ETV Bharat / state

খোল খালে কামাখ্যা মন্দিৰৰ দ্বাৰ : ভক্তৰ ভিৰত বিৰ দি বাট নোপোৱা অৱস্থা - AMBUBACHI MELA 2024

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 1:47 PM IST

Ambubachi mela myths and facts : অম্বুবাচীৰ নিবৃত্তিৰ পিছত নীলাচলৰ বুকুত ভৰি দিবলৈও যেন ঠাইৰ অভাৱ ৷ উপস্থিত প্ৰতিগৰাকীৰে উদ্দেশ্য মাক এবাৰ দৰ্শন কৰাটো ৷ কেৱল সেয়াই নহয়, প্ৰসাদ হিচাপে মাৰ অংগবস্ত্ৰ খন পাবলৈ হেঁপাহ সকলোৰে ৷ পিছে কি এই অংগবস্ত্ৰ, জানিবলৈ চাওক এই প্ৰতিবেদন ৷

AMBUBACHI MELA 2024
ভক্তৰ ভিৰত বিৰ দি বাট নোপোৱা অৱস্থা (ETV Bharat Assam)

গুৱাহাটী, 26 জুন: বুধবাৰৰ পুৱাই ভক্তৰ বাবে খালে কামাখ্যা মন্দিৰৰ দুৱাৰ । অম্বুবাচীৰ নিবৃত্তিৰ পিছতেই উখল-মাখল হৈ পৰিছে কামাখ্যাৰ বক্ষ । পুৱা দেৱীৰ নিত্য পূজাৰ পাছত ভক্তগণৰ বাবে পুনৰ খুলি কৰি দিয়া হ মন্দিৰৰ মূল দুৱাৰ। 22 জুনৰ পৰা 25 জুন পৰ্যন্ত থকা অম্বুবাচীৰ বাবে কামাখ্যা মন্দিৰৰ দ্বাৰ বন্ধ হৈ আছিল ভক্তৰ বাবে ।

খোল খালে কামাখ্যা মন্দিৰৰ দ্বাৰ (ETV Bharat Assam)

22 জুনৰ পুৱা 8 বাজি 43 মিনিট 39 ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি ঘটাৰ পিছৰে পৰা তিনিদিন বন্ধ হৈ আছিল মন্দিৰৰ মূল দুৱাৰ । মঙলবাৰে নিশা 9 বাজি 5 মিনিটত নিবৃত্তি হোৱাৰ পিছতে বুধবাৰৰ পুৱাৰে পৰা ভক্তৰ বাবে খুলি দিয়া হয় কামাখ্যা মন্দিৰৰ দুৱাৰ । নিবৃত্তি হোৱাৰ পাছতে মন্দিৰ দৰ্শন কৰিবলৈ নিশাৰে পৰা দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে ভক্তসকলে ।

লগতে পঢ়ক: প্ৰৱঞ্চকৰ জালত নপৰিবলৈ ভক্তক আহ্বান কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ - Maa Kamakhya Temple

উল্লেখ কৰা প্ৰয়োজন যে, অম্বুবাচী আৰম্ভ হোৱাৰ লগে লগে নীলাচলৰ বুকুত বিভিন্ন বেশ ভূষাৰে সাধু সন্ন্যাসীয়ে ভৰি পৰাৰ উপৰিও ভক্তিৰ লানি নিছিনা সোঁত বৈছে । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তই অম্বুবাচীৰ সময়ত কামাখ্যা মন্দিৰলৈ আহিছে । বুধবাৰৰ দিনটোত 7-8 লাখ ভক্তৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰিছে দেৱালয় কৰ্তৃপক্ষই ।

ভক্তৰ সমাগম এইবাৰ যথেষ্ট বৃদ্ধি হোৱাৰ বাবে আৰু সেই অনুপাতে দেৱালয় কৰ্তৃপক্ষই সা-সুবিধাৰ ব্যৱস্থা নকৰাৰ ফলত ভক্তসকল সমস্যাৰ সন্মুখীন হৈছে বুলি স্বীকাৰ কৰে কৰ্তৃপক্ষই । সমান্তৰালভাবে, ভক্তসকলেও এইবাৰ ব্যৱস্থা ভাল নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে ।

অম্বুবাচীৰ নিবৃত্তিৰ সৈতে চৰ্চিত বিষয়

অম্বুবাচীৰ নিবৃত্তিৰ সৈতে জড়িত এটা তথাকথিত কেইটামান বিষয় হ’ল সঁচাকৈ মাৰ চৰণত দিয়া বগা কাপোৰখন ৰঙা হৈ যায় নেকি ? অম্বুবাচীৰ সময়ত ব্ৰহ্মপুত্ৰৰ পানী সঁচাকৈ ৰঙা হৈ যায় নেকি ? ইয়াৰ প্ৰকৃত সত্য কি"অম্বুবাচীৰ সময়ত মা কামাখ্যাৰ চৰণত কোনো বগা কাপোৰ দিয়া নহয় । বগা কাপোৰ ৰঙা নহয় । অম্বুবাচীৰ সময়ত সদায় কামাখ্যাক ৰঙা অংগ বস্ত্ৰ দিয়া হয় । এনে ধৰণৰ কোনো কথাৰ প্ৰমাণ নাই -" এই মন্তব্য কামাখ্যা দেৱালয়ৰ সৰু দলৈ হিমাদ্ৰী শৰ্মাৰ ।

শৰ্মাই পুনৰ কয়, "সাধুলোকেহে এনেধৰণৰ কথা প্ৰচাৰ কৰে । মা কামাখ্যাৰ এই অংগবস্ত্ৰ ভক্তসকলৰ প্ৰসাদ হিচাপে দিয়া হয় । কিন্তু একাংশ লোকে এই কাপোৰখনক লৈ ব্যৱসায় কৰে । এনে লোক ধৰা পৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । কিয়নো এই কাপোৰখন বিক্ৰী কৰা নহয় ।"

লগতে পঢ়ক: নীলাচলত ধ্যান এৰি প্ৰতিবাদত বহিল সাধু-সন্যাসী - Protest at Kamakhya

ক’ত থব লাগে মা কামাখ্যাৰ ৰঙা কাপোৰখন

অম্বুবাচীৰ নিবৃত্তিৰ পিছত প্ৰসাদ হিচাপে মা কামাখ্যাৰ অংগবস্ত্ৰখন পোৱাৰ পিছত সেইখন নিজৰ ঘৰৰ গোঁসাইৰ থাপনাত নাইবা ল’কাৰত ৰাখিব পাৰে । নহ’লে কৱচ হিচাপে তাবিচ বনায়ো গাত ল'ব পাৰে । এই মা কামাখ্যাৰ অংগবস্ত্ৰ লগত ৰাখিলে বা ঘৰত ৰাখিলে কোনো বিপদ নাহে বুলি জনবিশ্বাস আছে ।

আনহাতে সৰু দলৈ হিমাদ্ৰী শৰ্মাই কয়, "ব্ৰহ্মপুত্ৰৰ পানী এই সময়ছোৱাত ৰঙা হয় । কিয়নো ব্ৰহ্মপুত্ৰ ৰঙা নদী । অম্বুবাচীৰ সময়ত ৰজঃস্বলা হয় । প্ৰকৃতি ৰঙা হৈ পৰে কিন্তু আমি দেখা নাপাওঁ ।"

লগতে পঢ়ক: ভণ্ড বাবাৰে ভৰি পৰিছে কামাখ্যা : কি ব্যৱস্থা গ্ৰহণ মন্দিৰ সমিতিৰ - Kamakhya temple

কামাখ্যা মন্দিৰৰ ঐতিহ্য আৰু জনবিশ্বাস : ৰহস্যৰে ভৰা আধ্যাত্মিকতাৰ নীলাচল পাহাৰ - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.