যখনত মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত কণী আৰু গাহৰি উৎপাদনত গুৰুত্ব প্ৰদান কৰা হৈছে ৷ মুখ্যমন্ত্ৰীৰ ধ্বজাবাহী আঁচনিৰ জৰিয়তে বহু নিবনুৱা যুৱক-যুৱতী লাভান্বিত হৈছে ৷ বিশেষকৈ 1,394 গৰাকী উদ্যমী পশুপালকক বেংকৰ লগত সংযোগ কৰি ক্ৰেডিট লিংকেজৰ ব্যৱস্থা কৰি স্বাৱলম্বী কৰি তোলা হৈছে ৷ নিগমে বিগত বছৰত গাহৰি উৎপাদনৰ বাবে প্ৰথম পৰ্যায়ত 7 কোটি 88 লাখ টকা মোকলাই দিছে ৷

কণী উৎপাদনৰ বাবে বছৰি 2 কোটি 58 লাখ টকা ৰাজ সাহাৰ্য মোকলাই দিয়া হৈছে ৷ শেহতীয়াকৈ পুনৰ নিগমৰ তৰফৰ পৰা কণী আৰু গাহৰি উৎপাদনৰ বাবে 4 কোটি 83 লাখ টকা মোকলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ অসমত কণী আৰু গাহৰিৰ যথেষ্ট চাহিদা আছে ৷ লগতে এই ক্ষেত্ৰত উন্নত মানৰ বজাৰো নিগমে লাভ কৰিছে বুলি কয় তেওঁ ৷ আজিৰ সংবাদমেলত নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ লগতে নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি উপস্থিত থাকে ৷

লগতে পঢ়ক : দুকুৰিৰো অধিক মুগা পালকৰ পানীত হাঁহ নচৰা অৱস্থা - Muga Farmers Condition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.