ETV Bharat / state

লখিমপুৰবাসীয়ে পুনৰ আদৰিবনে প্ৰদান বৰুৱাক ? - বিজেপি লোকসভা নিৰ্বাচন

Lok Sabha Election 2024: শনিবাৰে বিজেপিয়ে লখিমপুৰ লোকসভাৰ দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । বিগত ২০১৯ চনৰ নিৰ্বাচনত সাত লক্ষ্যাধিক ভোট লাভ কৰি সাংসদৰূপে নিৰ্বাচিত হোৱা প্ৰদান বৰুৱাক দলে এইবাৰো প্ৰাৰ্থিত্ব প্ৰদান কৰে । এই লৈ লখিমপুৰীয়া একাংশ ৰাইজে প্ৰকাশ কৰিছে ভিন্ন প্ৰতিক্ৰিয়া ।

Public opinion for or against the ruling party in Lakhimpur
লখিমপুৰবাসী পুনৰ আদৰিবনে প্ৰদান বৰুৱাক ?
author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 1:50 PM IST

লখিমপুৰবাসী পুনৰ আদৰিবনে প্ৰদান বৰুৱাক ?

লখিমপুৰ,৩ মাৰ্চ: লোকসভা নিৰ্বাচন-২০২৪ ৰ বাবে শনিবাৰে বিজেপিয়ে ঘোষণা কৰে প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ অসমত ১৪ খন আসনৰ ভিতৰত ১১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে । আটাইকেইখন আসনতে প্ৰাৰ্থী ঘোষণা কৰে শাসকীয় দলটোৱে বিজেপিয়ে ।

বিগত নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিত সাত লক্ষ্যাধিক ভোটত বিজয়ী হোৱা প্ৰদান বৰুৱাকে পুনৰ প্ৰাৰ্থিত্ব দিলে বিজেপিয়ে । ইয়াৰ পিচতেই লখিমপুৰৰ ৰাইজ প্ৰকাশ কৰিছে ভিন্ন প্ৰতিক্ৰিয়া । আনহাতে তিনি লক্ষাধিক ভোটৰ ব্যৱধানত পৰাস্ত হোৱা কংগ্রেছৰ এইবাৰ ৰণকৌশল হ’ব লক্ষ্যণীয় । বিগত ২০১৯ চনৰ লোকসভা নির্বাচনত লখিমপুৰ লোকসভা সমষ্টিত ৭ লাখ ৭৬ হেজাৰ ৪০৬ টা ভোটত বিজয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ।

তেওঁ কংগ্রেছৰ প্ৰাৰ্থী অনিল বৰগোঁহাইক ৩ লাখ ৫০ হেজাৰ ৫৫১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল । কংগ্রেছৰ প্ৰাৰ্থীগৰাকীয়ে পাইছিল ৪ লাখ ২৫ হেজাৰ ৮৫৫ টা ভোট । মুঠ ৯ টা বিধানসভা সমষ্টি থকা লখিমপুৰ লোকসভা সমষ্টিত সেই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই সৰ্বাধিক ভোট লাভ কৰিছিল জোনাই সমষ্টিত ।

জোনাই সমষ্টিত তেওঁ সৰ্বাধিক ১ লাখ ৫৭ হেজাৰ ২৬৪ টা ভোট লাভ কৰিছিল । সমষ্টিটোত কংগ্রেছৰ প্ৰাৰ্থীজনে কিন্তু বিজেপিৰ প্ৰাৰ্থীয়ে পোৱা ভোটৰ আধাও পাবলৈ সক্ষম নহ'ল । সমষ্টিটোত কংগ্রেছৰ প্ৰাৰ্থীজনে লাভ কৰিছিল ৪৭ হেজাৰ ৯৩২ টা ভোট ।

উল্লেখ্য যে, সেই নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল ১১ জনকৈ বিভিন্ন দল তথা নিৰ্দলীয় প্ৰাৰ্থীয়ে । এই সকলৰ ভিতৰত বিজেপিৰ প্ৰদান বৰুৱাই ৭ লাখ ৭৬ হেজাৰ ৪০৬ টা ভোট, কংগ্রেছৰ প্ৰাৰ্থী অনিল বৰগোঁহাইয়ে ৪ লাখ ২৫ হেজাৰ ৮৫৫ টা ভোট, এনচিপিৰ অনুপ প্ৰতীম বৰবৰুৱাই ৪ হেজাৰ ৫২৭টা, চিপিআই(এম) ৰ অমিয় কুমাৰ সন্দিকৈয়ে ১২ হেজাৰ ৮০৯ টা, চিপিআই ৰ অৰূপ কলিতাই ১৩ হেজাৰ ৩৭৮ টা ভোট লাভ কৰিছিল ।

আনহাতে অসম জন মৰ্চাৰ উবেইদুৰ ৰহমানে ৮ হেজাৰ ৭৩৮ টা, অসম দৃষ্টি পাৰ্টীৰ দিলীপ মৰাণে ৮ হেজাৰ ২৮৫ টা, ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ ভূপেন নৰহে ৫ হেজাৰ ৫৮১ টা, এছইউচিআই (চি) ৰ হেমকান্ত মিৰিয়ে ৪ হেজাৰ ৩৪ টা আৰু দুই নিৰ্দলীয় প্ৰাৰ্থী আম্বাজ উদ্দিনে ৩ হেজাৰ ৮৯০ টা আৰু প্ৰভূলাল বৈষ্ণবে ৪ হেজাৰ ৮৬৬ টা ভোট লাভ কৰিছিল । নিৰ্বাচনটোত সৰ্বমুঠ ১২ লাখ ৮৩ হেজাৰ ৯৫০ টা ভোট পলিং হৈছিল ।

শেহতীয়া সেই নিৰ্বাচনৰ তথ্যই লখিমপুৰ লোকসভা সমষ্টিত শাসকীয় বিজেপি দলৰ শক্তিশালী স্থিতিৰ স্পষ্ট প্ৰতিচ্ছবি তুলি ধৰিছে । বিপৰীতে প্ৰধান বিৰোধী দল কংগ্রেছৰ স্থিতিও উলাই কৰিব নোৱাৰিলেও ভোটৰ ব্যৱধান আছিল তিনি লক্ষাধিক । সম্প্রতি বিজেপি দলে পূৰ্বৰ শক্তিশালী প্ৰাৰ্থী প্ৰদান বৰুৱাকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । বিপৰীতে কংগ্রেছ দলে এই পৰ্যন্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ।

বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাচতে এতিয়া কংগ্রেছ দলে তেওঁৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰাৰ্থী সাজু কৰিবলৈ চিন্তা কৰিব লাগিব । কিয়নো শাসকীয় দলৰ জয় জয় ময় ময় হৈ থকা এই সময়ত পূৰ্বৰ শক্তিশালী প্ৰাৰ্থীজনকে বিজেপিয়ে ৰণাংগনত নমোৱাৰ পাচত কংগ্রেছে তেওঁক প্ৰতিহত কৰিব পৰা শক্তিশালী ব্যক্তিত্বৰ প্ৰাৰ্থী বাচনি নাইবা নিৰ্বাচনী ৰণকৌশল এই সকলো দিশ সুক্ষ্মভাৱে বিশ্লেষণ কৰিব লাগিব ।

কিয়নো ১৯৫২ চনৰ পৰা সৰহভাগ সময় কংগ্রেছৰ দখলত থকা সমষ্টিটোত শেহতীয়াকৈ বিজেপিৰ স্থিতি বহুগুণে উচ্চ হৈ আছে । বিগত নিৰ্বাচনত তিনি লক্ষাধিক ভোটৰ ব্যৱধানত কংগ্রেছ দল পৰাস্ত হোৱাটো ইয়াৰ উৎকৃষ্ট নিদৰ্শন । আনহাতে লক্ষ্যণীয় কথাটো হ'ল বিগত নিৰ্বাচনত ১১ জন প্ৰাৰ্থীৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই ৭ লাখ ৭৬ হেজাৰ ৪০৬ টা ভোট পোৱাৰ বিপৰীতে কংগ্রেছৰ প্ৰাৰ্থীসহ আন দহজন প্রার্থীৰ প্ৰাপ্ত ভোটৰ সংখ্যা একেলগ কৰিলেও তেওঁৰ সমান নহয়গৈ ।

দহজন প্রার্থীৰ প্ৰাপ্ত ভোটৰ সংখ্যা একেলগ কৰিলে ৪ লাখ ৯১ হেজাৰ ৯৬৩ টা হে হয়গৈ । এই তথ্যই সমষ্টিটোত বিজেপিৰ স্থিতি যে বহুগুণে মজবুত সেই কথা প্ৰতীয়মান কৰিছে । অৱশ্যে পৰিৱৰ্তিত পৰিস্থিতিয়ে পূৰ্বৰ তুলনাত বিজেপিৰ স্থিতি কিছু দুৰ্বল কৰাৰ সম্ভাৱনাও নথকা নহয় ।

এই ক্ষেত্ৰত বিৰোধী দলে কেনেদৰে বিজেপিৰ বিৰোধী ঢৌ সৃষ্টি কৰিব পাৰে, নাইবা শাসকীয় দলৰ কেতবোৰ কাম-কাজত অসন্তুষ্ট ৰাইজৰ সমৰ্থন নিজৰ অনুকুলে আনিবলৈ সক্ষম হয় সেইয়া সময়ে নিৰূপণ কৰিব । লখিমপুৰৰ একাংশ ৰাইজে প্ৰদান বৰুৱাক নিমাতী কন্যা, অকৰ্মন্য বুলি অভিহিত কৰি এইবাৰ বিৰোধী দলৰ জয়ৰ সম্ভাবনা প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই আকৌ নিশ্চিতভাৱে তেৱেঁই জয়ী হ'ব বুলি মত প্রকাশ কৰিছে ।

লগতে পঢ়ক: প্ৰাৰ্থিত্ব লাভ কৰিয়েই প্ৰাক্তন সাংসদৰ কাষত সুৰেশ বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.