ETV Bharat / state

সুনীল গগৈক মুখ্য পলাতক আচামী ঘোষণা : সন্ধান দিওতাই পাব পুৰস্কাৰ - Dhakuakhana Murder case

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:04 PM IST

Sunil Gogoi: জাহাংগীৰ হত্যাকাণ্ডৰ গোচৰত সুনীল গগৈক পলাতক আচামী ঘোষণা লখিমপুৰ আৰক্ষীৰ ৷ সুনীল গগৈৰ সন্ধান দিওতালৈ পুৰস্কাৰো ঘোষণা কৰিছে আৰক্ষীয়ে ৷ গোপনে ৰখা হ’ব সন্ধান দিওতাৰ পৰিচয় ৷

Sunil Gogoi
DHAKUAKHANA MURDER CASE (ETV Bharat Assam)

লখিমপুৰ, ২০ জুন: লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত সংঘটিত ৰাজ্য কঁপোৱা ৰহস্যজনক হত্যাকাণ্ডটোৱে নতুন মোৰ লোৱাৰ পাচত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে এই ঘটনাত । আৰক্ষীয়ে মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰ বুলি ঘোষণা কৰাৰ লগতে সুনীল গগৈৰ সন্ধান চলাইছে ।

ছিন্ন মুণ্ডৰ সন্ধানৰ লগতে সুনীল গগৈৰ সন্ধানত তেওঁৰ পত্নী, পুত্ৰ, ভতিজাকক জেৰা কৰি আছে আৰক্ষীয়ে । এনে সময়তে বৃহস্পতিবাৰে সন্ধিয়া জিলা আৰক্ষী অধীক্ষকে এক ৰাজহুৱা জাননী জাৰি কৰি সুনীল গগৈক মুখ্য পলাতক আচামী ৰূপে সাব্যস্ত কৰি তেওঁৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে ।

লখিমপুৰৰ ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱত যোৱা এক জুনৰ নিশা সংঘটিত লোমহর্ষক হত্যাকাণ্ডটোত সুনীল গগৈক মুখ্য অভিযুক্ত হিচাপে আৰক্ষীয়ে ঘোষণা কৰিছে । বৃহস্পতিবাৰে সন্ধিয়া জিলাৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা এখন ৰাজহুৱা জাননীত এই কথা উল্লেখ কৰিছে ।

লগতে পঢ়ক: সুনীল গগৈৰ বাসগৃহৰ চৌহদৰ পুখুৰীত জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধান - Dhakuakhana Murder Case

জিলা আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা জাননীখনত উল্লেখ কৰা হৈছে যে উক্ত ঘটনা সন্দৰ্ভত ঢকুৱাখনা থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ B/৩০২/২০১/৩৪ ধাৰাৰ অধীনত পঞ্জীয়ন হোৱা ৪৮/২০২৪ নম্বৰৰ গোচৰটোৰ মুখ্য অভিযুক্ত হ’ল ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ প্ৰয়াত লেখন গগৈৰ পুত্ৰ সুনীল গগৈ ।

যোৱা ১ জুনৰ পৰা তেওঁ পলাতক হৈ আছে । কোনো লোকে সুনীল গগৈক প্ৰত্যক্ষ কৰিলে সমীপৰ পুলিচ থানা নাইবা ঢকুৱাখনা থানাৰ অ’চিক ৯৪০১৩৯৩০৯৭ নম্বৰত অথবা আৰক্ষীৰ পিচিআৰক ৬০২৬৯০০৮৬১ নম্বৰত জনাবলৈ আৰক্ষীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে । খবৰ দিওঁতাৰ পৰিচয় সম্পূর্ণ গোপনে ৰখাৰ লগতে তেওঁক পুৰস্কৃত কৰা হ’ব বুলিও জাননীখনত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক: সুনীল গগৈ নহয়, মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰহে আছিল - Dhakuakhana Murder Case

সুনীল গগৈৰ তিনিখনকৈ ফটো সংলগ্ন কৰি আৰক্ষীয়ে এই জাননীখন ৰাজহুৱা কৰি পলাতক সুনীল গগৈৰ সন্ধান দিবলৈ ৰাইজক আহ্বান জনাইছে । উল্লেখ্য যে সুনীল গগৈৰ সন্ধানত আৰক্ষীয়ে এনে ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও তেওঁৰ পত্নী, পুত্ৰ আৰু ভতিজাকক জেৰা কৰি আছে । বুধবাৰৰ দিনটো ঢকুৱাখনা থানাত তেওঁলোকক জেৰা কৰাৰ অন্তত সন্ধিয়া যাবলৈ দিয়ে যদিও বৃহস্পতিবাৰে পুনৰ মাতি পঠিয়াই ।

আজিৰ দিনটোতো তেওঁলোকক জেৰা কৰি সন্ধিয়া যাবলৈ দিয়ে । আনহাতে জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধানত আৰক্ষীয়ে আজি সুনীল গগৈৰ বাসগৃহৰ চৌহদত থকা দুটাকৈ পুখুৰীত এছ ডি আৰ এফৰ সহযোগত অভিযান চলাই যদিও সফল নহ’ল । ঘটনাটোত আৰক্ষীয়ে সুনীল গগৈক মুখ্য পলাতক অভিযুক্তৰূপে সাব্যস্ত কৰি কৰায়ত্ত কৰিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলাইছে ।

লগতে পঢ়ক: ঢকুৱাখনাৰ হত্যাকাণ্ড : সুনীল গগৈৰ পৰিয়ালৰ সদস্যক আৰক্ষীৰ জেৰা - DHAKUAKHANA MURDER CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.