ETV Bharat / state

ডুমডুমাত লাট মণ্ডলক গ্ৰেপ্তাৰ : ৰাজহ চক্ৰ বিষয়াই ধন বিচৰাৰ অভিযোগ - Assam Anti Corruption Mission

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 9:10 PM IST

Lat mandal arrested in Dooma Dooma : উৎকোচ লৈ ডুমডুমাত দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ লাট মণ্ডল জুখেশ্বৰ মৰাণ । ধনৰ ভাগ ৰাজহ চক্ৰ বিষয়াৰ জেপলৈও যায় নেকি ? ডুমডুমা ৰাজহ চক্ৰ কাৰ্যালয়ৰ প্ৰতিখন টেবুলত ধন লোৱাৰ অভিযোগ ৷

ASSAM ANTI CORRUPTION MISSION
ডুমডুমাত লাট মণ্ডলক গ্ৰেপ্তাৰ (ETV Bharat Assam)

তিনিচুকীয়া, ২৯ আগষ্ট : ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সততে কৈ থকা দুৰ্নীতিমুক্ত অসমখন যেন একমাত্ৰ শ্ল’গানতেই সীমাবদ্ধ হৈ ৰ’ল । কিয়নো শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰ কাৰ্যালয়ৰ প্ৰতিখন টেবুলত ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

ধন নিদিলে কাম নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ডুমডুমাৰ ববী বৰা নামৰ এগৰাকী সচেতন মহিলাই ৷ সেইগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিতেই আজি ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মণ্ডল জুখেশ্বৰ মৰাণক ধন লৈ থকাৰ সময়তেই হাতেলোটে কৰায়ত্ব কৰে অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাৰ এটা বৃহৎ দলে ৷ জুখেশ্বৰ মৰাণক কৰায়ত্ব কৰাৰ কথা ইতিমধ্যে ‘X’ ত অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাই ৰাজহুৱা কৰিছে ।

অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাক অভিযোগ দাখিল কৰা ডুমডুমাৰ সচেতন মহিলাগৰাকীৰ ভাষ্য অনুসৰি, মহিলাগৰাকীৰ নামত থকা মাটিৰ কাগজৰ পৰা এটা নাম কৰ্তন কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা ডুমডুমা ৰাজহচক্ৰ কাৰ্যালয়লৈ দৌৰি আছিল ৷ চৰকাৰীভাৱে যি মাচুল আদায় দিব লাগে সেয়া দিয়াৰ পিছতো লাট মণ্ডল জুখেশ্বৰ মৰাণে মহিলাগৰাকীক ৰাজহ চক্ৰ বিষয়াই ৪০ হাজাৰ টকা ল’বলৈ কৈছে বুলি জনায় । উক্ত ৪০ হাজাৰ টকাটো নিদিলে কাম নহ’ব বুলি উল্লেখ কৰে ৷

অৱশেষত কোনো উপায় নাপাই ডুমডুমা আৰক্ষী থানাত মহিলাগৰাকীয়ে উপস্থিত হৈ সমগ্ৰ বিষয়টো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক অৱগত কৰে আৰু আৰক্ষী বিষয়াগৰাকীয়েই অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাৰ কাষ চপাৰ পৰামৰ্শ দিয়ে ৷ পৰৱৰ্তী সময়ত অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাৰ সৈতে মহিলাগৰাকীয়ে যোগাযোগ কৰাৰ দুটা দিনৰ পিছত সকলো তথ্যপাতি লৈ আজি জুখেশ্বৰ মৰাণক কৰায়ত্ব কৰে ৷

সদায় এনেদৰেই ডুমডুমা ৰাজহ চক্ৰ কাৰ্যালয়ত প্ৰতিখন টেবুলত ধন লৈ লৈ কাম কৰি আছে বুলি অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে । প্ৰয়োজন সাপেক্ষে সকলো তথ্য অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাত দাখিল কৰিব বুলি সদৰী কৰে ৷ আনহাতে, মহিলাগৰাকীক ধৃত লাট মণ্ডলজনে ধনখিনি ৰাজহ চক্ৰ বিষয়াই ল’বলৈ কৈছে বুলি স্পষ্টকৈ কোৱাৰ পিছত এতিয়া ৰাজহ চক্ৰ বিষয়াগৰাকী আইনৰ আওতালৈ আহিব নে নাহে সেয়া এক লাখটকীয়া প্ৰশ্ন হৈ ৰ’ব ৷

লগতে পঢ়ক : অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ আৰক্ষী

মৃত ব্যক্তিৰ বেংক একাউন্টৰ ধনো বাদ নপৰিল গুলেনুৰৰ পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.