ETV Bharat / state

যোৰহাট গ্ৰেণেড বিস্ফোৰণত জড়িত নাছিল দীপাংকৰ : আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী পৰিয়ালৰ - ULFA I GRENADE ATTACK

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 4:16 PM IST

Jorhat grenade attack: যোৰহাটৰ সেনা ছাউনিত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ অভিযোগনামা দাখিল NIA ৰ ৷ অভিযোগনামা নাম নাই তিতাবৰৰ যুৱক দীপাংকৰ গগৈৰ । আৰক্ষীয়ে আটক কৰাৰ কেইদিনমান পিচতেই আত্মহনন কৰিছিল দীপাংকৰে ৷ আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী ভুক্তভোগী যুৱকজনৰ পৰিয়ালৰ ।

ULFA I GRENADE ATTACK
Jorhat grenade attack (ETV Bharat Assam)

যোৰহাট, 26 জুন: ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA ই দাখিল কৰিলে যোৰহাটৰ সেনা ছাউনিত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ অভিযোগনামা ৷ নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)ই সংঘটিত কৰিছিল উক্ত বিস্ফোৰণটো ৷ 2023 বৰ্ষৰ 14 ডিচেম্বৰৰ সন্ধিয়া 7.21 বজাত সংঘটিত হৈছিল এই বিস্ফোৰণ ৷ বিস্ফোৰণত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল তিতাবৰৰ যুৱক দীপাংকৰ গগৈক ৷ কিন্তু NIA ই শেহতীয়াকৈ দাখিল কৰা অভিযোগনামাত নাম নাই দীপাংকৰ গগৈৰ ৷ যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

দীপাংকৰ গগৈৰ পৰিয়ালৰ মন্তব্য (ETV Bharat Assam)

লগতে পঢ়ক: সেনা ছাউনীত আলফা (স্বাধীন)ৰ আক্ৰমণ: পৰেশ বৰুৱাসহ চাৰি অভিযুক্তৰ বিৰুদ্ধে NIA ৰ অভিযোগনামা দাখিল - ULFA I Attack On Army Stations

বিস্ফোৰণৰ পিচতেই গ্ৰেপ্তাৰ হৈছিল দীপাংকৰ:

14 ডিচেম্বৰত যোৰহাটৰ লিচুবাৰী সেনা ছাউনিৰ সমীপত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ পিচতেই যোৰহাট আৰক্ষীয়ে আটক কৰিছিল দীপাংকৰ গগৈক ৷ তেওঁৰ বিৰুদ্ধে বিস্ফোৰণত জড়িত থকাৰ তথ্য প্ৰমাণ থকা বুলি দাবী কৰিছিল যোৰহাটৰ আৰক্ষী অধীক্ষকৰ লগতে তদন্তকাৰী বিষয়াই ৷ আৰক্ষীৰ জিম্মাত দীপাংকৰক বৰ্বৰোচিত অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপিত হৈছিল ৷ কিন্তু আৰক্ষীয়ে দাখিল কৰিব নোৱাৰিলে দীপাংকৰ জড়িত থকাৰ কোনো তথ্য প্ৰমাণ ৷ ফলত NIA ৰ অভিযোগনামাত তিতাবৰৰ বিৰিণা শায়কৰ যুৱক দীপাংকৰৰ নাম উল্লেখ কৰা নহ’ল ৷

লগতে পঢ়ক: কাৰ নিৰ্দেশত ৰাজপাল-বিপ্লৱে গ্ৰেণেড যোগান ধৰিছিল, স্পষ্ট কৰিলে যোৰহাট আৰক্ষী অধীক্ষকে

চৰম সিদ্ধান্ত লৈছিল দীপাংকৰে:

আৰক্ষীয়ে বিস্ফোৰণৰ ঘটনাত জড়িত থকাৰ অভিযোগত আটক কৰাৰ পিচত দীপাংকৰৰ ওপৰত চলাইছিল অত্যাচাৰ ৷ আৰক্ষীৰ অত্যাচাৰ তথা তেওঁৰ বিৰুদ্ধে উঠা অভিযোগে মানসিকভাৱে ভাঙি পেলাইছিল দীপাংকৰক ৷ ফলত 2023 চনৰ 26 ডিচেম্বৰত ঘৰৰ সমীপতেই আত্মহননৰ দৰে চৰম পথ বাচি লৈছিল যুৱকজনে ৷ তেতিয়াই ৰাইজে অভিযোগ উত্থাপন কৰিছিল যোৰহাট আৰক্ষীৰ বিৰুদ্ধে ৷ সেই সময়ত আৰক্ষী অধীক্ষক আছিল মোহন লাল মীনা ৷

লগতে পঢ়ক: আইচেং অসমৰ নেতৃত্বত সংঘটিত হৈছিল যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণ : আৰক্ষী

আৰক্ষী অধীক্ষকে কি কৈছিল দীপাংকৰ জড়িত থকা সন্দৰ্ভত ?

যোৰহাটৰ তদানীন্তন আৰক্ষী অধীক্ষক মোহন লাল মীনাই গ্ৰেণেড বিস্ফোৰণৰ পিচত এক সংবাদমেলত উল্লেখ কৰিছিল যে আইচেং অসমৰ সৈতে সম্পৰ্ক আছিল দীপাংকৰ গগৈৰ ৷ তেওঁ সক্ৰিয় আলফা সদস্য হিচাপে কাম কৰি গৈছিল ৷ দীপাংকৰ গগৈৰ ম’বাইল আৰু তেওঁক কৰা জেৰাৰ পৰা আৰক্ষীয়ে বিৰাজ গগৈ আৰু অচ্যুতৰ বিষয়ে জানিব পাৰিছিল বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছিল ৷

আৰক্ষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী পৰিয়ালৰ:

NIA ৰ অভিযোগনামাত দীপাংকৰ গগৈ নিৰ্দোষী বুলি প্ৰমাণ হোৱা ঘটনাই স্বাভাৱিকতেই দুখৰ মাজতো এচেৰেঙা সুখৰ ৰ’দ চটিয়াইছে তেওঁৰ পৰিয়ালৰ মনত ৷ বিনা দোষত এজন যুৱকক বিস্ফোৰণত জড়িত থকাৰ অপবাদ জাপি দি অত্যাচাৰ চলোৱাৰ লগতে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল’বলৈ বাধ্য কৰোৱা ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে দীপাংকৰৰ পৰিয়ালে ৷ এই ঘটনাৰ বাবে তদানীন্তন আৰক্ষী অধীক্ষক মোহন লাল মীনা, তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটোৱাৰী আৰু তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাসৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে দীপাংকৰ গগৈৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: দীপাংকৰ গগৈৰ মৃত্যুৰ ন্যায় বিচাৰি এজাহাৰ দাখিল

NIA ৰ অভিযোগনামাত কাৰ কাৰ নাম আছে ?

NIA ই আদালতত দাখিল কৰা অভিযোগনামাত এই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড হিচাপে উল্লেখ কৰিছে সংযুক্ত মুক্তি বাহিনী অসম(স্বা) ৰ সদস্য অভিজিৎ গগৈ ওৰফে কনক গগৈ ওৰফে ৰুমেল অসম ওৰফে আইচেং অসমৰ লগতে সংগঠনটোৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাক দোষী সাব্যস্ত কৰিছে ৷ লগতে সংগঠনটোৰ আন এগৰাকী শীৰ্ষ নেতা অৰুণোদয় দহোতীয়াৰ নামো উল্লেখ আছে অভিযোগনামাত ৷

লগতে পঢ়ক: যোৰহাটত গ্ৰেণেড বিস্ফোৰণত জড়িত যুৱকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.