ETV Bharat / state

বিদেশৰ পৰা আহি আছে ভগ্নী; এতিয়াও থিৰাং হোৱা নাই শিলাদিত্য চেতিয়াৰ শেষকৃত্যৰ দিন - SHILADITYA CHETIA COMMITS SUICIDE - SHILADITYA CHETIA COMMITS SUICIDE

Former IPS officer shiladitya chetia: বৰ্তমানেও চূড়ান্ত হোৱা নাই ৰাজ্যৰ গৃহ বিভাগৰ সচিব শিলাদিত্য চেতিয়া আৰু পত্নী আগমনী বৰবৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিন ৷ বুধবাৰৰ দিনটোত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱাই ৷

last rites of former ips officer shiladitya chetia likely to be held on friday
একেলগে সম্পন্ন হ’ব চেতিয়া দম্পতীৰ অন্ত্যেষ্টিক্ৰিয়া (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 2:02 PM IST

গুৱাহাটী, 19 জুন: পত্নীপ্ৰেমৰ বাবেই চৰম পন্থা গ্ৰহণ কৰে 2009 বৰ্ষৰ আই পি এছ বিষয়া শিলাদিত্য চেতিয়াই ৷ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা বিষয়াগৰাকীৰ পত্নী আগমনী বৰবৰুৱাৰ 18 জুনৰ দিনা মৃত্যু হোৱাৰ ক্ষন্তেক সময় পাচতে ছাৰ্ভিচ ৰিভলভাৰৰে মূৰত গুলীয়াই আত্মহত্যা কৰে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ৷

নেমকেয়াৰ হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ হিতেশ বৰুৱা (Etv bharat assam)

অৱশ্যে দম্পতীটোৰ শেষকৃত্য কেতিয়া সম্পন্ন কৰা হ'ব, সেয়া এতিয়াও চূড়ান্ত হোৱা নাই ৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে নেমকেয়াৰ হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ হিতেশ বৰুৱাই ৷

বিশিষ্ট চিকিৎসকগৰাকীয়ে জনোৱা অনুসৰি, মৃত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ ভগ্নী আয়াৰলেণ্ডৰ বাসিন্দা ৷ শুকুৰবাৰে চেতিয়াৰ ভগ্নী আহি গুৱাহাটীত উপস্থিত হোৱাৰ কথা । ভগ্নী উপস্থিত নোহোৱা সন্দৰ্ভত পৰ্যন্ত শেষকৃত্যৰ দিনৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা নহ’ব বুলি জনায় বৰুৱাই ।

লগতে পঢ়ক: ৰাজ্যৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ আত্মহনন : পত্নীক হেৰুৱাই মুহূৰ্ততে ল'লে চৰম সিদ্ধান্ত - Shiladitya Chetia commits suicide

বিশিষ্ট চিকিৎসকগৰাকীয়ে পুনৰ কয়, "আৰু দুই ঘণ্টাৰ ভিতৰত পৰিয়ালৰ লোকে মেডিকেল কৰ্তৃপক্ষক জনাব, কেতিয়া কি কৰা হ’ব । আজিয়েই কৰা হ’ব নে শুকুৰবাৰলৈ ৰ’ব, দুঘণ্টাৰ ভিতৰত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে । যদি শুকুৰবাৰলৈ পৰিয়ালৰ লোকে অপেক্ষা কৰিবলৈ অনুৰোধ জনায়, তেন্তে নেমকেয়াৰ হাস্পতালৰ মৰ্গতে ৰখা হ’ব চেতিয়া দম্পতীৰ নশ্বৰদেহ ।

শেষকৃত্য একেলগেই সম্পন্ন কৰা হ’ব দুয়োগৰাকীৰ । শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ পত্নী আগমণি বৰবৰুৱা চিকিৎসাধীন হৈ থকা সময়ত তেওঁৰ পৰিয়ালৰ লোকো উপস্থিত আছিল নেমকেয়াৰ হাস্পতালত । দুয়ো স্বামী-স্ত্ৰীৰ সম্পৰ্ক আছিল অতি আত্মিক ।

উল্লেখ্য যে, মঙলবাৰে সংঘটিত হৈছিল ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা এই শোকাৱহ ঘটনাটো । পত্নীৰ মৃত্যুৰ কিছুসময়ৰ পিছতেই নিজৰ চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই হাস্পতালতেই আত্মহত্যা কৰিছিল ৰাজ্যৰ গৃহ বিভাগৰ সচিব শিলাদিত্য চেতিয়াই ।

জানিব পৰা মতে, কৰ্কট ৰোগত আক্ৰান্ত হৈ শিলাদিত্য চেতিয়াৰ পত্নী আগমণি বৰবৰুৱা বিগত দুমাহ ধৰি চিকিৎসাধীন হৈ আছিল । বিগত তিনিদিন ধৰি পত্নীৰ অৱস্থা সংকটজনক হৈ আছিল । মঙলবাৰে 4.30 বজাত চেতিয়াৰ পত্নীৰ মৃত্যু ঘটে । তেওঁ তাৰপাছতে আই চি ইউৰ ভিতৰত থকা চিকিৎসক-নাৰ্চক পত্নীৰ হকে প্ৰাৰ্থনা কৰিব বুলি জনাই উপস্থিত আটাইকে বাহিৰলৈ ওলাই যাবলৈ কৈছিল ।

ইয়াৰ পাচতেই নিজৰ চাৰ্ভিছ পিষ্টলেৰে আত্মহননৰ পথ গ্ৰহণ কৰে ৰাজ্যৰ গৃহ বিভাগৰ সচিবগৰাকীয়ে ৷ হঠাতে হোৱা প্ৰচণ্ড শব্দত চিকিৎসক-নাৰ্চে ভিতৰলৈ সোমাই গৈ চেতিয়াক মজিয়াত পৰি থকা দেখে আৰু বচাবলৈ চেষ্টা কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷

বিশেষ টোকা: যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ) ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.