ETV Bharat / state

অবৈধভাবে সুদখোৰ লোকৰ বিৰুদ্ধে সষ্টম লখিমপুৰ আৰক্ষী - অবৈধভাবে সুদ প্ৰদান

Lakhimpur crime: ৰাজ্যৰ জিলাই জিলাই চলি আছে একাংশ অবৈধভাবে সুদলৈ টকা প্ৰদান কৰা লোকৰ দপদপনি । এনে লোকৰ বাবেই বহু পৰিয়াল সৰ্বশ্ৰান্ত হ’বলগীয়া হৈছে । শেহতীয়াকৈ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ সজাগ হৈছে । ব্যবস্থা গ্রহণৰ নিৰ্দেশ দিছে আৰক্ষীক । লখিমপুৰ আৰক্ষীয়েও এই ক্ষেত্ৰত সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে । ৰাইজলৈ প্ৰদান কৰিছে বাৰ্তা ।

illegal interest payers
অবৈধ সুদখোৰৰ বিৰুদ্ধে সষ্টম লখিমপুৰ আৰক্ষী
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 8:10 AM IST

Updated : Feb 18, 2024, 8:41 AM IST

অবৈধভাবে সুদ প্ৰদান কৰা লোকৰ বিৰুদ্ধে সষ্টম লখিমপুৰ আৰক্ষী

লখিমপুৰ, 18 ফেব্ৰুৱাৰী: অবৈধভাবে সুদত টকা প্ৰদান কৰা লোকৰ বিৰুদ্ধে সষ্টম লখিমপুৰ আৰক্ষী । মুকলি কৰিলে যোগাযোগৰ নম্বৰ । নকল সোণ, জালনোট আদিৰ ক'লা সাম্ৰাজ্যখনৰ সমান্তৰালকৈ লখিমপুৰত কাবুলীৰ ৰূপত আছে একাংশ অবৈধ সুদখোৰ । কাবুলীতকৈয়ো উচ্চ হাৰত সুদলৈ টকা দিয়ে বুলি অভিযোগ আছে এইসকলৰ বিৰুদ্ধে ।

বৈধ কোনো নথি-পত্ৰ অবিহনে এইসকল লোকে এনে বেহা চলাই গৈছে বুলি স্থানীয় লোকে জনায় । জানিব পৰা মতে, কোনো লোকৰ আৰ্থিক দুৰৱস্থাৰ সুযোগ লৈ এইসকল লোকে টকা সুদলৈ দি সেই লোকজনক উচ্চ হাৰত সুদ বিচাৰি হাৰাশাস্তি কৰে । আনকি সুদ পৰিশোধ কৰিবলৈ ঘৰৰ সা-সম্পত্তি পৰ্যন্ত বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় বহুলোকৰ ৷

কেৱল লখিমপুৰতে নহয়, ৰাজ্যৰ বিভিন্ন জিলাতো চলি আছে সদৃশ কাৰবাৰ । শেহতীয়াকৈ তেনে কাণ্ডৰ বলি হৈ আত্মহননৰ দৰে পথ বাচি লোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও সংঘটিত হৈছে । যাৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী বিভাগ । লখিমপুৰ আৰক্ষীও এই ক্ষেত্ৰত সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে । তেনে অবৈধ সুদখোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষী সষ্টম হৈ আছে । ইয়াৰ বাবে আৰক্ষী বিভাগে ৰাইজৰ সহযোগিতা আহ্বান কৰিছে ।

আৰক্ষীয়ে লখিমপুৰ জিলাখনত ইয়াৰ বাবে দুটা মোবাইল ফোন নম্বৰ ৰাইজৰ বাবে মুকলি কৰি দিছে । তেনে অবৈধ সুদখোৰৰ সন্ধান পালে আৰক্ষী নিয়ন্ত্রণ কক্ষ 6026900861 নম্বৰত নাইবা 9435760899 নম্বৰৰ ৱাটচএপ যোগে আৰক্ষীক জনাবলৈ আহ্বান জনাইছে । তথ্য যোগান ধৰাসকলৰ পৰিচয় গোপনে ৰখা হ’ব বুলি আৰক্ষী বিভাগে নিশ্চিতি প্ৰদান কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সামাজিক মাধ্যমযোগে আৰক্ষীয়ে ৰাইজলৈ বিলাইছে এই বাৰ্তা । এই আহ্বানৰ প্ৰতি ৰাইজৰ সহাঁৰি আশা কৰিছে লখিমপুৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক: নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ 3 অভিযুক্ত

Last Updated : Feb 18, 2024, 8:41 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.